আজি ২৮ জানুৱাৰী, ২০২৪ ইং তাৰিখ, ৰবিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত ‘প্ৰান্তীয় পথ সঞ্চলন দিৱস’ পালন কৰে। সহস্ৰাধিক স্বয়ংসেৱকে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানটিত প্ৰায় ৭৩৩ গৰাকী স্বয়ংসেৱকে দণ্ডসহ পূৰ্ণ গণবেশত ঘোষবাদনৰ তালে তালে পথ সঞ্চলন কৰে। দিনৰ ঠিক ১১ বাজি ১২ মিনিটত আৰম্ভ হোৱা এই সঞ্চলনে ৫৫ মিনিটত প্ৰায় ৩.৫ কিলোমিটাৰ পথ সাঙুৰি লয়। স্বয়ংসেৱকসকলে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰ পৰা ওলাই এ কে আজাদ পথেৰে আৰ্যনগৰ চাৰিআলি হৈ বি কে পথেৰে আহি অসম আৰক্ষী সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখেৰে পিয়লি ফুকন পথ হৈ আকৌ এ কে আজাদ পথেৰে আৰ্য বিদ্যাপীঠ মহাবিদ্যালয় খেলপথাৰত প্ৰবেশ কৰে। শৃংখলাবদ্ধ এই বৃহৎ পথ সঞ্চলনত মুগ্ধ হৈ পদপথৰ কেইবাটাও স্থানত উপস্থিত ৰাইজে পুস্পবৃষ্টিৰে স্বয়ংসেৱকসকলক আদৰণি জনায়।ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰৰ মাননীয় সংঘচালক গুৰুপ্ৰসাদ মেধি ডাঙৰীয়াৰ উপস্থিতিত বনবাসী কল্যাণ আশ্ৰমৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী মণ্টু কোহৰাম দেৱে স্বয়ংসেৱকসকলক উদ্দেশ্যি বৌদ্ধিক প্ৰদান কৰে। উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, উত্তৰ অসম প্ৰান্তত প্ৰতি বছৰে সকলো জিলা কেন্দ্ৰত পথ সঞ্চলন কাৰ্যসূচী ৰূপায়িত কৰি আহিছে ৷ এই মৰ্মে, ২৮ জানুৱাৰীত প্ৰান্তৰ সকলো জিলাৰ লগতে গুৱাহাটী মহানগৰতো প্ৰান্তীয় পথ সঞ্চলন কাৰ্যসূচী ৰূপায়িত হয় ৷ গুৱাহাটী মহানগৰৰ আজিৰ পথ সঞ্চলন কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ কাৰ্যবাহ আদৰণীয় খগেন শইকীয়া দেৱ পূৰ্ণ সময় উপস্থিত থাকে। তাৰোপৰি গুৱাহাটী মহানগৰৰ মাননীয় সহ-সংঘচালক ৰুক্ম ভূঞা, জিলা প্ৰচাৰক ৰেবকান্ত নাথ, কাৰ্যবাহ ডাঃ ধীৰেণ দাস পাণিকা, সহঃ কাৰ্যবাহ অৰূপ বুজৰবৰুৱাও উপস্থিত থাকে।