গুৱাহাটী: সকলৰে অলক্ষিতে যেৱা ২২জুলাইত পুৱা মহানগৰীৰ লতাশিলৰ ঘৰৰ পৰা ওলাই গৈ আজিলৈকে উভতি নহা অসমীয়া চলচ্চিত্ৰ সংগীতক এক বিশিষ্টতা প্ৰদান কৰা সংগীত শিল্পী ৰমেন বৰুৱাক তেখেতৰ সৃষ্ট গীত পৰিবেশন কৰি উভতি অহাৰ বাবে সন্ধ্যা আহ্বান জনায় ৰাজ্যৰ কেবাগৰাকীও প্ৰতিষ্ঠিত শিল্পীয়ে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা ‘বহূ কালজয়ী গীতৰ স্ৰষ্টা নিৰুদ্দিষ্ট শিল্পী শ্ৰদ্ধাৰ ৰমেন বৰুৱাদেৱলৈ তেখেতৰ এমুঠি গীতেৰে উভতি অহিবলৈ আহ্বান ‘ শীর্ষক অনুষ্ঠানটি উদ্বোধন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই।
অনুষ্ঠানত সংগীত শিল্পী গৰাকীৰ অনুসন্ধানৰ বাবে চৰকাৰৰ পিনৰ পৰা সম্ভৱপৰ সকলো কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বিমল বড়াই তেখেত যদি সকলৰে অলক্ষিতে কৰবাট আছে উভতি অহিবলৈ আহ্বান জনায়।মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত অসমীয়া চলচ্চিত্ৰ সংগীতলৈ ৰমেন বৰুৱাৰ অৱদানৰ সন্দৰ্ভতো আলোকপাত কৰে।
অনুষ্ঠানত বিভিন্ন চলচ্চিত্ৰৰ বাবে কেশৱ মহন্ত, নৱকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, এলি আহমেদ আদিয়ে লিখা আৰু ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা কিছুগীত দ্বিপেন বৰুৱা, নমিতা ভট্টাচার্য, পাহাৰী দাস, পদ্মনাভ বৰদলৈ, গীতালী দেৱী, হৰ্ষিতা ভট্টাচার্য, গায়ত্রী হাজৰিকা, কল্লোল বৰঠাকুৰ, সীমান্ত শেখৰ আদি শিল্পী সকলে পৰিৱেশন কৰে।