নিয়ম উলংঘা কৰি নিলম্বনৰ সন্মুখীন হৈছে দেশৰ আগশাৰীৰ দৌৰবিদ ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস।
হিমা দাসে সর্বাধিক দুবছৰলৈকে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি এগৰাকী বিষয়াই প্ৰকাশ কৰিছে। অৱশ্যে দৌৰবিদগৰাকীৰ দোষৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি এই শাস্তিৰ ম্যাদ এবছৰলৈ হ্ৰাস হ’বও পাৰে।
এবছৰৰ ভিতৰত তিনিবাৰকৈ ড’পিং টেষ্টত অৱতীৰ্ণ নোহোৱাৰ বাবে তাৰকাগৰাকীক ৰাষ্ট্ৰীয় এন্টি ডপিং এজেন্সীয়ে সাময়িকভাৱে নিলম্বন কৰিছে।
ইতিমধ্যে আঘাতৰ বাবে চীনৰ হাংঝৌত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছৰ পৰা নাম প্ৰত্যাহাৰ হৈছে হিমাৰ। হিমা দাসে ২০১৮ জাকার্টা এছিয়ান গেমছত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক জিকিছিল। স্প্রিন্টাৰগৰাকীয়ে মহিলাৰ ৪ x ৪০০ মিটাৰ ৰিলেতো পদক অৰ্জন কৰিছিল৷ আঘাতৰ বাবেই তেওঁ ফেডাৰেচন কাপৰ পৰা বাহিৰত থাকিবলগীয়া হৈছিল৷ হিমাই বাংগালোৰত ইণ্ডিয়ান গ্ৰেণ্ড প্রিক্সৰ এদিন পূর্বে আঘাতপ্ৰাপ্ত হৈছিল