আজি কাতি বিহু বা কঙালী বিহু। অসমৰ জাতীয় উৎসৱ তিনিটা বিহুৰ অন্যতম কাতি বিহু পালন কৰা হয় আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা। কাতি বিহুৰ আছে নিজস্ব গৰীমা । কাতি বিহু বা কঙালী বিহুৰ অপৰিসীম তাৎপৰ্য আছে অসমৰ সমাজ জীৱনত। বিশেষকৈ অসমৰ কৃষি প্ৰধান গ্ৰাম্য জীৱনত কাতি বিহুৰ পৰম্পৰাগই এক বিশেষ তাৎপৰ্য বহন কৰে । এই সময়চোৱাত খেতিয়কৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে। ইফালে, শালি ধান চপোৱাৰ সময়ো আহি পোৱা নাই। এই সময়ত এক প্ৰকাৰৰ অভাৱ-অনাটনৰ মাজেৰে চলে খেতিয়কৰ জীৱন, গ্ৰাম্য জীৱন । ভোগালীৰ ভোগ আৰু ৰঙালীৰ ৰং-ৰইচৰ বিপৰীত এখন ছবি। আৰু এইখিনি সময়তে, এই কাতি বিহুৰ দিনাই অসমীয়াই প্ৰাচুৰ্যৰ অহংকাৰ পাহৰি আঠু লয় নেদেখাজনৰ ওচৰত। ঘৰে ঘৰে পৱিত্ৰ তুলসীৰ পুলি ৰুই, গধূলি সেই তুলসীৰ তলত চাকি জ্বলাই নাম গাই ইশ্বৰৰ। লখিমীক আদৰিবলৈ খেতিপথাৰত আৰু ঘৰৰ চাৰিওফালে চাকি জ্বলায়। আকাশ বন্তিও জ্বলায়। কাতি বিহুৰ এই ধৰ্মীয় আচাৰ-অনুষ্ঠানতে নিহিত হৈ আছে এই বিহুৰ তাৎপৰ্য। অহংকাৰ পৰিহাৰী সৃষ্টিকৰ্তাৰ ওচৰত নিজকে সমৰ্পণ কৰি কাতি বিহুৰ দিনাই আধ্যাত্মিকতাৰ জ্যোতিৰে নিজৰ মনবোৰ আলোকিত কৰে প্ৰতিগৰাকী অসমীয়ায়।
সমূহ অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা যাচিলো।