
বিজ্ঞান পৰীক্ষাৰ পোষ্টাৰ উন্মোচন সৰসংঘচালক মহোদয়ৰ, ১৩ নৱেম্বৰত পৰীক্ষা
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা° মোহন ভাগৱত জীয়ে দেওবাৰে ৰাজস্থানৰ বাৰাঙত গো বিজ্ঞান অনুসন্ধান তথা সামান্য জ্ঞান পৰীক্ষাৰ পোষ্টাৰ উন্মোচন কৰে। এই পৰীক্ষা অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ।
ক্ষেত্ৰ গো সেৱা গতিবিধি প্ৰমূখ ৰাজেন্দ্ৰ পামেচাই জনোৱা মতে, ছাত্ৰ-ছাত্ৰীৰ মনত গো মাতাৰ প্ৰতি সেৱা আৰু সুৰক্ষাৰ ভাব জগোৱাই এই পৰীক্ষাৰ উদ্দেশ্য। গো মাতাৰ পঞ্চগব্যৰ চিকিৎসা আৰু আধুনিক চিকিৎসাবিজ্ঞানৰ গুৰুত্বপূৰ্ণ স্থান আছে । ভাৰতীয় গাইৰ পিঠিত কুঁজ থাকে, যাক সূৰ্যকেতু নাড়ী বুলি কোৱা হয়। ইয়াৰ মাজেৰে সূৰ্যৰ কিৰণ গাইৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে। সেইবাবেই গাইৰ গাখীৰ আৰু গাখীৰৰ পৰা উৎপন্ন ঘীৰ ৰং হালধীয়া হয় , যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পৰীক্ষাৰ মাধ্যমেৰেই গো মাতাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে গো উৎপাদন পঞ্চগব্য, গোট কাষ্ট আদিৰ ব্যৱসায়িক তথা বিজ্ঞান আধাৰিত জ্ঞান বিদ্যাৰ্থী সকলৰ প্ৰাপ্তি হয় । ২০১১ চনৰ পৰাই এই পৰীক্ষাৰ আয়োজন কৰি অহা হৈছে আৰু এতিয়ালৈকে ৮বাৰ এই পৰীক্ষাৰ আয়োজন কৰা হৈছে।
সংঘৰ গো-সেৱা গতিবিধিৰ বিভিন্ন আয়ামৰ ভিতৰত আছে গো চিকিৎসা, গো আধাৰিত কৃষি, গো-উৰ্জাৰ ক্ষেত্ৰত গোবৰ গেছৰ পৰা বিজুলী উৎপাদন আৰু বলধ গৰুৰে ট্ৰেক্টৰ আৰু জেনেৰেটৰ চলোৱাক উৎসাহিত কৰা । পঞ্চগব্যৰ পৰা মনুষ্যৰ চিকিৎসাৰ বিভিন্ন সামগ্ৰী গো ঘৃত বাম, অমৃতধাৰা আদিৰ বিপননৰ সম্ভাৱনীয়তাৰ সন্দৰ্ভত সমাজত সজাগতা সৃষ্টিৰ বাবেই গো বিজ্ঞান পৰীক্ষা তথা গো কথাৰ আয়োজন কৰা হয় । গো সংৰক্ষণ-সংবৰ্ধনৰ বাবে স্বাৱলম্বী সুৰভি গ্ৰাম, গোসৰ ভূমি সংৰক্ষণ আৰু গোশালাসমূহক দিশ প্ৰদান তথা নিয়ন্ত্ৰণৰ কাৰণেও আয়াম আছে।
ৰাজস্থানত বিগত বৰ্ষত ১২৩৬ কৃষকে গো আধাৰিত কৃষি কৰ্ম আৰম্ভ কৰে । গোবৰৰ দ্বাৰা নিৰ্মিত চাকিৰে দীপাৱলী উদ্যাপনৰ বাবে ৪৭৩৫৫০ খোৰ চাকি প্ৰস্তুত কৰা হয় । গোময় গণপতি নিৰ্মাণ হয় ১৩২২৪ । তদূপৰি ৪০ স্থানত আয়োজিত গো-কথাত ২৩৩৭৭ গো বন্ধুৱে অংশ লয় । গোপাষ্টমীত গোট মাতা পূজনত ৭০৮৭৪ সহযোগীয়ে ভাগ লয় । সদ্যহতে, এই কাৰ্যত ২০২৩ গৰাকী কাৰ্যকৰ্তা জড়িত হৈ আছে ।