নেৰানেপেৰা বৰষুণৰ ফলত কেৰালাৰ ৱায়নাডত ভয়ংকৰ ভূমিস্খলনত নিহতৰ সংখ্যা বৰ্তমান ৩৬ জনলৈ বৃদ্ধি । মুন্দুকই, ছুৰলমালা চহৰৰ বহু ঘৰ-দুৱাৰ বৰ্তমান খহনীয়া মাটিৰ তলৰ। উদ্ধাৰকাৰী দলে নিৰন্তৰে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত কিছু ব্যঘাত জন্মা বুলি সদৰি কৰিছে কেৰালা দুৰ্যোগ প্ৰশমন বিভাগে। ইতিমধ্যে কেৰালাৰ ৪খন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে। এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাত নিহত সকললৈ ২লাখ আৰু আহত সকললৈ ৫০হাজাৰ টকাৰ সাহায্যৰ ঘোষণা কৰিছে।
সমগ্ৰ ঘটনাক শোকাৱহ আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো প্ৰকাৰৰ সহায় আশ্বাস দিয়াৰ লগতে ক্ষতিগ্ৰস্তসকলক সৰ্বতো প্ৰকাৰৰ সহযোগিতাৰ নিৰ্দেশ দিয়ে। কেৰালাৰ মুখ্যমন্ত্ৰীকো ফোনযোগে এই ঘটনাৰ বুজ লয় প্ৰধানমন্ত্ৰীয়ে।
কেৰালাৰ প্ৰতিকূল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইখন ৰেল চলাচল বন্ধ ঘোষণা কৰিছে ৰেল বিভাগে।