ডিজিটেল ডেস্ক : কৰোনাৰ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰেপৰা দিল্লীত নৈশ সান্ধ্য আইন । এই নৈশ সান্ধ্য আইনৰ কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
উল্লেখযোগ্য যে কভিডৰ সংক্ৰমণ যাতে ৰোধ হয় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ মুখ্যমন্ত্ৰী কেজৰিৱালৰ । ইফালে এই নৈশ সান্ধ্য আইন আজি নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ হব সময়সীমা । আনহাতে এই নৈশ সান্ধ্য আইন ৩০ এপ্ৰিললৈ দিল্লীত অব্যাহত থাকিব । তদুপৰি দেশত ২৪ ঘন্টাই কভিডৰ ভেকচিন উপলব্ধৰ কথাও উল্লেখ কৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ।