নতুন দিল্লী, ১৫ মেঃ ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচলক শ্ৰী মোহনজী ভাগৱতে আজি কৰ’না সন্দৰ্ভত ভাৰতবাসীক উদ্দেশ্যি কয় যে ভাৰতীয় সমাজে নিশ্চিতভাৱে দৃঢ়তা, নিৰন্তৰ প্ৰচেষ্টা আৰু ধৈৰ্য্যৰে কৰোনা জয় কৰিব। তেওঁ কয় যে দেশৰ জটিলতাৰ এইসময়ত গুণাগুণ আৰু দোষৰ বিষয়ে আলোচনা কৰাৰ সময় নহয়, কিন্তু এই সময়ত সমাজৰ সকলো শ্ৰেণীয়ে একেলগে কাম কৰি সামূহিক প্ৰচেষ্টা কৰিব লাগিব যাতে আমি এই সংকট দূৰ কৰিব পাৰোঁ।
‘হাম জীতেংগে- পাজিতিতি আনলিমিটেড’ বক্তৃতা শৃংখলাৰ পঞ্চম আৰু অন্তিম দিনা শ্ৰী ভাগৱতে তেওঁৰ ভাষণত এনেদৰে দেশবাসীক সম্বোধন কৰি মন্তব্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচালক গৰাকীয়ে পুনৰ কয় যে যদি দেশৰ সকলোৱে এটা দল হিচাপে কাম কৰে, তেন্তে আমি সামূহিকতাৰ জৰিয়তে নিজৰ আৰু সমাজৰ গতি বৃদ্ধি কৰিব পাৰোঁ। এই সময়ত, আমি আমাৰ সকলো পাৰ্থক্য পাহৰি একেলগে কাম কৰিব লাগিব।
শ্ৰী ভাগৱতে কয় যে প্ৰথম ঢৌৰ পিছত, আমি এক বিশৃংখল অৱস্থাত আছিলো আৰু এতিয়া তৃতীয় ঢৌৰ কথা আছে। ইয়াৰ ফলত অৰ্থনীতি, নিযুক্তি, শিক্ষা আদিৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। অনাগত দিনবোৰত অৰ্থনীতি অধিক প্ৰভাৱিত হ’ব পাৰে, সেয়েহে আমি এতিয়াৰ পৰা ইয়াৰ বাবে প্ৰস্তুতি হব লাগিব। ভৱিষ্যতৰ এই প্ৰত্যাহ্বানবোৰ আলোচনা কৰিবলৈ ভয় নকৰিবলৈ দেশবাসীক আহ্বান জনায় কয় যে, আমি আগন্তুক প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰিবলৈ সময়মতে প্ৰস্তুত হোৱাটো গুৰুত্বপূৰ্ণ বিষয়।
তেখেতৰ বক্তব্যত পুনৰ কয় যে নিজকে সতৰ্ক, সক্ৰিয় আৰু স্বাস্থ্যৱান কৰি ৰাখি আমি ধৈৰ্য্য আৰু অনুশাসনৰ সৈতে সেৱাত জড়িত হোৱা উচিত। কৰোনা ৰোগীসকলে বিচনা, অক্সিজেন আদি নিশ্চিত কৰিবলৈ প্ৰচেষ্টা কৰিব লাগে। সেৱাৰ কামত নিয়োজিত সংগঠনবোৰে সহযোগিতা কৰা উচিত। আপুনি আপোনাৰ চাৰিওফালৰ পৰিয়ালবোৰৰ বিষয়ে চিন্তা কৰা উচিত যিবিলাক বিত্তীয় সংকটত আছে। ঘৰত খালী হৈ বহি নাথাকিব, নতুন কিবা শিকিব, পৰিয়ালত যোগাযোগ বৃদ্ধি কৰিবকৰিবলৈও আহ্বান জনায়।
শ্ৰী ভাগৱতে কয় যে সফলতা হজম কৰিব লাগিব আৰু একেৰাহে আগবাঢ়িবলৈ আমি প্ৰত্যেকে সাহস কৰিব আগবাঢ়িব লাগিব। ভাৰত এখন প্ৰাচীন ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষই অতীতত বহুতো বহু বাৰ দুৰ্যোগৰ সন্মুখীন হৈছিল। কিন্তু যেতিয়াই দেশবাসীয়ে নানান দুৰ্যোগৰ সময়ত এতিয়াও মূৰ তুলি সকলোবোৰত আমি জয়লাভ কৰিছো, এইবাৰো কৰ’নাৰ বিৰুদ্ধে যুঁজত আমি সকলোৱে জিকিম বা জিকিবই লাগিব। ইয়াৰ বাবে আমি সকলোৱে কৰোনাক আমাৰ শৰীৰৰ পৰা আঁতৰাই ৰাখিব লাগিব আৰু মনটো প্ৰতিমুহূৰ্ততে ইতিবাচক কাম-চিন্তাৰে ধৰি ৰাখিব লাগিব। এই কঠিন পৰিস্থিতিত কোনো কাৰণতে আমি ধৈর্য নেহেৰুৱাই নিৰাশ হোৱাৰ প্ৰয়োজন নাই । কিন্তু ইয়াৰ সৈতে যুঁজিবলৈ আৰু জিকিবলৈ সমগ্র দেশবাসীয়ে সংকল্প লোৱাৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ সৰসংঘচালক গৰাকীয়ে নিজৰ বক্তব্য প্ৰকাশ কৰি পুনৰ কয় যে, “এনে ধৰণৰ বাধা অতিক্ৰম কৰি মানৱতা সদায় পূৰ্বতে দেশবাসীয়ে আগবাঢ়ি গৈছে আৰু এইবেলিও নিশ্চয় আগবাঢ়ি যাব বুলি আশা ব্যক্ত কৰে। উল্লেখ্য,
কোভিড সঁহাৰি দলৰ দ্বাৰা আয়োজিত বক্তৃতা অনুষ্ঠান ১১ মেৰ পৰা ১৫ মে’লৈ দৈনিক আবেলি 4:30 বজাত 100 তকৈও অধিক মিডিয়া প্লেটফৰ্মত সম্প্ৰচাৰ কৰা হৈছিল। বক্তৃতা শৃংখলাটোৰ উদ্দেশ্য আছিল কৰোনা সংকটৰ সন্মুখীন হ’বলৈ সমাজত এক ইতিবাচক পৰিৱেশ সৃষ্টিকৰাত সহযোগিতা কৰি সকলোৱে আগবাঢ়ি যাওক।