News অসমীয়া উত্তৰ অসম প্ৰান্তৰ সংঘ শিক্ষা বৰ্গৰ সমাৰোহ অনুষ্ঠান ৷ ADMIN May 29, 2024 1 min read উত্তৰ অসম প্ৰান্তৰ সংঘ শিক্ষা বৰ্গৰ সমাৰোহ অনুষ্ঠান ৷ আৰ এছ এছ দৰে ৰাষ্ট্ৰবাদী সংগঠনৰ অতি আৱশ্যক– কৃষ্ণ গোপাল বসুমতাৰী ৷ হোজাই চহৰৰ মাজমজিয়া স্থিত হোজাই গীতাশ্ৰম প্ৰাংগণত বিগত পোন্ধৰ দিন ধৰি চলা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ সংঘ শিক্ষা বৰ্গৰ (বিশেষ আৰু সামান্য) প্ৰশিক্ষণ কাৰ্যক্ৰমৰ আজি সামৰণি পৰে ৷ এই উপলক্ষে গীতাশ্ৰম প্ৰাংগনত এক বিশেষ সমাৰোহ অনুষ্ঠানৰ আজি অনুষ্ঠিত হয় ।উল্লেখ্য, উত্তৰ প্ৰান্তৰ অন্তৰ্গত ৰাজ্য খনৰ ৩৭ খন জিলাৰ পৰা বিভিন্ন স্তৰৰ শিক্ষাৰ্থী সকলে এই প্ৰশিক্ষণ শিবিৰত অংশ গ্ৰহণ কৰে ।যোৱা এঘাৰ মে ৰ পৰা হোজাই গীতাশ্ৰম সংস্কাৰ মন্দিৰ প্ৰকল্পত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰত মুঠ ৩৩৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ ভিতৰত সামান্য বৰ্গৰ ২৭৬ গৰাকী প্ৰশিক্ষাৰ্থীৰ বিপৰীতে বিশেষ বৰ্গৰ ৬৩ গৰাকীয়ে শিক্ষা বৰ্গৰ শিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰে । সমাৰোপ অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক সম্বোধন কৰি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা কোকৰাঝাৰস্হিত ইউ এন একাডেমীৰ সঞ্চালক কৃষ্ণ গোপাল বসুমতাৰী কয় যে আমাৰ দেশৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰে ৰাষ্ট্ৰবাদী সংগঠনৰ অতি আৱশ্যক।আমি সকলোয়ে দেশৰ হকে আত্ম বলিদান দিয়াৰ বাবে সকলো প্ৰস্তুত থকা অতি প্ৰয়োজন হৈ পৰিছে বুলি মন্তব্য কৰি কয় যে, ইয়ালৈ অহাৰ পূৰ্বে আৰ এচ এচ সম্পৰ্কে তেওৰ মনত বিভ্ৰান্তি আছিল ৷ আনকি সমাজৰ বিভিন্ন লোকে দেশপ্ৰেমী সংগঠনটো সম্পৰ্কে ৰাইজৰ মাজত ভুল ধাৰণা বিয়পাই আহিছে ৷ তেও নিজেও এনে বিভ্ৰান্তিমূলক প্ৰচাৰৰ বলি হৈ আহিছিল যদিও আজি এনে এটা অনুষ্ঠানত উপস্হিত থাকি মনত থকা খুদুৱনি ভাগিল ৷ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক সকলে তন-মন-ধন উজাৰি সচাকৈ দেশৰ হকে কাম কৰি অহাটো আশ্চৰ্যকৰ বিষয় বুলি তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সমাৰোপ অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডা: ভূপেশ চন্দ্ৰ শৰ্মাই কয় যে ভাৰতৰ ইতিহাস বহুত গৌৰৱময় ইতিহাস ।আমি সকলোৱে মই বুলি কোৱা শব্দটোৰ ভিতৰত থাকিব নালাগে বুলি বক্তব্য প্ৰকাশ কৰি তেখেতে কয় যে, আমি সকলোৱে একত্ৰিত হৈ সকলো হিন্দুক একেলগে লৈ চলিব লাগে । আনহাতে, ২০২৫ বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষত উপনীত হব ৷ শতাব্দী বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখাৰ বিস্তাৰ, সক্রিয়তা, কৰ্মশক্তি,আৰু সমাজৰ মানসিকতাৰ পৰিৱৰ্তন কৰি ভাৰতবর্ষক হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ ওপৰত সকলো ভাৰতীয়ই জোৰ দিব লাগে বুলি মন্তব্য কৰে । একেলগে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে শতাব্দী বৰ্ষত সকলোৱে গছপুলি ৰোপণ কাৰ্যসূচী সফল কৰাৰ লগতে প্লাষ্টিক ব্যৱহাৰৰ পৰা মুক্ত হৈ সকলোকে প্লাষ্টিক বৰ্জন কৰাৰ আহ্বান জনায় সংঘচালক গৰাকীয়ে ৷ Tags: RSS Continue Reading Previous Previous post: RSS cultivates culture and patriotism among the youths – Preeti Natesan, Sree Narayana Trust Board MemberNext Next post: Big revelation by Nawaz Sharif – Infiltration by Pakistan Army in J&K was Responsible for 1999 Kargil War Related News DRDO successfully conducts salvo launch of two Pralay missiles in quick succession DRDO successfully conducts salvo launch of two Pralay missiles in quick succession January 1, 2026 পঞ্চ পৰিৱৰ্তনে ৰাষ্ট্ৰৰ প্ৰগতিৰ বাট মুকলি কৰিব – ডাঃ মোহন ভাগৱত পঞ্চ পৰিৱৰ্তনে ৰাষ্ট্ৰৰ প্ৰগতিৰ বাট মুকলি কৰিব – ডাঃ মোহন ভাগৱত January 1, 2026