
সমতা সৈনিক দল আৰু অনুসূচিত জাতি-জনজাতি, নিবনুৱা সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বি. আৰ আম্বেদকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কমিটি আৰু আম্বেদকাৰ ইউথ ক্লাব, পঞ্চায়ত কমিটিৰ সহযোগত সংবিধান প্ৰণেতা, ভাৰতৰত্ন বাবা চাহেব ড০ ভীমৰাৱ আম্বেদকাৰৰ ১৩৪ তম্ জন্ম জয়ন্তী গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ফটাশিল GMC নতুন কলনিত উদযাপন কৰা হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ,অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই ভাষণ প্ৰসংগত কয় যে ড০ ভীমৰাৱ আম্বেদকাৰ কেৱল দলিত সমাজৰে নেতা নাছিল বৰঞ্চ তেওঁ সম্পূৰ্ণ হিন্দু সমাজৰেই নেতা আছিল । তেওঁ কেৱল দলিত সমাজৰ বাবেই কাম কৰা নাছিল তেওঁ সপূৰ্ণ হিন্দু সমাজৰ বাবেই কাম কৰিছিল । আনকি, তেখেতে কেতিয়াও হিন্দু সমাজৰ বিৰুদ্ধে কোনো আন্দোলন কৰা নাছিল । তেওঁৰ আন্দোলন আছিল হিন্দু সমাজৰ মাজত চলি থকা ভেদ-ভাৱ , উচ্চ-নীচ এইবোৰ দূৰ কৰাৰ বাবে আন্দোলন কৰিছিল । হিন্দু সমাজৰ মাজৰ পৰা অস্পৃশ্যতা দূৰ কৰাৰ বাবেও তেখেতে কাম কৰিছিল বুলি মন্তব্য কৰি পুনৰ কয় যে , আমি হিন্দু সমাজৰ পৰা জাতি ভেদ, উচ্চ -নীচ এই সকলোবোৰ আঁতৰাব লাগিব । আমি সকলোৱেই ভাৰত মাতৃৰ সন্তান, আমি সকলোৱেই এই বিশাল হিন্দু সমাজৰ অংগ । আম্বেদকাৰ হিন্দু সমাজৰ মাজত সংস্কাৰিত কৰাৰ বাবে, হিন্দু সমাজৰ মাজত স্বভিমান জাগ্ৰত কৰাৰ বাবে কাম কৰিছিল বুলি মত পোষণ কৰি কয় তেখেতৰ আন্দোলন আছিল হিন্দু সমাজক শুধৰাবৰ বাবে কৰা আন্দোলন । কিন্তু দুৰ্ভাগ্যৰ কথা যে এচাম দেশদ্ৰোহী লোকে হিন্দু সমাজৰ মাজত বিভেদ সৃষ্টি কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে । ভাষণত প্ৰসংগত তেখেতে কয় যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কেতিয়াও দলিত সমাজৰ বিৰোধী নহয় । বৰষ্ণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বি. আৰ আম্বেদকাৰৰ সপোনৰ দৰেই সম্পূৰ্ণ হিন্দু সমাজৰ হিতৰ বাবেই বিগত এশটা বছৰ কাম কৰি আহিছে আৰু আগলৈও কাম কৰি যাব । আনহাতে তেওঁ সনাতন ধৰ্মৰ সন্দৰ্ভত কয় যে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ ধৰ্ম হল হিন্দু ধৰ্ম, হিন্দু দৰ্শন কাৰণ হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে সকলোৰে আত্মা একেই, আত্মা কেতিয়াও বেলেগ বেলেগ নহয় সকলোৰে লগত ঈশ্বৰ বিদ্যমান, সেইবাবে আমিও কোনো পৃথক নহয় বুলি মন্তব্য কৰে ৷ আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে প্ৰায় পাঁচ শতাধিক লোক উপস্থিত থাকে ।