দেশৰ বিপৰ্যয়ৰ সময়ত ধৈর্য সহকাৰে আগবাঢ়িব লাগিব।
বিশ্বত হোৱা অতিমাৰীৰ বাবে বিগত প্ৰায় দুবছৰ ধৰি সমগ্র মানবজাতিৰ সামাজিক জীৱনৰ গতি প্ৰায় স্তব্ধহৈ পৰিছে.। তাৰোপৰি আমাৰ আত্মীয় স্বজন, প্ৰতিবেশী বা অইন বহুতো ব্যক্তিৰ কৰ’নাত আক্রান্ত হৈ মৃত্যু ঘটিছে। এই সময়ত আমি সকলোৱে এক মানসিক চাপত আছো। এলেকৈ আৰু কিমান দিন , কেতিয়া ইয়াৰ অৱসান ঘটিব ? এই অভিমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্বিবিদ্যালয়ৰ উপাচার্য ডঃ হিতেশ ডেকাৰ। বিশ্ব সংবাদ কেন্দ্র, অসমৰ
দ্বাৰা আয়োজিত ইতিবাচক অন্বেষণ- এক ব্যাখ্যান শৃংখলৰ আজি দ্বিতীয় দিনা বক্তৃতা প্রদান কৰি উপাচার্য গৰাকীয়ে কয় যে, যুগে যুগে বা সভ্যতাই সভ্যতাই এনেকুৱা বিপৰ্যয় আগতেও হৈছে। এই বিপৰ্যয়ৰ সময়ত মানসিক চাপৰ সময়ত আমি কি কৰিম ! স্কুল ,কলেজ, কাৰ্যাালয় বন্ধ, পৰীক্ষা হব নে নহব তাৰো নিস্চয়তা নাই । কেতিয়া স্কুল, কলেজ খুলিব আদি নানাান ভবিষ্যতৰ চিন্তাত সকলোৱে মানসিক চাপত আছে বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে, এনে ব্যৱস্থাৰ ওৰ পেলাব লাগিব চিকিৎসা বিজ্ঞানী বা ডাক্তৰসকলে । এইক্ষেত্ৰত আমি ধৈৰ্য সহকাৰে আগবঢ়াৱ লাগিব। এইখিনি সময়ত আমি লব লগা আটাইতকৈ ডাঙৰ কথাটো হল স্বাস্থ্যৰ প্ৰতি যতন। কাাাৰণৰ দেহা থাকিলেহে বেহা, স্বাস্থ্যই পৰম ধন । এই সন্দৰ্ভত তেখেতে স্বাস্থ্য ভালে ৰাখিবৰ বাবে সকলোৱে পুৱা আধা ঘণ্টা বা ৪৫ মিনিট যোগাভ্যাস, যোগাসন , প্ৰাণায়াম , ধ্যান বা –Meditation কৰাটো অত্যন্ত প্ৰয়োজন বুুলি মন্তব্য কৰে৷ এইসময়ত আমি নেতিবাচক কথাবোৰ ভাবি থাকিলে সমস্যাটোৰ ওৰ নপৰে বুলি সদৰি কৰি উপাাচার্য গৰাকীয়ে এই গোটেই বিষয়টো আমি ইতিবাচক হিচাবে লব পাৰো বুলি অভিহিত কৰে। আমি যদি কৰোণাৰ বিষয়টো ইতিবাচক বিষয় হিচাবে লও, এইটো এটা সুযোগ হব পাৰে। কিয়নো বিশেষকৈ
ছাত্র-ছাত্ৰী সকলে প্ৰতিযোগিতা মুলক পৰিবেশত থাকি সঘনে হোৱা পৰীক্ষাই সেই সুযোগ দিয়া নাছিল। গতিকে সাম্প্রতিক সময়ত আমি নিজেই আমাৰ জীৱনটো দৰ্শন কৰিব পাৰো। আনকি, আমাৰ পৰিয়ালবোৰত কৰ্মব্যস্ততাৰ বাবে একেলগে বহি ভাত খোৱাৰ সুযোগ নাছিল বুলি তাৎপর্যপূর্ণ মন্তব্য পুনৰ কয় যে কৰ’নাই আজি আমাক সেই সুযোগ দিছে। কৰ’না অতিমাৰীয়ে আমাক আত্মদৰ্শন কৰিবলৈ পৰিয়ালৰ লগত মিলিবলৈ সুযোগ দিছে। গতিকে আমি বেছি নেতিবাচক কথা চিন্তা কৰিব নালাগে। আনহাতে, কেবল কৰ’না কালেই বুলি নহয়, মানুহে নেতিবাচক কথাক স্থান দিবই নালাগে বুলি মন্তব্য কৰি উপাচার্য গৰাকীয়ে কয় সদায় ইতিবাচক চিন্তাৰে আগবাঢ়িব লাগে। Be positive, act positively. আৰু আমাৰ জীৱনৰ যিটো atitude ইতিবাচক দৃষ্টিভঙ্গী ।এই ইতিবাচক দৃষ্টিভঙ্গীয়ে আমাক এক বেলেগ পৰ্যায়লৈ লৈ যাব পাৰে। আনহাতে, ছাত্র-ছাত্ৰী পঢ়াা সন্দৰ্ভত তেখেতে কয় যে, মানুহে জীৱনত পঢ়িব লাগে, মাৰ্ক চীটখনৰ গুৰুত্ব আছে, কিন্তু মাৰ্ক চীটখনেই একমাত্ৰ নহয় বুলি গুৰত্বপূৰ্ণ মন্তব্য কৰি মানুহৰ জীৱনৰ পৰীক্ষা বহুত মাৰ্কচিটৰ দৰকাৰ হয়। জীৱনৰ এই সংকটপুৰ্ণ সময়ক জীৱনটোক সুযোগ হিচাবে গ্ৰহণ কৰাটো উচিত বুলি মন্তব্য কৰে। অসম আন্দোলনে আমাক জীৱনত দৰ্শন দিলে বুলি মন্তব্য কৰি কয় যে, We are the product of the Society. আমি সমাজখনৰ উপাদান। সমাজখন অবিহনে আমি জীয়াই থাকিব নোৱাৰো। এই কৰ’না অতিমাৰীয়ে জীৱনটো সন্দৰ্ভত, সমাজ সন্দৰ্ভত এটা ধাৰনা লবলৈ সুযোগ দিছে । ইফালে, অসমৰ ছাত্ৰ-ছাত্ৰীয়ে চেলি, চেক্সপিয়াৰৰ কথা কয় বুুলি মন্তব্য কৰি উপাচার্য গৰাকীয়ে পুুু কয় যে, আমাৰ শংকৰদেৱ গুৰুজনাই চেক্সপিয়াৰৰ ১০০ বছৰ আগতেই যে অংকীয়া নাটক ৰচনা কৰিছিল সেই সম্পর্কে জ্ঞাত নোহোৱাটো চৰম পৰিতাপৰ বিষয় বুলি তেখেতে আক্ষেপ প্রকাশ কৰে। বেছি ভাগেই যিহেতু ইংৰাজী মাধ্যমত পঢ়া শুনা কৰি বিদেশী ভাষাৰ কিতাপৰ কথা কয় কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইতাৰ সাধুখন খুলি নেচায় । আনহাতে, মানুহৰ জীৱনী পঢ়িলে দৃষ্টিভঙ্গী সলনি হৈ যায়। ইংৰাজী পঢ়ি পাশ্চাত্যক অনুসৰণ কৰিবলৈ গৈ নৱপ্ৰজন্মৰ মাজত কৃতজ্ঞতা নোহোৱা হৈৈছেে। কৰ’না অতিমাৰীয়ে কৃতজ্ঞতা লাভৰ এক সুযোগ দিছে। কৃতজ্ঞতাটো এটা ডাঙৰ গুণ। গতিকে কৃতজ্ঞতাবোধটো থাকিব লাগে। হাঁহি থাকা প্ৰতিটো জীৱন প্ৰতিটো পল উপভোগ কৰা হাঁহিৰে। পঢ়া-শুনাৰ বাবে যি কৰিব পাৰা সেই খিনি পুৰ্ণ কৰা। পঢ়া-শুনা কৰা, ছবি আঁকা,আবৃতি কৰা, যাৰ যত নিচা আছিল সেই হাবিয়াস পুৰ্ণ কৰা। জীৱনত কেতিয়াবা আমাৰ হাবিয়াসবোৰ নিজৰ Hobby পুৰ্ণ কৰিব নোৱাৰা ,কৰ’না মহামাৰীয়ে সুযোগ দিছে বুলি মন্তব্য কৰে। কবিসকলে কৈ গৈছে, ৰাতি যিমানেই আন্ধাৰ হয়, পুৱাবলৈও সিমানেই কম সময় থাকে। গতিকে মই বহুত আশাবাদী সদায় অমবশ্যা নাথাকে, পোহৰ এদিন হবই বুলি
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্বিবিদ্যালয়ৰ উপাচার্য ডঃ হিতেশ ডেকাই মন্তব্য কৰে। উল্লেখ্য, কাইলৈ ইতিবাচক অন্বেষণ- এক ব্যাখ্যান শৃংখলত বক্তৃতা প্রদান কৰিব বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সাদিনৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।