দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হাউৰা গাঁও অঞ্চলত মঙলবাৰে সংঘটিত হোৱা এক সংঘৰ্ষত স্থানীয় এজন সন্ত্ৰাসবাদীক হত্যা কৰা বুলি দাবী কৰে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। কাশ্মীৰ আৰক্ষী মণ্ডলৰ এডিজিপিয়ে কয় যে, ‘এই অভিযানত এজন স্থানীয় সন্ত্ৰাসবাদী নিহত হোৱাৰ ওপৰিও সন্ত্ৰাসবাদী জনৰ পৰা অস্ত্ৰ-শস্ত্ৰকে ধৰি আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।
ইয়াৰ পূৰ্বে প্ৰাৰম্ভিক গুলীচালনাত আহত হয় এজন আৰক্ষী। এজন আৰক্ষী বিষয়াই জনোৱা মতে, আহত আৰক্ষী জোৱানজনক চিকিৎসাৰ বাবে ততালিকে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ।
গাঁওখনত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে ইনপুট পোৱাৰ পিছতে নিৰাপত্তা বাহিনীয়ে যৌথ অভিযান আৰম্ভ কৰিছিল। অভিযানটো নিৰীক্ষণ কৰি থকা এজন আৰক্ষী বিষয়াই জনোৱা মতে, সন্দেহজনক অঞ্চলটোৰ ঘেৰাও কৰাৰ লগে লগে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী দলটোৱে অনুসন্ধানকাৰী দলটোৰ ওপৰত গুলীচালনা কৰিবলৈ লয় । আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী ।
এতিয়ালকে জুন মাহত মুঠ ১২ জন সন্ত্ৰাসবাদীক হত্যা কৰাত সফল হৈছে , ইয়াৰ পূৰ্বে ১১ জন সন্ত্ৰাসবাদীক LoC ত হত্যা কৰা হৈছিল ।