ভাৰত চীন সীমান্তত চলি থকা উত্তেজনাৰ মাজতে ।
এইবাৰ ভাৰতে চীনৰ বিৰুদ্ধে চলালে ডিজিটেল ষ্ট্রাইক । ভাৰতত নিষিদ্ধ হল চীনা এপ
কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে ১৩০ কোটি ভাৰতীয়ৰ তথ্য সুৰক্ষা আৰু ব্যক্তিগত গোপনিয়তা ৰক্ষাক লৈ প্ৰশ্ন উঠিছিল । আৰু সেই বাবেই ভাৰত চৰকাৰে টিকটক সহ ৫৯ টা চীনা এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে ।
কাৰণ দেশৰ ঐক্যতা,সাৰ্বভৌমত্বৰ ক্ষেত্ৰতো এই এপ সমূহ ক্ষতিকাৰক ।
আৰু ইতিমধ্যে চৰকাৰে গুগল আৰু প্লে ষ্ট’ৰক এই এপসমূহ বন্ধ কৰিবলৈ কোৱা হৈছে। অৰ্থাৎ টিকটকসহ এই এপসমূহৰ কোনো নতুন ইউজাৰ আৰু আপডেটছ নহ’ব। অৰ্থাৎ একপ্ৰকাৰ এই এপসমূহৰ শেষ সময় আহি পৰিছে।
সকলো ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰক এই এপসমূহৰ সেৱা ব্লক কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে। গুগল আৰু প্লে ষ্ট’ৰকো তেওঁলোকৰ প্লেটফৰ্মত এই এপসমূহ উপলব্ধ নকৰিবলৈ কোৱা হৈছে। সূত্ৰ অনুসৰি, এই কাম ইতিমধ্যে আৰম্ভ হৈছে।
কেৱল এই ৫৯টা এপেই নহয়, চৰকাৰে আৰু বহু এপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, যি এপে ৰাষ্ট্রৰ স্বাৰ্থৰ বিৰোধিতা কৰে