সম্প্রতি ভাৰত বিশ্বৰ দ্বিতীয় সৰ্বাধিক কোভিড-১৯ প্ৰভাৱিত ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। যাৰ পৰিণতিত কৰ’ণাৰ প্রথম শাৰী যোদ্ধা হিচাপে পৰিগণিত ১৪১ গৰাকী সাংবাদিক হেৰুৱাব লগীয়া হয় ভাৰতবৰ্ষই। কৰোনা জটিলতাৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা এই পৰ্যন্ত বিশ্বৰ ৭৫ খন দেশৰ ১২৪৮ গৰাকী সাংবাদিকৰ মৃত্যু হয়। কৰ’না মহামাৰীটোৱে সমগ্র মানৱ জাতিক আঘাত কৰে। উল্লেখ্য, ব্ৰাজিলৰ ১৮৭ গৰাকী সাংবাদিক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰি ব্ৰাজিল ভুক্তভোগীৰ তালিকাৰ শীৰ্ষত আছে। আনহাতে, কৰ’না মহামাৰীত আক্রান্ত হৈ ভাৰতবৰ্ষৰ ১৪১ গৰাকী সাংবাদিক মৃত্যু হৈ বিশ্বৰ দ্বিতীয় স্থানত পৰিণত হৈছে ভাৰতবৰ্ষ। য’ত পেৰুত ১৪০ গৰাকী সাংবাদিক কৰ’নাত আক্রান্ত হৈ মৃত্যু হোৱাৰ তালিকাত ভাৰতৰ ঠিক পিছফালে অৰ্থাৎ তৃতীয় স্হানত পেৰুই অৱস্থান কৰিছে। ঠিক সেইদৰে
মেক্সিকোৱে আজিলৈকে সাংবাদিক সকলৰ মাজত ১০৯ জনক হেৰুৱাই চতুর্থ স্হানত আছে। তাৰ পিছত আছে ইটালী আৰু বাংলাদেশ ৫২ গৰাকী সাংবাদিক হেৰুৱাই। আনহাতে, কলম্বিয়া (৫১), আমেৰিকা যুক্তৰাজ্য আৰু ইকুৱেডৰ প্ৰতিখন দেশৰ ৪৭ গৰাকী সাংবাদিকে প্ৰাণ হেৰুৱাই। যুক্তৰাজ্য (২৮), ডমিনিকান ৰিপাব্লিক (২৭), পাকিস্তান (২৬), তুৰ্কী (২৪), আৰ্জেণ্টিনা, ইৰাণ আৰু ৰাছিয়াই প্ৰতিখন দেশে ২১ গৰাকী সাংবাদিক হেৰুৱাৰ বিপৰীতে ভেনিজুৱেলা (১৭), পানামা (১৬), স্পেইন, ইউক্ৰেইন ১৫ গৰাকী সাংবাদিকৰ কৰ’নাত মৃত্যু হয়।, বলিভিয়া আৰু ইজিপ্তে ১৪ গৰাকী, হণ্ডুৰাছ ১৪, আফগানিস্তান, নাইজেৰিয়া আৰু দক্ষিণ আফ্ৰিকাই ৪৭ গৰাকী সাংবাদিক, ডমিনিকান ৰিপাব্লিক ২৭ গৰাকী, পাকিস্তান ২৬ গৰাকী, তুৰ্কী ২৪ গৰাকী সাংবাদিক, আৰ্জেণ্টিনা, ইৰাণ,আৰু ৰাছিয়াৰ ২১ গৰাকী সাংবাদিক কৰ’নাত বাবে হেৰুৱাব লগীয়া হয়।তদুপৰি,ভেনিজুৱেলা ১৬, স্পেইন আৰু ইউক্ৰেইন ১৫ গৰাকী, বলিভিয়া, ইজিপ্তৰ আৰু হণ্ডুৰাছে ১৪ গৰাকী সাংবাদিক, আফগানিস্তান, নাইজেৰিয়া, দক্ষিণ আফ্ৰিকা আৰু নিকাৰাগুয়া ৭ গৰাকী কৈ সাংবাদিক কৰ’নাত হেৰুৱাব লগীয়া হোৱাৰ লগতে, কেনিয়া, পাৰাগুৱে আৰু উৰুগুৱে প্ৰতিখন দেশে ৫ গৰাকীকৈ সাংবাদিক কৰ’নাত আক্রান্তৰ ফলত হেৰুৱাব লগীয়া হয়। ইফালে, কৰ’না
মহামাৰীত সংবাদ মাধ্যমৰ ভুক্তভোগীসকলৰ নাম গণনা কৰি থকা প্ৰেছ প্ৰতীক অভিযানে (পিইচি) মৃতকৰ পৰিয়াল আৰু সহকৰ্মীসকললৈ সমবেদনা জ্ঞাপন কৰে। তদুপৰি, চুইজাৰলেণ্ড আধাৰিত মিডিয়া অধিকাৰ আৰু সুৰক্ষা সংস্থাই ফ্ৰণ্টলাইনত থকা সাংবাদিকসকলৰ বাবে আগতীয়া টিকাকৰণৰ অনুৰোধ কৰে। সংস্হাটোৱে এইটোও মন্তব্য কৰিছিল যে মহামাৰীৰ মানৱীয় ব্যয় উচ্চ হৈ আছে য’ত ১২০০ তকৈও অধিক সাংবাদিকে নতুন কৰোনা ভাইৰাছৰ ফলত প্ৰাণ হেৰুৱাইছে।
“সাংবাদিকসকল এনে এটা বৃত্তিত নিয়োজিত হৈ আছে যিটো বিশেষকৈ ভাইৰাছৰ সংস্পৰ্শলৈ আহে আৰু এইটো বৃত্তিটোৰ বাবে এক অভূতপূৰ্ব ক্ষতি কিয়নো তেওঁলোকৰ কেইবাজনো লোকৰ কাম কৰোঁতে পৰ্যাপ্ত সুৰক্ষামূলক ব্যৱস্থাৰ অভাৱত মৃত্যু হৈছিল। কিন্তু ভাইৰাছৰ বিৰুদ্ধে যুঁজত মিডিয়া কৰ্মীসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে তেওঁলোকৰ সুৰক্ষা হব লাগে কিয়নো তেওঁলোকে মাটিৰ পৰা তথ্য প্ৰদান অব্যাহত ৰাখিব লাগিব,” বুলি পিইচি (www.pressemblem.ch/)ৰ চেক্ৰেটেৰী জেনেৰেল ব্লেজ লেম্পেনে কয়।
ভাৰতে শেহতীয়াকৈ কেইবাজনো বিশিষ্ট সাংবাদিক হেৰুৱাইছে, যেনে ভ ৰামকৃষ্ণ, অৰুণ পাণ্ডে, ৰুচিৰ মিশ্ৰ, সুব্ৰাংশু শেখৰ মিশ্ৰ, পিএল ৰাজদান, সুমিত ওঙ্কা, প্ৰভু যোশী, ৰাম নৰেশ ত্ৰিপাঠী, ৰাজু চালভি, ৰাজু প্ৰকাশ অসীম, শশী বালিগা, প্ৰীতিমন মহাপাত্ৰ, এছ কে ব্যাস, অনিৰ্বাণ বৰা, কানু প্ৰিয়া, কল্যাণ বৰাহ, অদ্বৈত প্ৰসাদ বিশ্বাল, দেবেন্দ্ৰ সামন্ত্ৰ, ৰামমন্ত্ৰ, ৰমেন্দ্ৰ সিং আদি দেশৰ বিভিন্ন অংশত কৰোনাত আক্রান্তৰ ফলত অকালতে মৃত্যু মুখত পৰিছে।
“ভাৰতত কোভিড-১৯ জটিলতাৰ ফলত সংবাদ মাধ্যমৰ লোকসকলৰ হতাহত আমি ৰেকৰ্ড কৰাতকৈ অধিক হ’ব আশংকা ব্যক্ত কৰিছে। বহু ক্ষেত্ৰত সংবাদ মাধ্যমৰ প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ নিজৰ ভুক্তভোগীসকলৰ প্ৰতিবেদন দিয়া পৰিহাৰ কৰে বা যথেষ্ট গোপনীয়তাৰে কৰে, বুলি” পিইচিৰ দেশৰ প্ৰতিনিধি নৱ ঠাকুৰিয়াই কয় যে ভাৰতে এতিয়া প্ৰতিদিনে প্ৰায় চাৰিজন সাংবাদিক হেৰুৱাইছে আৰু যদি এই প্ৰৱণতা অব্যাহত থাকে, তেন্তে আমাৰ দেশ অতি সোনকালেই বিশ্বৰ সাংবাদিকসকলৰ মাজত কৰোনা-পীড়িতসকলৰ তালিকাত শীৰ্ষস্থানত থাকিব |