ডবকাৰ সৎনামী গাঁৱত ২২ সংখ্যক ধন্বন্তৰী যাত্ৰা, বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন
হোজাই, ৫ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ডবকা খণ্ডৰ অন্তৰ্গত সৎনামী গাঁৱত ৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ২২ সংখ্যক ধন্বন্তৰী যাত্ৰাৰ অংশস্বৰূপে এক বিশেষ চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰ সেৱা ভাৰতী পুৰ্বাঞ্চল আৰু নেচনেল মেডিকোজ অৰ্গেনাইজেছনৰ উদ্যোগত তথা সেৱা ভাৰতী গুজৰাটৰ সহযোগত অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে, ২২ সংখ্যক ধন্বন্তৰী যাত্ৰাৰ অংশস্বৰূপে আয়োজিত এই চিকিৎসা শিবিৰ স্থানীয় ৰাইজৰ বাবে অত্যন্ত উপকাৰী প্ৰতিপন্ন হয় আৰু ৰাইজৰ মাজত চিকিৎসা সম্পৰ্কীয় সচেতনতা বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰে।