ডিজিটেল ডেস্ক : দেশৰ মুখ্য ন্যায়াধীশ ৰূপে দায়িত্বভাৰ প্ৰদান কৰিব এন ভি ৰামাণলৈ। উল্লেখযোগ্য যে এই গৰাকীয়ে হব দেশৰ ৪৮তম মুখ্য ন্যায়াধীশ । আনহাতে মুখ্য ন্যায়াধীশ এন ভি ৰামায়ণে ২৪ এপ্ৰিলৰ পৰা লব দায়িত্ব ভাৰ । ইয়াৰ আগতে বৰ্তমান ন্যায়াধীশ এছ এ ববদে’ ২৩ এপ্ৰিলৰ দিনাখনে অবসৰ গ্ৰহণ কৰিব । ইফালে অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ পোনাভাৰাম গাঁৱত জন্ম গ্ৰহণ কৰা দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ এন ভি ৰামাণৰ বয়স ৬৩ বছৰ । আনহাতে অন্ধ্ৰ প্ৰদেশৰ আদালতকে ধৰি অন্ধ্ৰ প্ৰদেশৰ কেবিনেট আৰু প্ৰশাসনীয় আদিতো ওকালতিৰ কাৰ্যভাৰ কৰিছিল পৰৱৰ্তী দেশৰ ন্যায়াধীশ গৰাকীয়ে। লগতে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বহু দিন কাৰ্যভাৰ সুকলমে সমাপন কৰে।