“ইমাৰজেন্সিৰ সেই ভয়াৱহ স্মৃতিবোৰ “
শশীকান্ত চৌথাইৱালে
১৯৭৫ চনৰ ২৬ জুন তাৰিখে উত্তৰ গুৱাহাটীৰ আউনীআটী সত্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰশিক্ষণ শিবিৰত ৰাতিপুৱা ৪:০০ বজাত টোপনি ভঙাৰ লগে লগে যেন সূৰ্য্যটোক আন্ধাৰে আৱৰি ধৰিলে । শিক্ষাৰ্থীসকলক জগাবলৈ অহা শিক্ষকসকলৰ মাতবোৰও হঠাৎ স্তব্ধ হৈ পৰিছিল । চাৰিওফালে এক স্তম্ভিত পৰিবেশ। ১৯৭৫ চনৰ ২৫ জুনৰ নিশা তেতিয়াৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীয়ে দেশত আভ্যন্তৰীণ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছত কংগ্ৰেছবিৰোধী সকলো দলৰ মুখ্য নেতাসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ১৯৭২ চনত ৰায়বৰেলীৰ পৰা নিৰ্বাচিত সাংসদ শ্ৰীমতী গান্ধীয়ে দুৰ্নীতিৰ অভিযোগত চলি থকা গোচৰত পৰাস্ত হৈ পদত্যাগ নকৰাকৈয়ে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি দেশত জৰুৰীকালীন অৱস্থা জাপি দিয়ে।দুখৰ বিষয় যে সেইসময়ত বাতৰি কাকতৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হয় আৰু চৰকাৰৰ অনুমতি অবিহনে বাতৰি-কাকতত প্ৰকাশিত কৰাটো নিষেধাজ্ঞা আৰোপ কৰা হয়। সেই দিনটোত বেছিভাগ বাতৰি কাকতে সম্পাদকীয় কলম শিতানটো ক’লা অথবা খালী কৰি ৰাখিছিল।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেই শিক্ষাবৰ্গত, কিছু সময়ৰ পাছত একনাথ ৰানাডে জীয়ে সংঘ স্থানলৈ আহি কৈছিল যে সংঘৰ ওপৰত নিষেধাজ্ঞা হ’ব পাৰে । কিন্তু তেনে এটা ভয়াৱহ পৰিস্থিতিৰ মাজত ও সংঘকাৰ্য ৩ দিন ধৰি চলি আছিল । কিন্তু পৰিস্থিতি দেখি ১৯৭৫ চনৰ ২৯ জুনত বৰ্গ সমাপ্ত কৰাৰ সিদ্ধান্ত লোৱা হ’ল। ৰাতিপুৱা সমাৱৰ্তনৰ ভাষণ চলি থকাৰ সময়তে গোটেই কাৰ্যক্ৰমটোক আৰক্ষীয়ে ঘেৰি ধৰিলে, সংঘৰ প্ৰাৰ্থনাৰ পিছত কাৰ্যৱাহ শ্ৰীযুত ভূমিদেৱ গোস্বামী ডাঙৰীয়াই আৰক্ষী অধীক্ষক প্ৰিয়া গোস্বামী ডাঙৰীয়াক সাক্ষাৎ কৰে । একাংশ মুখ্য স্বয়ংসেৱকে পিছফালেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ গুৱাহাটীলৈ যায়। সেইদিনা আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ নকৰিলে যদিও স্বয়ংসেৱকসকলক জেৰা কৰি জিলা অনুযায়ী তেওঁলোকৰ ফটোবোৰ সংগ্ৰহ কৰিছিল। সকলোকে এটা প্রশ্ন সোধা হৈছিল, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক লৈ তোমাৰ মতামত কি? ” মণিপুৰৰ অহা স্বয়ংসেৱকসকলে কমকৈ হিন্দী আৰু ইংৰাজী বুজি পায়। সেয়েহে বহু বালক স্বয়ংসেৱকে কৈছিল “তেও বৰ ধুনীয়া”!
৩০ জুন তাৰিখে সংঘৰ তদানীন্তন সৰসংঘচালক মাননীয় বালাচাহাব দেৱৰস জীক নাগপুৰত গ্ৰেপ্তাৰ কৰা হয়। শান্তি আৰু সংযম বজাই ৰাখি জনসংযোগৰ জৰিয়তে জনসচেতনতা সৃষ্টিৰ বাবে সকলো স্বয়ংসেৱকক আহ্বান কৰা হৈছিল । ৪ জুলাইত চৰকাৰে সংঘক নিষেধাজ্ঞা আৰোপ কৰিছিল। কিছুমান গুৰুত্বপূৰ্ণ অধিকাৰীক চৰকাৰে MISA (Maintenance of Internal Security Act) বা DIR (Defence of India Rules)ৰ অধীনত আবদ্ধ কৰিছিল। অসমৰ তদানীন্তন প্ৰান্ত কৰ্মৱাহ শ্ৰী ভূমিদেৱ গোস্বামীৰ লগতে গিৰীশ কলিতা, মদনজী সিংঘল, অসীম দত্ত, গুৰুপদ ভৌমিক, শংকৰ ভট্টাচাৰ্য আদি বিশিষ্ট ব্যক্তি সকলক জেললৈ প্ৰেৰণ কৰা হয়। সংঘৰ অধিকাংশ প্ৰচাৰকে লুকাই তথা ছদ্মনামেৰে নিজৰ সাজ-পোছাক সলনি কৰি জনসচেতনতাৰ কাম আৰম্ভ কৰিছিল।
অসমতো বাৰ্তা-পত্ৰ , সত্যবাৰ্তা , লোকবাণী ইত্যাদি নামেৰে প্রচাৰ পত্ৰিকা উলিওৱা হৈছিল। প্ৰথম অৱস্থাত ছপাশালৰ সমস্যা হৈছিল। কোনো ছপাশালে এই পত্ৰিকাসমূহ ছপা কৰিবলৈ সাহস কৰা নাছিল। সেয়ে থলুৱা ছপাশাল বনাই হলেও ইমাৰজেন্সিৰ ভয়াৱহতাৰ খবৰবোৰ পত্ৰিকাৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছিল । এনে কঠোৰ পৰিস্থিতিৰ মাজতও সিদ্ধান্ত লোৱা হ’ল যে প্ৰতি ১৫ দিনৰ মূৰে মূৰে এখন প্ৰচাৰ পত্ৰিকা প্ৰকাশিত কৰা হ’ব , য’ত প্ৰকাশিত হ’ব চৰকাৰী তন্ত্ৰত অমানবীয় দমন আৰু প্ৰত্যাহ্বানৰ বিষয়বস্তু।সেইসময়ত পোনপটীয়াকৈ সভা-সমিতি কৰাৰ উপৰিও ডাকঘৰ তথা সকলো প্ৰকাৰন্তৰে এই প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হৈছিল। সংঘৰ সৰ্বভাৰতীয় অধিকাৰীসলেও অসমলৈ আহি স্বয়ংসেৱক সকলৰ মনোবল বৃদ্ধি কৰিছিল ।
১৯৭৫ চনত গুৱাহাটীতে কংগ্ৰেছৰ সৰ্বভাৰতীয় অধিৱেশন অনুষ্ঠিত হয়। ইন্দিৰা গান্ধী, সঞ্জয় গান্ধীৰ লগতে বিপুল জনসমাগম হৈছিল সেই অধিৱেশনখনত। একে সময়তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধিকাৰী ভৌৰাও দেওৰস জীও গুৱাহাটীলৈ আহিছিল। এনে বহুত উদাহৰণ আছে যত একেটা ঘৰৰ দুটা পৃথক পৃথক কোঠাত কংগ্ৰেছী আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৈঠকবোৰ হৈছিল । সেইসময়ত সমাজেও অনুভৱ কৰিছিল যে একমাত্ৰ সংঘৰ পৰিকল্পিত পদ্ধতিৰ দ্বাৰাহে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে মাত মাতিব পৰা যাব । জনগনৰ এই আন্তৰিকতাৰ কাৰনে সেই ভয়াবহ সময়তো সংঘৰ বৈঠকবোৰ নিৰাপদে আৰু সঠিকভাৱে চলিছিল ।
স্বয়ংসেৱকসকলে ব্যক্তিগত সম্পৰ্কৰ মাধ্যমেৰে হলেও জনসচেতনতা বৃদ্ধিৰ স্বাৰ্থত সৰু সৰু সভাৰ জৰিয়তে জনসাধাৰণৰ মনোবল বৃদ্ধি কৰিবলৈ আগবাঢ়ি আহিছিল । বিৰোধী দলৰ নেতাৰ ঘৰলৈ গৈ দেশৰ হকে প্ৰয়োজনীয় বা-বাতৰিবোৰৰ খবৰ দি অহাৰ উপৰিও , কাৰাগাৰত থকা কয়দীসকলৰ ঘৰলৈ গৈ আৰ্থিক সাহায্য দিবলৈ ও স্বয়ংসেৱকসকল আগবাঢ়ি আহিছিল ।
সৰ্বভাৰতীয় পৰ্যায়ত জনসংঘৰ নানাজী দেশমুখ, সংঘৰ দত্তোপন্ত থেংগৰে , সমাজবাদী ৰবীন্দ্ৰ ভাৰ্মা আদিয়ে ইন্দিৰা গান্ধীৰ একনায়কত্ববাদৰ অন্ত পেলাবলৈ “লোক সংঘৰ্ষ সমিতি” ৰ জৰিয়তে প্ৰচাৰ পত্ৰিকা আৰম্ভ কৰিছিল। কিন্তু ইয়াৰ পাছতো ইন্দিৰা গান্ধী শাসনৰ একনায়কত্ববাদ চলিয়েই থাকিল । এনেই কৰায়ত্ত কৰা ভুৱা কয়দীসকলৰ জামিন বিচৰাৰ অধিকাৰো নাছিল সেই সময়ছোৱাত। সকলো প্ৰচেষ্টা বিফল হোৱাৰ পিছত উক্ত সমিতিখনে সত্যাগ্ৰহ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়। আনফালে নানাজী দেশমুখকো কৰায়ত্ত কৰা হল। সংঘৰ শ্ৰীমৰোপন্ত পিংগলে, দত্তোপন্ত থেংগৰে, আৰু সমাজবাদী পাৰ্টিৰ ৰবীন্দ্ৰ ভাৰ্মা অসমলৈ আহি ইন্দু চৰকাৰৰ বিৰুদ্ধে পৰিকল্পিত ৰণনীতি প্ৰস্তুত কৰিছিল । কথামতেই কাম ! ১৯৭৫ চনৰ ১৪ নৱেম্বৰৰ পৰা ১৯৭৬ চনৰ ২০ জানুৱাৰীলৈ প্ৰতিখন প্ৰদেশতে সত্যাগ্ৰহ অনুষ্ঠিত হ’ব লাগে বুলি সিদ্ধান্ত লোৱা হয়। অসমৰ কংগ্ৰেছ বিৰোধী দলবোৰৰ কৰ্মীসকলে তেওঁলোকক সত্যাগ্ৰহ কৰিবলৈ আহ্বান জনাইছিল আৰু ইয়াৰ পিছত, ১৪ নৱেম্বৰত গুৱাহাটীত প্ৰথমখন সত্যাগ্ৰহ অনুষ্ঠিত হয়। লাহে লাহে সত্যাগ্ৰহৰ বতাহ আন জিলাটো বিয়পিবলৈ ধৰে । সত্যাগ্ৰহৰ প্ৰধান ঘোষণাসমূহ আছিল-
১) জৰুৰীকালীন অৱস্থাৰ অন্ত কৰক।
২) জনসাধাৰণক মৌলিক অধিকাৰ প্ৰদান কৰক।
৩) বাতৰি কাকতৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আঁতৰ হওক।
৪) ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ওপৰত থকা নিষেধাজ্ঞাৰ উঠাই লোৱা হওক।
সত্যাগ্ৰহীসকলে ইয়াৰ লগতে সমান্তৰালকৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিছিল।এই সত্যাগ্ৰহত অংশগ্ৰহণ কৰিবলৈ জাতি বৰ্ণ নিৰ্বিশেষে অসংখ্য জনসাধাৰণ ওলাই আহিছিল। কিন্তু সমান্তৰালকৈ অধিক কঠোৰ হৈছিল কংগ্ৰেছী শক্তি যাৰ ফলস্বৰুপে পুলিচে অমানবীয় ভাৱে সকলো সত্যাগ্ৰহীৰ ওপৰত ভয়াবহ অত্যাচাৰ আৰম্ভ কৰিছিল ।
ডিব্ৰুগড়ৰ দুই-তিনিজন স্বয়ংসেৱকে অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰা এটা অনুষ্ঠান উপস্থাপন কৰি আছিল। কাৰ্যসূচীৰ মাজতে তেওঁলোকে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰিলে।
একেদৰে কংগ্ৰেছে গুৱাহাটীতো উকীল সন্মিলনৰ এক কাৰ্যসূচী আয়োজন কৰিছিল। কংগ্ৰেছৰ তেতিয়াৰ সৰ্বভাৰতীয় সভাপতি দেৱকান্ত বৰুৱা আৰু দিল্লীৰ ৰজনী পেটেলক তাত আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁলোক আহি পোৱাৰ আগত যেতিয়া অন্য নেতাই ভাষণ দি আছিল সেই সময়ত একাংশ স্বয়ংসেৱকে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি শ্লোগান দিবলৈ আৰম্ভ কৰিলে । আৰক্ষীয়ে প্ৰেক্ষাগৃহৰ দুৱাৰ বন্ধ কৰি সকলোকে আটক কৰিলে। এই সকলোবোৰ দেখি দেৱকান্ত বৰুৱা খঙত বিচলিত হৈ কব ধৰিলে ” India is Indira ,Indira is India “. দেশজুৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিভিন্ন স্থানৰ পৰা ৮০ হাজাৰতকৈ অধিক স্বয়ংসেৱকক কৰায়ত্ত কৰা হ’ল আৰু তেওঁলোকৰ ওপৰত নিৰ্মম অত্যাচাৰ কৰা হ’ল।
অসমতো সত্যগ্ৰহীসকলে আৰক্ষীৰ অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল। সমগ্ৰ ভাৰতৰ লগতে গুৱাহাটীতৰ মদন সিংহল, শৰদ কলিতা, মোতিলাল জীৰ উপৰিও ডিব্ৰুগড়ৰ মঞ্জু দেৱ, হৰিচৰণ জিন্দাল, বনৱৰী শৰ্মাই আদি সকলেও অত্যাচাৰ সহ্য কৰিবলগীয়া হৈছিল। কিছুমান সত্যাগ্ৰহীক কাপোৰ খুলি ঠাণ্ডা পানীৰে কোবাইছিল। ডিব্ৰুগড়ৰ জ্যোতি গগৈ জেলতেই জণ্ডিচ ৰোগত আক্ৰান্ত হৈ আছিল যদিও এবাৰৰ কাৰনেও ক্ষমা বিচৰা নাছিল। সংঘৰ স্বয়ংসেৱকসকলে জেলৰ ভিতৰত থাকিও সকলোৰে লগত হাঁহি-ধেমালি কৰি ভাল পাইছিল, আৰু সকলোৰে উৎসাহ বৃদ্ধি কৰিছিল। যোৰহাট কাৰাগাৰত থকা এজন বন্দীয়ে হেনো এজন স্বয়ংসেৱক ক সুধিছিল, ” ইয়াত আৰু কিমান দিন এনেদৰে কষ্ট সহ্য কৰিব লাগিব “? স্বয়ংসেৱক জনে কৈছিল, “ডাঙৰীয়া, আপুনি কিয় ভয় কৰে? বীৰ সাৱৰকাৰজী ক কালাপানীৰ জেলত ২৫ বছৰৰ শাস্তি দিয়া হৈছিল।আমাৰ এই কষ্ট সেইবোৰতকৈ একোয়েই নহয় । স্বয়ংসেৱকজনৰ উত্তৰ সুধি সকলো স্তব্ধ হৈ পৰিছিল। স্বয়ংসেৱক সকলৰ আচৰণৰ তথা ইজনৰ লগত সিজনৰ ভাতৃত্ববোধ দেখি অতি কম দিনৰ ভিতৰতেই সংঘৰ সন্দৰ্ভত থকা ভ্ৰান্তিবোৰ শেষ হ’ব ধৰিলে । এটা সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিৰোধী গোলাপ বৰবৰা ডাঙৰীয়া,জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাত মুখ্যমন্ত্ৰী হ’ল যদিও তেওঁৰ সংঘৰ প্ৰতি দৃষ্টিভংগী পৰিবৰ্তন হল। উল্লেখযোগ্য যে তেওয়েই গুৱাহাটীত সংঘৰ কাৰ্যালয়ৰ বাবে মাটি দান কৰিছিল যিটো আজিও সকলোৰে মুখত “কেশৱ ধাম” নামেৰে বিখ্যাত।
ডিব্ৰুগড় জেলত থকা সংঘৰ সেইসময়ৰ স্বয়ংসেৱক অসীম দত্ত আৰু গুৰুপদ ভৌমিকক এদিন আৰক্ষীয়ে আদালতলৈ নিবলৈ ওলাইছিল। গুৰুদাৰ বৌ আৰু মইও বাটত লগ কৰিবলৈ আদালতৰ বাহিৰত থিয় হৈ আছিলো। দুয়োজনে বৌয়েকক প্ৰণাম কৰিলে, কিন্তু মোৰ সলনি হোৱা সাজ-পোছাকৰ বাবে মোক চিনিব নোৱাৰিলে। দুয়োজনেই আছিল উকীল। উকীলৰ কোঠালৈ গৈ থাকোঁতে সকলো উকীলে দুয়োৰে লগত কৰমৰ্দন কৰে । এই সুযোগতেই মইও “হেল্ল’ দত্ত” বুলি হাতখন আগবঢ়াই দিছিলো। মোৰ মাত শুনিয়েই তেওঁ মোক চিনি পাইছিল । পিছত চাহ খাই থাকোঁতে মোৰ লগত কথাও পাতিছিল।
অৱশেষত জনসাধাৰণৰ হেঁচাত ইন্দিৰা গান্ধীয়ে লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিবলগীয়া হ’ল। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱা বিৰোধী দলসমূহৰ বন্দীসকলক মুক্তি দিয়া হ’ল যদিও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱকসকলক ৰেহাই দিয়া নহ’ল।সেই নিৰ্বাচনত কংগ্ৰেছ বেয়াকৈ পৰাজিত হৈছিল। জনতা পাৰ্টিয়ে মুৰাৰ্জী দেশাই ডাঙৰীয়াৰ নেতৃত্বত এখন নতুন চৰকাৰ গঠন কৰিলে। নিৰ্বাচনত পৰাস্ত হোৱাৰ লগে লগে ইন্দিৰা গান্ধীয়ে দিয়া জৰুৰীকালীন অৱস্থাৰ অন্ত পৰাৰ সমান্তৰালকৈ সংঘৰ ওপৰত থকা নিষেধাজ্ঞা ও আতঁৰাই দিলে । অন্ধকাৰৰ সেই ভয়াৱহ দিনবোৰৰ অধ্যায়সমুহৰ অন্ত পৰিল। শেষত জৰুৰীকালীন সময়ৰ ঘটনাৰ এই কাল বিভীষিকা দেশত আৰু কেতিয়াও যেন আহিব নালাগে তাৰেই কামনা কৰো। ভৱিষ্যতে আগন্তুক চৰকাৰৰ পৰা এনে আশা নাৰাখো ।