News Publications অসমীয়া ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত ৩৭১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । ADMIN August 20, 2023 1 min read ডা০ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত ৩৭১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা । গুৱাহাটী : ২০ আগষ্ট ২০২৩ : ডাঃ হেডগেৱাৰ স্মাৰক সমিতিৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বছৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। ভাৰত মাতা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডাঃ কেশৱ বলিৰাম হেডগেৱাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে অৰূপ বুজৰবৰুৱাই। অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ অচ্যুত চন্দ্ৰ বৈশ্য। তেখেতে চিকিৎসা মহাবিদ্যালয়ত শিক্ষাদান কৰাৰ দীৰ্ঘ দিনৰ অভিজ্ঞতাৰে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক মূল্যবান প্ৰায়োগিক উপদেশ প্ৰদান কৰে। তেখেতে কয় যে কষ্টসহিষ্ণুতা, নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতা — এই তিনিটা গুণ থাকিলেহে এজন ছাত্ৰ সফল হ’ব পাৰে, । অনুষ্ঠানটিত মুখ্য বক্তা ৰূপে উপস্থিত থকা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক, অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হেমন্ত ধিং মজুমদাৰে উপদেশমূলক কাহিনী আৰু সংস্কৃত শুভাষিতেৰ ছাত্ৰ-ছাত্ৰীসকলক মন্ত্ৰমুগ্ধ কৰে। তেখেতে ভাষণ প্ৰসংগত যৌথ পৰিয়ালৰ মহত্বৰ কথা উল্লেখ কৰে। যিবিলাক সৰু সৰু কথাই এখন ঘৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সংস্কাৰযুক্ত কৰি তোলে, সেইবোৰ ঘৰত নিত্য ব্যৱহাৰত প্ৰয়োগ কৰাৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে। ডা০ হেডগেৱাৰ স্মাৰক সমিতিৰ সম্পাদক শ্ৰী খগেন শইকীয়াই অনুষ্ঠানটোৰ প্ৰাস্তাৱিক ভাষণ প্ৰদান কৰে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গুৱাহাটী মহানগৰ সংঘচালক গুৰু প্ৰসাদ মেধীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আশীষ বচন প্ৰদান কৰে। এই অনুষ্ঠানত ৩৭১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বন্দে মাতৰম গীতেৰে কাৰ্যসূচীৰ অন্ত পৰে। Continue Reading Previous Previous post: মাননীয় ৰাজ্যপালৰ উপস্থিতিত অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনNext Next post: Assam Chah Janagosthi Shiksha Sanskriti Nyas Celebrates its 3rd Foundation Day Related News Dr. Hedgewar Ji inspired ordinary citizens to serve the Nation – Sunil Ambekar Ji Dr. Hedgewar Ji inspired ordinary citizens to serve the Nation – Sunil Ambekar Ji August 27, 2026 RSS chief sides with Gen Z, Alpha RSS chief sides with Gen Z, Alpha August 27, 2026