ডা. হেডগেৱাৰ স্মাৰক সমিতি, গুৱাহাটীৰ দ্বাৰা আজি বিনামূলীয়া স্বাহ্য চেতনা শিৱিৰ অনুস্হিত কৰা হয় ।গুৱাহাটী মহানগৰৰ থকা চাফাই কৰ্মচাৰী সকলৰ বস্তিত এই শিৱিৰৰ আয়োজন কৰা হয় ।মালিগাওঁ গোশালা, লোককলনি, ফটাশিল,আমবাৰী, উজানবজাৰ, মৰাখালী , বামুনিমৈদাম, ৰুপনগৰ,দিছপুৰকে ধৰি মুঠ ১০ টা স্বাহ্য চেতনা শিবিৰ আয়োজন কৰে । প্ৰথম চৰনত অনুস্হিত এই শিৱিৰত গুৱাহাটীৰ চাফাই কৰ্মচাৰী সকলৰ পৰিয়ালৰ বাবে অনুস্হিত কৰা হয়, বস্তি অঞ্চলৰ ব্যক্তি সকলৰ স্বাহ্যৰ ওপৰত লক্ষ্য ৰাখি প্ৰাৰম্ভিক স্স্তৰত এই চিকিৎসা শিবিৰ অনুস্হিত কৰা হয় ।
উক্ত শিৱিৰত পুৰুষ,মহিলা তথা শিশুকে ধৰি মুঠ 1276 জন ব্যক্তিয়ে স্বাহ্য পৰিক্ষা কৰে । এই শিৱিৰত গুৱাহাটীৰ আগশাৰী চিকিৎসালয়ৰ পৰা মুঠ ৭০ জন চিকিৎসকে সেৱা আগৱঢাই, লগতে বস্তি অঞ্চলত আগৰে পৰা সেৱা আগৱঢাই আহিছে ডা. হেডগেৱাৰ স্মাৰক সমিতিৰ কাৰ্যকতা সকলে । দিনৰ ১১ বজাৰ পৰা আৱেলি ৪ বজালৈ হোৱা এই শিৱিৰ স্থানিয় ৰাইজৰ সহযোগিতাত এই শিৱিৰৰ সফল পৰিসমাপ্তি ঘটে । আগতেও সমিতিৰ দ্বাৰা এনে ধৰনৰ সৃজনিমূলক কাম – কাজ বস্তি অঞ্চল সমূহত চলি আহছে আৰু এনে কামক শলাগ লৈছে স্হানীয় ৰাইজে ।
Buddha Bharat