
১০ জানুৱাৰীঃ পশ্চিম কাৰ্বি আংলং জিলাৰ উমছোৱাই অঞ্চলত শিশু শিক্ষা সমিতি অসমে নতুনকৈ চাৰিখন বিদ্যা নিকেতন স্থাপন কৰিছে ৷ এই উপলক্ষে কালি সন্ধিয়া অনুষ্ঠিত চাৰিখন বিদ্যা নিকেতনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই ৷ পশ্চিম কাৰ্বি আংলংৰ উমছোৱাইত স্থাপন হোৱা নতুন চাৰিখন বিদ্যা নিকেতন বিদ্যালয়ৰ উদ্বোধনী সভাত উদ্বোধন হিচাপে উপস্থিত থাকি ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই নিজৰ ভাষণত সমাজৰ উন্নয়নত শিক্ষাৰ গুৰুত্বৰ কথা বিশেষভাৱে উল্লেখ কৰে। তেওঁ জনজাতীয় পৰম্পৰা আৰু কাৰ্বি গুৰুকুল পদ্ধতি সংৰক্ষণৰ ওপৰত জোৰ দি কাৰ্বি সংস্কৃতিৰ সমৃদ্ধ ঐতিহ্য আৰু মূল্যবোধ গভীৰভাৱে আয়োজন কৰি শিকিব পাৰি সেয়া উল্লেখ কৰে ৷ তেওঁ দৃঢ়ভাবে পুনৰ কয় যে কোনো জনজাতীয় ভাষাক বিলুপ্ত হব দিয়া নহব ৷ কিয়নো এই ভাষাসমূহে দেশৰ সম্প্ৰদায়ৰ পৰিচয় আৰু ঐতিহ্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। তেওঁ এই ভাষাসমূহৰ স্থায়িত্ব নিশ্চিত কৰিবলৈ শিক্ষাৰ পাঠ্যক্ৰমত ইয়াৰ অন্তৰ্ভুক্তি কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ এক যৌথ প্ৰচেষ্টাৰ আৱশ্যকীয়তা প্ৰয়োজন আছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে আধুনিক শিক্ষাৰ সৈতে ঐতিহ্যগত জ্ঞান পদ্ধতিৰ সংৰক্ষণৰ এটি সুমধুৰ সংমিশ্ৰণ প্ৰতিফলিত কৰে, যিয়ে সমাজৰ সামগ্ৰিক উন্নয়ন আৰু দেশক সম্প্ৰদায়ৰ ক্ষমতায়নৰ বাবে অত্যন্ত প্ৰয়োজনীয়ও তেখেতে উল্লেখ কৰে ৷