এফালে কৰণা মহামাৰীৰ ভয়ংকৰ ৰুপ আৰু আনফালে চাৰিওফালে এতিয়া বানৰ সংহাৰ। বাসগৃহৰ ভিতৰে বাহিৰে কেৱল পানী৷ কেইবাদিন ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বানে চলাইছে সংহাৰ। কেইবাদিনো ধৰি ঘৰ সমূহ পানীৰ তলতেই। নিশাৰ ভিতৰতে কপিলীৰ বাঢ়নী পানীয়ে পুনৰ ছিঙি নিলে দুটাকৈ মাথাউৰি৷
কামপুৰ বাৰেগোগা মাথাউৰি ওপৰেৰে বৈছে পানী। যিকোনো সময়ত ছিঙি যাব পাৰে মাথাউৰিটো। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰি, নলাপাৰ, মাজৰআটী, ১নং কলনীৰ বিপদ সীমাৰ ওপৰেদি বৈছে পানী। হাহাকাৰ বৰ্ণ্যাতৰ মাজত৷ কামপুৰ নগৰৰ ৪ আৰু ২ নম্বৰ ৱাৰ্ড পানীৰ তলত। বৰ্তমান কামপুৰত ৭৩ মিটাৰ ওপৰৰে পানী বৈ আছে তিনিটা ব্যস্ত পথৰে যাতায়ত ব্যাহত। ইফালে কামপুৰ পশ্চিম কাৰ্বি আংলংৰ সংযোগী পথৰ কেইবাঠাইটো ওপৰেৰে পানী বাগৰা আৰম্ভ হৈছে। কাৰ্বি আংলং জিলাৰ তৰাডুবিত কেইবা কোটি টকাৰ মাথাউৰি ভাঙি পানী সোমাই আছে। নবনিৰ্মিত ভলভলীয়া গাঁও আৰু গোসাইগাঁও মাঠাউৰিলৈয়ো কপিলী নদীৰ ভাবুকি।
চাংচকীত মাথাউৰি ওপৰৰে পানী বাগৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন৷ ইতিমধ্যে ২০ খনৰো অধিক গাঁও প্লাৱিত৷ বকুলগুৰিতো অবৰ্ণনীয় পৰিস্থিতি৷