অসমৰ পৰিস্থিতি ক্ৰমে জটিলৰ দিশে গতি কৰিছে ৷ কৰোনাৰ দ্বিতীয় ঢৌৰ ফলত ভয়াবহ হৈ পৰিছে ৰাজ্যৰ জনজীবন। বহিঃৰাজ্যৰ পৰা ৰাজ্যখনলৈ অহা লোকৰ বাবে সংক্রমণ বৃদ্ধি হোৱা বুলি সৰ্বত্ৰে চৰ্চিত হৈ আছে। তথাপি সজাগতাৰ দিশত এতিয়াও গা লৰা নাই একাংশ লোকৰ। ৰাজ্যৰ কৰ’ণাৰ বিভীষিকা অব্যাহত থকাৰ সময়তে ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ বাবে ঠায়ে ঠায়ে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত মাইক যোগে কভিড-১৯ অতিমাৰীৰ পৰা কি ধৰণে সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ ওপৰত ব্যাখ্যা আগবঢ়াইছে। লগতে ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে বিভিন্ন অঞ্চলৰ লোকৰ মাজত মাস্ক বিতৰণ কৰি সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। দেশত কৰ’ণাৰ দ্বিতীয় ঢৌ অব্যাহত থকাৰ সময়তে ডা: হেডগেৱাৰ স্মাৰক সমিতিয়ে জন স্বাস্হ্যৰ প্ৰতি লোৱা এনে সজাগতাক সৰ্বস্তৰৰ ৰাইজে প্ৰশংসা কৰিছে। মন কৰিবলগীয়া কথা যে,
বিগত দিন সমুহত ৰাজ্যত সংক্রমণ বৃদ্ধিৰ সংখ্যাই স্বাস্থ্য বিভাগৰ লগতে সৰ্বস্তৰৰ ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷