ডিজিটেল ডেস্ক : দেশত কৰোনাৰ মহামাৰীয়ে লৈছে ব্যাপক ৰূপ । ইফালে আজি দেশৰ সৰ্বোচ্চ উচ্চতম ন্যায়ালয়তো কৰোনাত আক্ৰান্ত হৈছে বহু লোক। প্ৰায় ৫০ শতাংশৰো অধিক কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে বুলি তথ্য প্ৰকাশ ।
উল্লেখযোগ্য যে ইয়াৰ পিছত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি য়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে ভিডিঅ কনফাৰেন্সঙৰ জৰিয়তে এতিয়াৰে পৰা শুনানি প্ৰদান কৰিব ।
ইফালে দেশত বিগত ২৪ ঘন্টাত কৰোনাত আক্ৰান্ত হৈছে ১,৭০,১৯৫ গৰাকীকৈ লোক । তাৰোপৰি দেশত ৰবিবাৰৰ দিনটোত মৃত্যু হৈছিল ৯০৪ গৰাকী লোকৰ ।
আনহাতে বৰ্তমান দেশত চিকিৎসাধীন হৈ আছে ১২,০১,০০৯ গৰাকীকৈ লোক আৰু দিনটোত চিকিৎসালয়ৰ পৰা ৭৫,০৮৬ গৰাকী লোকক সুস্থ কৰি ঘৰলৈ যাব দিয়া হয় ।