
বিনামূলীয়া চকু পৰীক্ষা শিবিৰ
ৰাষ্ট্ৰী্য় স্বয়ংসেৱক সংঘ, যোৰহাট নগৰ সেৱা বিভাগৰ উদ্যোগত বিগত ২২ ছেপ্টেম্বৰ দেওবাৰে যোৰহাট বলীয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত এটি বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰু সুলভ মূল্যত চশমা বিতৰণ কাৰ্য্যসূচী সুচাৰুৰূপে আয়োজিত হয়। উত্তৰ অসম প্ৰান্তৰ সহ:সংঘচালক মাননীয় শ্ৰীযুত প্ৰদীপ শইকীয়াই এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত নগৰ সহ: সংঘচালক ডা° ভক্তিময় ভট্টাচাৰ্য্য, নগৰ প্ৰচাৰক শ্ৰী প্ৰাঞ্জল গগৈ, বিশ্ব হিন্দু পৰিষদৰ গোসুৰক্ষা সমিতিৰ প্ৰান্ত প্ৰমূখ শ্ৰী অঙ্কুৰ বেজবৰুৱা, জিলা শাৰিৰীক প্ৰমূখ শ্ৰী পাৰ্থজীৎ নেওগ, জিলা আৰু নগৰ ব্যৱস্হা প্ৰমূখদ্বয় শ্ৰী বিষ্ণু শৰ্মা আৰু জয়ন্ত সাহা ডাঙৰীয়াকে আদি কৰি বহুসংখ্যক স্বয়ংসেৱক উপস্হিত থাকে । শিবিৰত প্ৰায় সত্তৰ জন ব্যক্তিয়ে চকু পৰীক্ষা কৰাৰ লগতে বিশজনক সূলভ মূল্যত চশমা বিতৰণ কৰা হয়।