News অসমীয়া কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসমলৈ ডা: মোহন ভাগৱত। ADMIN February 20, 2025 1 min read কাইলৈৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অসমলৈ ডা: মোহন ভাগৱত। গুৱাহাটী, ২০ ফেব্ৰুৱাৰী : কাইলৈৰ পৰা পাঁচদিনীয়া ভ্ৰমনসূচী লৈ অৰ্থাৎ ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰম পূজনীয় সৰসংঘচালক ডা°মোহন ভাগৱত অসমত উপস্হিত হ’ব । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ পূৰ্ণৰ প্ৰতি লক্ষ্য ৰাখি সৰসংঘচালক ডা: ভাগৱতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰা ভ্ৰমণ সূচীৰ অংশ হিচাপে এয়া অনুৰূপ কাৰ্যসূচী বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। সৰসংঘচালক ডা: মোহন ভাগৱতে কাইলৈ আবেলিৰ ভাগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰবৰীস্থিত সুদৰ্শনালয়ত উপস্হিত হব৷ উল্লেখ্য, সৰসংঘচালক ডা: মোহন ভাগৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটোৰ কাৰ্য বিস্তাৰ, কাৰ্য দৃঢ়িকৰণ , শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয় সমূহ কিদৰে সমাজৰ মাজলৈ নিৱ পাৰি এই সন্দৰ্ভত স্বয়ংসেৱক সকলৰ লগত মত -বিনিময় কৰিব ৷ আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱৰ্তনৰ বিষয় সমূহ যেনে – সামাজিক সমৰসতা, নাগৰিক কৰ্তব্য, পৰ্যাৱৰণ, স্বদেশী সামগ্ৰী ব্যৱহাৰ , কুটুম্ব প্ৰবোধন আদি বিষয় সমূহ স্বয়ংসেৱক সকলৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাৱ পাৰে তাৰ ওপৰতো তেখেতে বক্তব্য প্ৰদান কৰাৰ লগতে গুৱাহাটী মহানগৰৰ সংঘৰ দুটা শাখাত উপস্হিত থাকি উক্ত দুয়োটা শাখা টোলীৰ বৈঠকত উপস্হিত থাকিব ৷ ২২ ফেব্ৰুৱাৰীৰ আবেলি আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’ৱলগীয়া ৰাষ্ট্ৰ সেৱিকা সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব ৷ ২৩ ফেব্ৰুৱাৰীৰ পুৱা সাউকুছিস্হ চাউথ পইন্ট হাইস্কুল চৌহদত ডা: মোহন ভাগৱতে এক বৌদ্ধিক কাৰ্যক্ৰমত উপস্হিত থাকি গুৱাহাটী মহানগৰৰ সহস্ৰাধিক স্বয়ংসেৱক সকলৰ সন্মুখত বৌদ্ধিক প্ৰদান কৰিব ৷ ইয়াৰ উপৰি সৰসংঘচালক গৰাকীয়ে এই ভ্ৰমণ সূচীত সংঘৰ প্ৰচাৰকৰ লগতে আন কেবাখনো বৈঠকত অংশ লৱ ৷ ২৬ ফেব্ৰুৱাৰীৰ পুৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতে অৰুণাচললৈ বুলি ৰাওনা হ’ব বুলি প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে একেটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷ See insights and ads Boost post All reactions: 2222 Continue Reading Previous Previous post: “Our work must uphold the grandeur of this new building” Next Next post: पूरी रात जगमगाएगा श्री राम जन्मभूमि मन्दिर Related News DRDO successfully conducts salvo launch of two Pralay missiles in quick succession DRDO successfully conducts salvo launch of two Pralay missiles in quick succession January 1, 2026 পঞ্চ পৰিৱৰ্তনে ৰাষ্ট্ৰৰ প্ৰগতিৰ বাট মুকলি কৰিব – ডাঃ মোহন ভাগৱত পঞ্চ পৰিৱৰ্তনে ৰাষ্ট্ৰৰ প্ৰগতিৰ বাট মুকলি কৰিব – ডাঃ মোহন ভাগৱত January 1, 2026