শুকুৰবাৰে পুৱা ইছৰোৱে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-৮ (ই অ’ এছ-৮) উৎক্ষেপণ কৰে । এই সন্দৰ্ভত এক্সৰ এক বাৰ্তাত ইছৰোৱে কয়, “এছ এছ এল ভিৰ তৃতীয় উন্নয়নমূলক উৎক্ষেপণ সফল হৈছে । এছ এছ এল ভি-ডি3-য়ে ই অ’ এছ-08 ক কক্ষপথত সঠিকভাৱে স্থাপন কৰিছে । ই ইছৰো/ডি অ’এছৰ এছ এছ এল ভি উন্নয়ন প্ৰকল্প সফলতাৰে সম্পূৰ্ণ হোৱাটো চিহ্নিত কৰে । প্ৰযুক্তি স্থানান্তৰৰ জৰিয়তে ভাৰতীয় উদ্যোগ আৰু এন এছ আই এল ইণ্ডিয়াই এতিয়া বাণিজ্যিক অভিযানৰ বাবে এছ এছ এল ভি উৎপাদন কৰিব ।”
ইছৰোৰ মতে, এই উৎক্ষেপণৰ বাবে চাৰে ছয় ঘণ্টাৰ কাউণ্টডাউন পুৱা ২.৪৭ বজাত আৰম্ভ হয় । এয়া হৈছে এছ এছ এল ভি-ডি3/ই অ’ এছ-08 অভিযানৰ তৃতীয় আৰু অন্তিম উন্নয়নমূলক উৎক্ষেপণ । মহাকাশযানখন এবছৰৰ মিছন সময়সীমাৰ বাবে নিৰ্মাণ কৰা হৈছে ।
ই অ’ এছ-08 অভিযানৰ মুখ্য উদ্দেশ্য হৈছে এটা মাইক্ৰ’-ছেটেলাইট ডিজাইন আৰু বিকাশ কৰা, মাইক্ৰ’-ছেটেলাইট বাছৰ সৈতে সামঞ্জস্যপূৰ্ণ পেলোড সঁজুলি সৃষ্টি কৰা আৰু ভৱিষ্যতৰ কাৰ্যকৰী উপগ্ৰহৰ বাবে প্ৰয়োজনীয় নতুন প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা । ইছৰোৰ এক বিজ্ঞপ্তিত পূৰ্বতে এইকথা উল্লেখ কৰে ।
মাইক্ৰ’ছেট/আই এম এছ-1 বাছত নিৰ্মিত ই অ’ এছ.-08-ত তিনিটা পেলোড আছে । সেইকেইটা হৈছে ইলেক্ট্ৰ’-অপ্টিকেল ইনফ্ৰাৰেড পেলোড , গ্ল’বেল নেভিগেচন ছেটেলাইট ছিষ্টেম-ৰিফ্লেক্টোমেট্ৰি পেলোড আৰু এছ আই চি ইউ ভি ডচিমিটাৰ ।
মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-৮ (ই অ’ এছ-৮) সফল উৎক্ষেপণৰ পিচত শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোক অভিনন্দন জ্ঞাপন কৰে ।এক্সত তেওঁ লিখিছে, “এছ এছ এল ভি-ডি৩ উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন । ই পৰিৱেশ নিৰীক্ষণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ সুবিধা প্ৰদান কৰি পৃথিৱীৰ স্থিৰতা বৃদ্ধি কৰিব ।”