নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । উল্লেখ্য যে, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই এগৰাকী কিশোৰীক ২১ জুনৰ নিশা থানাৰ ভিতৰতে উলংগ কৰি ফটো তোলাৰ অভিযোগ উত্থাপন হৈছিল । এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৬ জুনত নলবাৰী সদৰথানাত এক গোচৰ দাখিল কৰিছিল যদিও এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।
ইয়াৰ পাছতে বুধবাৰে সমগ্ৰ ঘটনা ৰাজহুৱা হয় আৰু সমগ্ৰ নলবাৰীতে চাঞ্চল্য সৃষ্টি হয় । অসম আৰক্ষীক লজ্জানত কৰা এই ঘটনাই ব্যাপক চৰ্চা লাভ কৰাৰ পাছতে এতিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে ঘটনা সন্দৰ্ভত দোষী সাব্যস্ত হ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাইছে । ইয়াৰোপৰি POCSO আইনৰ অধীনত অভিযুক্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । এই ঘটনাৰ তদন্তৰ বাবে এগৰাকী মহিলা অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছে । ইফালে DIG (CWR)ক ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰতিবেদন দাখিল কৰিবলৈও কোৱা হৈছে ।