চাহ জনগোষ্ঠীয় সমাজৰ উত্তৰণৰ যাত্ৰাত এক অনন্য সংযোজন
তেজপুৰ নগৰত অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ ছাত্ৰাবাসৰ উদ্বোধন
আজি পৌৰাণিক নগৰ তেজপুৰত অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ ছাত্ৰাবাসৰ উদ্বোধন কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই ছাত্ৰাবাসৰ উদ্বোধন কৰে। মাংগলিক বিধিৰ অনুষ্ঠিত কৰা এই অনুষ্ঠানত তেজপুৰ নগৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ সম্পাদক ডঃ অমল বাউৰীয়ে তেজপুৰ নগৰত আজিৰ পৰা আৰম্ভ হ’বলগীয়া ন্যাসৰ তত্বাৱধানত পৰিচালিত শ্বহীদ মংগল কুৰ্কু ছাত্ৰ নিৱাস খনে চাহ জনগোষ্ঠীয় সমাজৰ উত্থানত এক বিশেষ অৱদান আগবঢ়াব বুলি কয়। আজিৰ এই শুভ ক্ষণত উপস্থিত হোৱা সকলোকে তেওঁ ধন্যবাদ জ্ঞাপন কৰে।
বিশিষ্ট ব্যক্তিসকলৰ দু-আষাৰত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিদ্যা ভাৰতী পূৰ্ৱোত্তৰ ক্ষেত্ৰৰ সংগঠন মন্ত্ৰী ডঃ পৱন তিৱাৰী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তেজপুৰ বিভাগ কার্যবাহ জয়ন্ত শৰ্মা, ন্যাসৰ সভাপতি ৰঞ্জিত বড়া, ন্যাসৰ সদস্য বীৰেন কৈৰী, বিশিষ্ট সাহিত্যিক সুশীল কুৰ্মী আদিয়ে এই কাৰ্যৰ প্ৰশংসা কৰে।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, অসম ক্ষেত্ৰৰ সহ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই নিজৰ ভাষণত কয় যে ভাৰতীয় শিক্ষা ব্যৱস্থাত ইংৰাজসকলে কৰা কু চক্ৰান্তৰ ফলত আমি আজিও গোলামী মানসিকতাৰ পৰা বাহিৰ হ’ব পৰা নাই।
আমি স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া উৎসৱ পালন কৰি আছোঁ কিন্তু আমি প্ৰকৃত অৰ্থত স্বতন্ত্ৰ হৈছো নে?
এটা জাতি তেতিয়ালৈকে উন্নত হ’ব নোৱাৰে যেতিয়ালৈকে জাতিটোৰ মনত আত্মবিশ্বাস আৰু আত্মগৌৰৱৰ ভাৱ জাগৰিত নহয়। বিদ্যা ভাৰতীয়ে জাতীয় শিক্ষা ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় সমাজত আত্ম বিশ্বাস আৰু আত্মগৌৰৱৰ ভাৱ জাগৰণৰ কাম কৰি আছে। অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাস বিদ্যা ভাৰতীৰ মাৰ্গদর্শনত চাহ জনগোষ্ঠীয় সমাজৰ শিক্ষা, সংস্কৃতি আদিৰ উত্থানৰ হকে গঠিত হোৱা এক ন্যাস। এই ন্যাসে আজি তেজপুৰ নগৰত আৰম্ভ কৰাৰ নিচিনাকৈ অসমৰ প্ৰতিখন জিলাতে একোখনকৈ ছাত্ৰাবাস স্থাপন কৰাৰ লক্ষ্য লৈছে। এই কামত আপোনালোক সকলোৱে সহায়, সহযোগ, সমৰ্থন আদি আগবঢ়ালে ন্যাসে নিশ্চয় ইয়াৰ লক্ষ্য-উদ্দ্যেশ্যত সফলতা লাভ কৰিব।
সভাৰ অন্তত ন্যাসৰ সম্পাদক ডঃ অমল বাউৰীয়ে শলাগৰ শৰাই আগবঢ়ায়।