ডিজিটেল ডেস্ক : নলবাৰীঃ মাস্ক পৰিধান, সামাজিক দুৰত্ব আৰু পৰিচ্ছন্নতাৰ জৰিয়তে আতৰি থাকক কোভিদ ১৯ৰ ভয়াবহতাৰ পৰা৷ এই উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নলবাৰী নগৰ সমিতিৰ দ্বাৰা এক অভিযান চলোৱা হয়৷ বৃহস্পতিবাৰে চহৰখনৰ বিভিন্ন স্থানত স্বয়ংসেৱক সকলে বিনামূলীয়া মাস্ক বিতৰণ কৰাৰ লগতে চেনিটাইজাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক বুজাই৷ লগতে মাইক যোগেও কোভিদ কালত মানিব লগীয়া স্বাস্থ্যবিধি সন্দৰ্ভতো ঘোষণা কৰে৷ নলবাৰী চহৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আৰ এছ এছৰ নলবাৰী নগৰৰ কাৰ্যবাহ চন্দন দত্ত, প্ৰচাৰ বিভাগৰ সদস্য ৰিতু বৰ্মন, জ্যেষ্ঠ কৰ্মকৰ্তা বিষ্ণু দাস, আন্তৰাষ্ট্ৰীয় কুংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ আদি বহুকেইজন উপস্থিত থাকে এই কাৰ্যসূচীত৷