News অসমীয়া ভগৱান বলৰাম জয়ন্তী বিশেষ ADMIN September 9, 2024 1 min read ভগৱান বলৰাম জয়ন্তী বিশেষ গৰু ভিত্তিক কৃষিৰ প্ৰণেতা হৈছে ভগৱান বলৰাম। শ্ৰী বলৰামে গৰু ভিত্তিক কৃষিৰ বাৰ্তা প্ৰদান কৰিছে। কৃষক দিৱস : গৰু ধৰ্মীয় বিশ্বাসৰ লগতে অৰ্থব্যৱস্থাৰ আধাৰ। ভগৱান শ্ৰী বলৰামৰ জয়ন্তী দেশজুৰি কৃষক দিৱস হিচাপে পালন কৰা হৈছে। ভগৱান বলৰামৰ জীৱন চৰিত্ৰ গ্ৰন্থসমূহত বিস্তৃতভাৱে বৰ্ণিত হৈছে। গৰ্গ সংহিতা অনুসৰি – “দেৱক্যা: সপ্তমে গৰ্ভে হৰ্ষশোক বিবৰ্ধনে। ৱজ্ৰং প্ৰণীত ৰোহিণ্যামনন্তে যোগমায়া।। অহোগৰ্ভ: ৱ্ক বিগত এতি উচুৰ্মথুৰা জনা:।” কৃষ্ণৰ ডাঙৰ ভাই বলৰামৰ জন্ম ভাদ্ৰমাহৰ শুক্ল পক্ষৰ ষষ্ঠী তিথিত ব্ৰজ (গোকুল)ত, বসুদেৱৰ প্ৰথম পত্নী ৰোহিণীৰ গৰ্ভত হৈছিল। আজিৰ দিনত সমগ্ৰ পৃথিৱীত পৰিৱেশ অনুকূল কৃষিৰ সমাধান বিচাৰি উলিওৱা হৈছে, তেতিয়া ভগৱান বলৰামৰ জীৱনদৰ্শন কৃষি আৰু ইয়াৰ লগত জড়িত কাৰ্যকলাপৰ বাবে দিশনির্দেশক। ভগৱান বলৰামক “হলধৰ”, “গোকুলেশ”, “গোপতি”, “গোপবৃন্দেশ” আদি নামেৰে সম্বোধন কৰা হয়। সনাতন সংস্কৃতিত জড়িত বহু দেৱ-দেৱী য’ত অস্ত্ৰ ধাৰণ কৰে, তাত কৃষকৰ দেৱতা বলৰামে “হল” আৰু “মুছল” ধাৰণ কৰে। এনে বিশ্বাস আছে যে, ভগৱান বলৰামে ব্ৰজবাসীক প্ৰথমে হলৰ জৰিয়তে কৃষিপদ্ধতিৰ পৰিচয় দিছিল। এইদৰে তেওঁ কৃষিত নতুনত্বৰ সূচনা কৰিছিল। তেওঁ ভাতৃ কৃষ্ণৰ সৈতে মিলি কংসৰ বিপক্ষে আন্দোলন চলাইছিল, য’ত একপিনে তেওঁ কংসৰ বাবে পঠোৱা দৈ আৰু গাখীৰৰ কলহ ভাঙি দিছিল, আনপিনে গাঁৱৰ লোকক মুছলৰ সহায়ত মছলা আৰু অন্য খাদ্য সামগ্ৰী তৈয়াৰ কৰিবলৈ উৎসাহিত কৰিছিল। এইদৰে ধৰা যায় যে, খাদ্য প্ৰস্তুত উদ্যোগৰ প্ৰাথমিক কল্পনাও তেওঁ দিছিল। ভগৱান বলৰাম পানী ব্যৱস্থাপনা আৰু ইয়াৰ শুদ্ধ ব্যৱহাৰৰ পক্ষপাতী আছিল। কৃষিক্ষেত্ৰলৈ খাল বা কেনেলৰ সহায়ত পানী যোগানৰ ধাৰণাৰ প্ৰবর্তক বুলি তেওঁক গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে, তেওঁৰ অনুৰোধত পবিত্ৰ যমুনা নদীৰ পানী অৱসিঞ্চিত অঞ্চলসমূহলৈ পৰিৱহিত হৈছিল, যাৰ পিছতে খাল ব্যৱস্থাৰ সূচনা হৈছিল। বলৰামৰ জীৱন দেশীয় পদ্ধতিৰে জৈৱিক কৃষি আৰু বিশেষকৈ গৰু ভিত্তিক অৰ্থব্যৱস্থাৰ বাবে এক উৎস। ভাৰতত ৬৫ শতাংশ লোক গাঁৱত বাস কৰে, ইয়াৰে ৪৭ শতাংশ লোক কৃষি আৰু ইয়াৰ সৈতে জড়িত কাৰ্যকলাপৰ জৰিয়তে জীৱিকা অৰ্জন কৰে। কিছু দশক পূৰ্বলৈকে আমাৰ গাঁওসমূহৰ আত্মনির্ভৰশীলতাৰ আধাৰ আছিল গৰু ভিত্তিক অৰ্থব্যৱস্থা। গৰু আৰু আন পশুধন দুধ আৰু অন্য খাদ্য সামগ্ৰী যোগানৰ লগতে ৰাসায়নিক সাৰৰ বিকল্প আছিল। আজিকালি যেতিয়া ইউৰোপ স্থায়ীত্বৰ মানদণ্ড বিকাশ কৰিছে, ভাৰত সহস্ৰ বছৰ ধৰি অন্তৰ্ভুক্তিমূলক বিকাশৰ কেন্দ্ৰ আছিল। এনে পৰিস্থিতিত যদি আমি গৰু সংবর্ধনলৈ উভতি আহোঁ, তেতিয়া পৰিশুদ্ধ আৰু জৈৱিক কৃষিৰ বিকাশ হ’ব। ই কৃষকক আয়ৰ নতুন বিকল্প প্ৰদান কৰে। আমি গৰু ভিত্তিক কৃষিৰ উপেক্ষা কৰিলোঁ, ইয়াৰ ফলস্বৰূপে ৰাসায়নিক সাৰৰ অধিক প্ৰয়োগ আৰু মাটিৰ উৰ্বৰাৰ শক্তি কমি আহিছে। ইয়াৰ সমাধানৰ নামত বিশ্ববজাৰৰ শক্তিসমূহ বীজৰ পৰা সাৰৰ ক্ষেত্ৰলৈ নিজৰ লাভৰ পৰা চাইছে। গৰু জাতি কৃষিকাৰ্যৰ লগতে দুধ উৎপাদন আৰু জৈৱিক সাৰৰ মুখ্য উৎস। গব্যসামগ্ৰীৰ যোগান চাৰা পুষ্টিৰ স্তৰ উন্নত কৰে। দেশৰ অন্নদাতা হৈছে ভাৰত মাতাৰ সুখ-সমৃদ্ধিৰ বাহক। এনে পৰিস্থিতিত তেওঁক সশক্ত কৰিব লাগিব, তেওঁক ৰাজনৈতিক স্বাৰ্থৰ শিকাৰ বনোৱা উচিত নহ’ব। আমি এই কথা নাপাহৰিব লাগিব যে কৃষকৰ দেৱতা ভগৱান বলৰাম সদায় ৰাজনৈতিক স্বাৰ্থৰ পৰা পৃথক আছিল। মহাভাৰতৰ যুদ্ধত বলৰামে কৌৰৱ-পাণ্ডৱৰ কোনো এটা দলৰ সৈতে নিজকে জড়িত নকৰি নিজকে যুদ্ধ আৰু ৰাজনীতিৰ পৰা দূৰ কৰি তীৰ্থযাত্ৰাত ওলাই গৈছিল। তেওঁৰ এই চৰিত্ৰই কৃষকক অ-ৰাজনৈতিক হোৱা বাবে অনুপ্ৰাণিত কৰে। ভাৰত যি ধৰণে সৰ্বভাৰতীয়ভাৱে পৰিৱেশ অনুকূল উন্নয়নৰ নেতৃত্বৰ দিশে আগবাঢ়ি আছে, তেনে পৰিস্থিতিত ভগৱান বলৰামৰ জীৱনদৰ্শনে সমগ্ৰ মানৱতাৰ কল্যাণৰ পথ প্ৰশস্ত কৰিব। Continue Reading Previous Previous post: Sarve Bhavantu Sukhinah – Humanitarian Aid to Zimbabwe, Zambia, and Malawi Amid Drought CrisisNext Next post: লক্ষহীৰা দাসক ভূপেন হাজৰিকা সমন্বয় বঁটা প্ৰদান Related News জম্মু-কাশ্মীৰৰ পৰ্যটকৰ ওপৰত আক্ৰমণক ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জম্মু-কাশ্মীৰৰ পৰ্যটকৰ ওপৰত আক্ৰমণক ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতাৰ ওপৰত আক্ৰমণ বুলি অভিহিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ April 24, 2025 গুৱাহাটীত ড: বি,আৰ,আম্বেদকাৰৰ জন্ম জয়ন্তী পালন ৷ গুৱাহাটীত ড: বি,আৰ,আম্বেদকাৰৰ জন্ম জয়ন্তী পালন ৷ April 14, 2025