ক্রমাৎ অসমৰ পৰিস্থিতি জটিলৰ দিশে গতি কৰিছে অসমৰ সাম্প্রতিক পৰিস্থিতি৷ কৰোনাৰ দ্বিতীয় ঢৌৰ ফলত ভয়াবহ হৈ পৰিছে ৰাজ্যৰ জনজীবন। বহিঃৰাজ্যৰ পৰা ৰাজ্যখনলৈ অহা লোকৰ বাবে সংক্রমণ বৃদ্ধি হোৱাৰ ফলত ব’হাগ বিহুৰ প্রাক্ক্ষণত জনসাধাৰণ আতংকিত হৈ পৰিছে সৰ্বসাধাৰণৰ ৰাইজ। বিগত দিন সমুহত ৰাজ্যত সংক্রমণ বৃদ্ধিৰ সংখ্যাই স্বাস্থ্য বিভাগক উদ্বিগ্ন কৰি তুলিছে৷
উল্লেখ্য যে শনিবাৰে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা আছিল ৪০৫গৰাকী, দেওবাৰে এই সংখ্যা ৩৫২গৰাকী হোৱাৰ বিপৰীতে সোমবাৰে আক্রান্তৰ সংখ্যাই ৫০০ ৰ ঘৰ অতিক্রম কৰে৷ আনকি কালিৰ দিনটোত ৰাজ্যত ৫৮৩গৰাকীলোক আক্রান্ত হয়৷ ইয়াৰে গুৱাহাটী মহানগৰীৰ ১৯৩গৰাকী, ডিব্রুগড়ত ৪৩গৰাকী, কামৰূপত ৪৮গৰাকী আৰু নগাঁৱত ২৯ গৰাকী আক্রান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰি কৰিছে।
আনহাতে, মঙলবাৰে ডিব্রুগড়ত আক্রান্তৰ সংখ্যা ৬২গৰাকী, যোৰহাটত ১৮গৰাকী, গোলাঘাটত ৮গৰাকী, চাবুৱাত ৩গৰাকী, শিৱসাগৰত দুগৰাকী আৰু দুলীয়াজানত ৮গৰাকীলোক ক’ৰোনাত আক্রান্ত হৈছে৷ ৰাজ্যত সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বহিঃৰাজ্যৰ পৰা অহা বিমান যাত্রীৰ ক্ষেত্রত নতুন এছ’পি জাৰি কৰিছে৷ সেই অনুসৰি অসমলৈ অহা প্রতিগৰাকী যাত্রীক বিমানবন্দৰত ৰেপিড এণ্টিজেন টেষ্ট কৰোৱা হ’ব৷ এই পৰীক্ষাত কোনো যাত্রী যদি পজিটিভ চিনাক্ত হয়, তেন্তে চিকিৎসাধীন বাধ্যতামূলক কৰা হৈছে ।
তদুপৰি, এণ্টিজেনৰ ফলাফল নিগেটিভ হ’লে সেই যাত্রী পুনৰ আৰটিপিচিআৰ টেষ্ট কৰা হ’ব৷ আৰটিপিচিআৰ টেষ্টৰ বাবে নমুনা সংগ্রহ কৰাৰ পিছত যাত্রীজনৰ ফলাফল নহালৈ নিজকে কোৱাৰেণ্টাইন কৰি ৰাখিব লাগিব৷
উল্লেখ্য যে ৰাজ্য চৰকাৰে ক’ৰোনাৰ সংক্রমণ ৰোধ কৰাৰ বাবে পৰীক্ষা আৰু ভেকচিনৰ ক্ষেত্রত সর্বাধিক গুৰুত্ব দিছে৷ যোৱা সোমবাৰৰ পৰা প্রতিদিনে এক লাখকৈ লোকক ক’ৰোনা পৰীক্ষা কৰি থকা হৈছে৷
ৰাজ্যত ক’ৰোনাৰ ভেকচিন নাটনি হোৱা বিষয়টোক লৈ চলি থকা চর্চাৰ মাজতে স্বাস্থ্য বিভাগে প্রকাশ কৰা অনুসৰি অচিৰেই অসমলৈ ১৯ লাখ ভেকচিন অনাৰ বাবে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়লৈ পত্র প্রেৰণ কৰা হৈছে৷ আহিব লগা ১৯ লাখ ভেকচিনৰ ভিতৰত ১৮ লাখ ক’ভিশ্বিল্ড আৰু এক লাখ হ’ব ক’ভাক্সিন ভেকচিন৷ ভেকচিন প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে ৪৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তিসকলকহে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে যদিও ভেকচিন প্রদানৰ কেন্দ্র বৃদ্ধিৰ বাবে শেহতীয়াকৈ দাবী উত্থাপন হৈছে৷
মন কৰিবলগীয়া কথা যে, বর্তমানলৈকে ৰাজ্যত প্রায় ৬০ লাখ লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াৰে ভিতৰত চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ লগতে ৬০ উৰ্ধৰ লোকৰ উপৰি বিগত নিৰ্বাচনত দায়িত্ববাহী বিষয়া-কৰ্মচাৰী অন্যতম ৷