ইউনূচ প্ৰশাসনৰ ছত্ৰছায়াত চলিছে অকথ্য নিৰ্যাতন
বাংলাদেশী হিন্দু ভাই-ভনীৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ মুখৰ ভাৰতৰ সনাতনী সমাজ
বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত চলা ইছলামিক জিহাদীৰ বিভৎস আক্ৰমণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিশ্বৰ হিন্দু সমাজ। এগৰাকী নোবেল বিজয়ী প্ৰশাসকৰ শাসন-তন্ত্ৰত ঘটি থকা জঘন্য কাণ্ড শীঘ্ৰেই অন্ত পেলোৱাৰ দাবীত নতুন দিল্লীৰ পৰা নিউয়ৰ্কলৈ গুঞ্জৰিত হৈছে প্ৰতিবাদ। ভাৰতত, বিশেষকৈ বাংলাদেশৰ সীমাভাগী অসম আৰু ত্ৰিপুৰাৰ হিন্দু জনগনই উত্থাপন কৰিছে বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী। অসমত বুধবাৰে লোক জাগৰণ মঞ্চৰ উদ্যোগত জিলাই জিলাই হিন্দু জনতাই বাংলাদেশত হিন্দুৰ ওপৰত চলা অকথ্য নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে, ত্ৰিপুৰাত বাংলাদেশী পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে হোটেল-ৰেষ্ট্ৰ’ৰেন্ট পৰিসেৱা। লগতে বন্ধ কৰা হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা সেৱা। অনুৰূপ কঠোৰ সিদ্ধান্ত লৈছে পশ্চিমবংগৰো একাধিক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে।
উল্লেখনীয়, অৰ্থনীতিবিদ মহম্মদ ইউনূচ নেতৃত্বাধীন অন্তৰ্ৱতীকালীন চৰকাৰে বাংলাদেশৰ শাসনভাৰ লোৱাৰে পৰা চুবুৰীয়া ৰাষ্ট্ৰখনত ইছলামিক মৌলবাদীৰ দৌৰাত্মই চৰম ৰূপ ধাৰণ কৰিছে। বিগত ২৬ নৱেম্বৰত সংবাদ প্ৰতিষ্ঠানৰ আগত বাংলাদেশৰ বিভিষিকাময় পৰিস্থিতিৰ বৰ্ণনা কৰি বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মনীন্দ্ৰ কুমাৰ নাথে দাঙি ধৰিছিল কেতবোৰ চাঞ্চল্যকৰ তথ্য। নাথে জনোৱা মতে, বাংলাদেশৰ সংখ্যালঘু জনসাধাৰণৰ বিৰুদ্ধে হত্যা, অপহৰণ, যৌন নিৰ্যাতনৰ দৰে দুই সহস্ৰাধিক ঘটনা সংঘটিত হৈছে। দেশখনৰ ৬৪খন জিলাতে হিন্দু, বৌদ্ধ আৰু খ্ৰীষ্টান নাগৰিকৰ ওপৰত চলিছে অমানুষিক, পাশৱিক অত্যাচাৰ। ইছলামিক জিহাদীৰ জীঘাংসাৰ বলি হৈ মৃত্যুক সাৱটি লৈছে কেইবাজনেও। অথচ সকলো দেখি-শুনিও নীৰৱ-নিতাল মাৰি আছে মহম্মদ ইউনূচৰ প্ৰশাসনে। বিপৰীতে হিন্দু তথা অন্যান্য সংখ্যালঘুৰ সুৰক্ষা আৰু অধিকাৰৰ হকে মাত মতা প্ৰতিবাদী কণ্ঠক দমন কৰাৰ নীতিহে লৈছে ইউনূচ চৰকাৰে। তাৰ জ্বলন্ত উদাহৰণ বাংলাদেশ সন্মিলিত সনাতন জাগৰণ জোঁটৰ নেতা তথা ইস্কনৰ সন্যাসী চিন্ময় কৃষ্ণ দাসৰ অনৈতিক গ্ৰেপ্তাৰ আৰু কাৰাগাৰত নিক্ষেপন। চিন্ময় কৃষ্ণ দাসক অধিবক্তাৰ সেৱাৰ পৰাও বঞ্চিত কৰি ইছলামিক জিহাদীৰ এজেণ্ডাক আগুৱাই নিয়াত হে সহযোগ কৰিছে ইউনূচ প্ৰশাসনে।
বাংলাদেশত চৰম বিপৰ্যয়ৰ সন্মুখীন হোৱা হিন্দু আৰু অন্যান্য সংখ্যালঘু জনতাৰে সহমৰ্মিতা প্ৰকট কৰি অসমৰ চুকে-কোণে জাগ্ৰত হৈছে হিন্দু সমাজ। লোক জাগৰণ মঞ্চ, অসমৰ উদ্যোগত সমগ্ৰ অসমত বুধবাৰে এলানি প্ৰতিবাদী কাৰ্যসূচী আয়োজিত হয়। গুৱাহাটীত চচল স্থিত নিৰ্ধাৰিত ধৰ্ণাস্থলীত মঞ্চৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত কেইবা শতাধিক হিন্দু জনতাই সন্মিলিত হৈ বাংলাদেশ চৰকাৰক নাকী লগোৱাৰ হকে দাবী সাব্যস্ত কৰে। সমবেত প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ চৰকাৰ তথা সংখ্যাগুৰুসকল সংযত নহ’লে, হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ নহ’লে বাংলাদেশক পৃথিৱীৰ মানচিত্ৰৰ পৰাই নিশ্চিহ্ন কৰাৰো দাবী তোলে। লোক জাগৰণ মঞ্চ ধুবুৰী, যোৰহাট, গোলাঘাট, ৰঙিয়া, ডিব্ৰুগড়, নলবাৰী, কাৰ্বি আংলং, হোজাই, বাক্সা, তিনিচুকীয়া, চিৰাং, ধেমাজি, চৰাইদেউ, গোৱালপাৰা, বিশ্বনাথ, মৰিগাঁও, নগাঁও, লখিমপুৰ, বঙাইগাঁও, দক্ষিণ কামৰূপ, দৰং, মাজুলী, বৰপেটা আদি জিলা সমিতি সমূহৰ উদ্যোগত সমগ্ৰ ৰাজ্যৰ লাখ লাখ হিন্দু নাগৰিকে বুধবাৰে বাংলাদেশৰ ঘটনাৱলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে, জিলা আয়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰ তথা বাংলাদেশ চৰকাৰলৈ নিৰ্যাতন বন্ধৰ দাবীৰে স্মাৰক পত্ৰও প্ৰেৰণ কৰে। লোক জাগৰণ মঞ্চ, অৰুণাচল প্ৰদেশৰ উদ্যোগতো ৰাজ্যখনৰ ভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। ত্ৰিপুৰাত সনাতনী ঐক্য মঞ্চৰ উদ্যোগত লক্ষাধিক হিন্দুয়ে প্ৰতিবাদ সাব্যস্ত কৰে। অনস্বীকাৰ্য, অসম-ত্ৰিপুৰা-পশ্চিমবংগৰ লগতে দেশৰ ভিন্ন ৰাজ্যত এনেদৰে একত্ৰিত ভাবে ভাৰতীয় হিন্দু সমাজ বাংলাদেশৰ হিন্দুসকলৰ স্বাৰ্থত ওলাই অহা কাৰ্যই স্বাভাবিকতে চাপত পেলাইছে বাংলাদেশৰ ইউনূচ চৰকাৰক। আমেৰিকাত ট্ৰাম্প প্ৰশাসনৰ আগমন তথা তথাকথিত “ডীপ ষ্টেট”ৰ ক্ষমতাহীন অৱস্থাই ইতিমধ্যেই চিন্তিত কৰি ৰাখিছে মহম্মদ ইউনূচক। এনে সময়তে বাংলাদেশৰ হিন্দু জনসাধাৰণৰো একান্তই কাম্য, একত্ৰিত হওক ভাৰতৰ হিন্দু সমাজ, বিশ্বৰ হিন্দু সমাজ, যাতে আন্তঃৰাষ্ট্ৰীয় হেঁচাত ইউনূচ প্ৰশাসন বাধ্য হয় বাংলাদেশৰ জমিয়তৰ দৰে ইছলামিক জিহাদীৰ বৰ্বৰতা ৰোধ কৰিবলৈ।