
আসাম লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেচন আইন-১৮৮৬ত নতুন অধ্যায়ৰ সংযোজন
ৰাজ্যত অনুষ্ঠিত হ’বলগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment Exam) চমুকৈ ADRE পৰীক্ষাৰ আৰ্হিক লৈ চলি থকা জল্পনা-কল্পনাৰ অৱশেষত অৱসান ঘটিল। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে পূৰ্বৰ আৰ্হিতেই এইবাৰো অনুষ্ঠিত হ’ব ADRE পৰীক্ষা। ADRE পৰীক্ষাৰ আৰ্হি কেনেকুৱা হ’ব, কি কি বিষয়ত প্ৰশ্ন আহিব, কোন কোন বিষয়ত কিমান নম্বৰৰ প্ৰশ্ন আহিব এনেধৰণৰ বহু প্ৰশ্নক লৈ প্ৰাৰ্থীসকল চিন্তিত হৈ থকাৰ সময়তে পৰীক্ষাটো নিয়ন্ত্ৰণ কৰিব লগা ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে সোমবাৰে প্ৰকাশ কৰিলে পৰীক্ষাৰ ছিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি।তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাত থাকিব ১৫০টা বহুবিকল্পী প্ৰশ্ন (MCQ)।
প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১/৪ অৰ্থাৎ এক চতুৰ্থাংশ ঋণাত্মক নম্বৰ (Negative Marking)। অৰ্থাৎ উদাহৰণস্বৰূপে ১ নম্বৰৰ প্ৰশ্নটোৰ বিপৰীতে থাকিব ০.২৫ ঋণাত্মক নম্বৰ। প্ৰতিটো প্ৰশ্নৰ বিপৰীতে এটাতকৈ অধিক বিকল্প চয়ন কৰিলে প্ৰশ্নটোৰ উত্তৰ ভুল বুলি গণ্য কৰিব। পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত থাকিব। পৰীক্ষাৰ তাৰিখ আৰু সময় পৰৱৰ্তী সময়ত অৱগত কৰা হ’ব।
স্নাতক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৭৫। ৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’বলগা পৰীক্ষাটোত Social Studiesৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Knowledgeৰ পৰা আহিব ৩৫টা প্ৰশ্ন, Logical Reasoning And Mental Abilityৰ পৰা আহিব ২০টা প্ৰশ্ন, General Mathematicsৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Englishৰ পৰা আহিব ১০টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। আনহাতে, Reading Comprehension and English Languageৰ পৰা আহিব ২৫টা প্ৰশ্ন আৰু এই ২৫টা প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে ২ নম্বৰকৈ থাকিব।
আনহাতে
উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদৰ বাবে থাকিব মুঠ ১৫০টা প্ৰশ্ন আৰু মুঠ নম্বৰ থাকিব ১৫০। ৩ ঘণ্টা সময়জুৰি অনুষ্ঠিত হ’বলগা পৰীক্ষাটোত Social Studiesৰ পৰা আহিব ৩০টা প্ৰশ্ন, General Knowledgeৰ পৰা আহিব ৩০টা প্ৰশ্ন, Logical Reasoning And Mental Abilityৰ পৰা আহিব ২০টা প্ৰশ্ন, General Mathematicsৰ পৰা আহিব ৩৫টা প্ৰশ্ন, General Englishৰ পৰা আহিব ৩৫টা প্ৰশ্ন আৰু এই সকলোবোৰ প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব।আনহাতে, চতুৰ্থ বৰ্গৰ পদৰ বাবে দুটা শাখাত অনুষ্ঠিত হ’ব পৰীক্ষা। অষ্টম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে এটা আৰু দশম শ্ৰেণীলৈকে শিক্ষা অৰ্হতা থকা প্ৰাৰ্থীসকলৰ বাবে আন এটা পৃথক শাখাত অনুষ্ঠিত হ’ব পৰীক্ষা। দুয়োটা শাখাৰ পৰীক্ষাত English, Social Studies, Mathematics, General Knowledge আৰু Mental Ability and Logical Reasoning বিষয়ৰ পৰা আহিব প্ৰশ্ন