
গুৱাহাটী: জম্মু-কাশ্মীৰৰ পেহলগামত পৰ্যটকৰ ওপৰত পাকিস্তানী মদতপুষ্ট কাশ্মীৰী সন্ত্ৰাসবাদীৰ আক্ৰমণৰ জঘন্য কাণ্ড অতি নিন্দনীয় আৰু হৃদয় বিদাৰক বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে । জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাত নিহত সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই আক্ৰমণত আহতসকলৰ আশু আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত সংঘই প্ৰাৰ্থনা জনোৱা বুলি সৰকাৰ্যবাহ গৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিৱলৈ দিছে । আমাৰ ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ ওপৰত এয়া আক্ৰমণ বুলি সদৰি কৰি হোসৱালেই সকলো ৰাজনৈতিক দল, সংগঠনক নিজৰ নিজৰ মাজত থকা মতানৈক্যৰ কথা পাহৰি পেহলগামৰ সন্ত্ৰাসবাদী কাৰ্যক গৰিহণা দিব লাগে বুলিও উল্লেখ কৰে। আনহাতে, চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰয়োজনীয় সকলো সাহায্য আৰু সহায় নিশ্চিত কৰাৰ লগতে এই আক্ৰমণৰ বাবে দায়ী লোকসকলক উপযুক্ত শাস্তি প্ৰদান নিশ্চিত কৰিব লাগে বুলিও হোসৱালেই প্ৰকাশ কৰিছে ৷