
ট্ৰাম্পৰ মূৰলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ
পেনচিলভেনিয়াত এখন নিৰ্বাচনী সভাত প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত প্ৰাণে মৰাৰ পৰিকল্পনা ৰচি গুলীচালনা কৰা হৈছিল ।
কিন্তু শ্বুটাৰৰ লক্ষ্য কিচু হেৰফেৰ হোৱাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ।
ভগৱান জগন্নাথে ডনাল্ড ট্ৰাম্পৰ জীৱন ৰক্ষা কৰিছিল নেকি ? অন্যথা, ট্ৰাম্পক যিধৰণে গুলীওৱা হৈছিল, তাৰ পৰা প্রাণ ৰক্ষা কৰাটো কঠিন হ’লহেঁতেন।
১৯৭৬ চনত, ডনাল্ড ট্ৰাম্পে নিউয়ৰ্কত প্ৰথম জগন্নাথ যাত্ৰা উলিয়াইছিল !
ডনাল্ড ট্ৰাম্পৰ সহায়ত নিউয়ৰ্কৰ পৰা উলিওৱা এই যাত্ৰাত পৰ্যাপ্ত পৰিমাণে পুঁজি যোগান ধৰাত সহায় কৰিছিল ডনাল্ড ট্ৰাম্পে। সেই জগন্নাথ যাত্ৰাত বিভিন্ন ধৰণৰ সহায়ৰ হাত আগবঢ়াইছিল ডনাল্ড ট্ৰাম্পে । আৰু বৰ্তমানে ৰথ যাত্ৰাৰ সময়ত ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা এই আক্ৰমণ ভয়ংকৰ আছিল যদিও ভগৱান জগন্নাথে তেওক ৰক্ষা কৰে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।
আমেৰিকান সময় অনুসৰি, গুলিচালনৰ ঘটনা যোৱা শনিবাৰে সন্ধিয়া প্ৰায় ৬.৩০বজাত সংঘটিত হৈছিল। এফ বি আয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে।