বৰপেটা জিলা প্ৰশাসনৰ পদক্ষেপঃ
লকডাউনৰ ফলত বহৰিত আৱদ্ধ উত্তৰ প্ৰদেশৰ ৮৩ জন কৃষি শ্ৰমিক ৰেলযোগে নিজ গৃহলৈ ৰাওনা
২৪ মে,
সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ক’ৰনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশত জাৰি কৰা লকডাউনৰ ফলত দেশৰ শ্ৰমিকসকল গুৰুতৰ সমস্যাৰ সন্মুখীন হবলগা হৈছে ৷ লকডাউনৰ ফলত বৰপেটা জিলাৰ বহৰিত আৱদ্ধ হৈ থকা উত্তৰ প্ৰদেশৰ ৮৩ জন শ্ৰমিক ২২ মে’ত গুৱাহাটীৰ পৰা শ্ৰমিক এক্সপ্ৰেছ ৰেলযোগে নিজ গৃহলৈ ৰাওনা হয় ৷ কালি বিয়লি দুখন শ্ৰমুকসকলক বিশেষ বাছেৰে বহৰিৰ পৰা গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল আৰু নিশাটো গুৱাহাটীত কটাই আজি পুৱা শ্ৰমিকসকল ৰেলযোগে নিজগৃহলৈ যাত্ৰা কৰে ৷ উল্লেখ্য যে, বহৰিৰ গোমাৰ ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত তৰমুজৰ খেতিত কাম কৰাৰ বাবে উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলৰ পৰা ৮৩ জন কৃষি-শ্ৰমিক বহৰিলৈ আহিছিল ৷ তৰমুজৰ খেতিত ব্যস্ত থকাৰ মাজতেই দেশত জাৰি কৰা লকডাউনৰ ফলত শ্ৰমিকসকল ঘৰলৈ যাব নোৱাৰি আৱদ্ধ হৈ পৰে ৷ খেতি পথাৰৰ মাজত খেৰেৰে নিৰ্মাণ কৰা একেটা সৰু জুপুৰীত পৰিয়ালসহ বাস কৰি থাকিবলৈ বাধ্য হোৱা লোকসকল বিভিন্ন সমস্যাৰো সন্মুখীন হৈছিল ৷ ইপিনে বাৰিষা আৰম্ভ হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হবলৈ ধৰাত শ্ৰমিক পৰিয়ালকেইটা ভয়াৱহ সংকতৰ স্নুখীন হৈছিল ৷ অবশেষত চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস আৰু বহৰি-তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তৎপৰতাত শ্ৰমিকসকলক উত্তৰ প্ৰদেশৰ নিজ গৃহলৈ পঠোৱা সম্ভৱ হৈ উঠে ৷ চেঙা ৰাজহ চক্ৰ বিষয়াই গিৰবন কৰা ব্যৱস্থা অনুসৰি ২১ মে ৰ সন্ধিয়া দুখন বাছযোগে বহৰিৰ পৰা শ্ৰমিকসকলক গুৱাহাটীলৈ লৈ যোৱা হৈছিল ৷ ইপিনে চেঙা ৰাজহ চক্ৰৰ চক্ৰবিষয়া ৰাজীৱ কুমাৰ দাসে জানিবলৈ দিয়া মতে ২২ মে ৰ পুৱা এইসকল শ্ৰমিকে গুৱাহাটীৰ পৰা শ্ৰমিক এক্সপ্ৰেছ ৰে’লযোগে গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে । কালি বহৰিৰ পৰা বাছযোগে শ্ৰমিকসকল গুৱাহাটীলৈ যাত্ৰাৰ সময়ত চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাস, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ আৰু বহৰি-তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাস উপস্থিত থাকে ৷ ইপিনে শ্ৰমিকসকলক নিজ গৃহলৈ পঠোৱাৰ ক্ষেত্ৰত গ্ৰহন কৰা ব্যৱস্থাৰ বাবে স্থানীয় প্ৰশাসনৰ লগতে অসম চৰকাৰক ধন্যবাদ জনায় শ্ৰমিকসকলে ৷৷