সাধাৰণ হৈও এগৰাকী অসাধাৰণ মহিলা বিনীতা বড়ো।
আত্মসংস্থাপনৰ বাবে ল’লে এক সাহসিক পথ।
বহু তথাকথিত ‘নিবনুৱা’ৰ বাবে তেওঁ এক নিদৰ্শন।
এইগৰাকী উদ্যমী নাৰী নাম বিনীতা বড়ো, ঘৰ বাস্কা জিলাত । বড়ো জনগোষ্ঠীৰ এই সাহসী, উদ্যমী যুৱতীগৰাকীৰ কৰ্মস্পৃহাই লাজত পেলাব বহু তথাকথিত নিবনুৱাক । বিনীতাই হাতে-কাজে প্ৰমাণ কৰি দেখুৱাইছে
চাকৰি নহয়, আত্মসংস্থাপনৰ প্ৰকৃত পথ Entrepreneurship ।
অইন বহু যুৱতী মহিলাৰ দৰে বিনীতাইও কোনো চৰকাৰী চাকৰিৰ পিছত দৌৰিব পাৰিলেহেতেন। কিন্তু, আনে যোৱা বাটে যাব নিবিচৰা বিনীতাই সংস্থাপনৰ বাবে ল’লে সচৰাচৰ যুৱতী-মহিলাই সাহস নকৰা এটা পেচা ।
ডাম্পাৰৰ ড্ৰাইভিং চীটত বহিল বিনীতা।
চাকৰিৰ পৰিৱৰ্তে উদ্যমী বিনীতাই ল’লে ডাম্পাৰৰ ব্যৱসায়ৰৰ সিদ্ধান্ত। নিজেও শিকিলে ডাম্পাৰ চলাবলৈ । আৰু কম সময়ৰ ভিতৰতে দুখনকৈ ডাম্পাৰৰ স্বত্বাধিকাৰী হ’ল বিনীতা । যি সময়ত ডাম্পাৰ দেখিলেই মানুহে কোচ-মোচ খাই, সেইসময়ত বিনীতাই এগৰাকী যুৱতী হৈ ডাম্পাৰ চলাই, ডাম্পাৰৰ সফল ব্যৱসায় কৰি দেখুৱাই দিলে – নাৰী কোনো গুণে কম নহয় । যদিহে জীৱনত কিবা এটা কৰাৰ দুৰ্বাৰ বাসনা মনত থাকে, তেন্তে কোনো বাধাই বাধা হ’ব নোৱাৰে । হেভী ডিউটি ভেহিকল ব্যৱসায়ক পেচা হিচাপে বাচি লোৱা বিনীতাই নিকট ভৱিষ্যতত জেচিবি, ফকলেং আদিৰ দৰে আৰ্থ মুভিং হেভী ভেহিকল ক্ৰয় কৰাৰ সপোন পুহি ৰাখিছে । এই সাহসী, উদ্যমী যুৱতীগৰাকীৰ সকলো সপোন পূৰ্ণ হওক ।