ভাৰতত কোৰোনাত আক্ৰান্ত হৈ যোৱা ২৪ ঘন্টাত ২৬৫ গৰাকী লোকে প্ৰাণ হেৰুৱালে।
ইফালে নতুনকৈ আক্ৰান্ত হ’ল ৭,৯৬৪ গৰাকী লোক। ইফালে এতিয়ালৈকে আক্ৰান্ত হৈছে ১,৭৩,৪৯১ গৰাকী লোক।
ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯৮০ জনলৈ বৃদ্ধি।
এতিয়ালৈকে আৰোগ্য হৈছে ৮২,৬২৭ গৰাকী লোক। অসমতো শুকুৰবাৰে ১৭৭ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে।
অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ মুঠ সংখ্যা ১০৫৭ গৰাকীলৈ বৃদ্ধি পাইছে। অসমত কোৰোনাৰ ফলত মৃত্যু হৈছে ৪ জন লোকৰ।
ঠিক তেনেদৰে অসমত আৰোগ্য হৈছে ১২৫ গৰাকী লোক |এই মুহূৰ্তলৈকে এয়া কোৰোনা ভাইৰাছ সন্দৰ্ভত শেহতীয়া তথ্য।
ৰাজ্যখনত এতিয়ালৈকে ৭২,৬৫৪টা কোভিড-১৯ৰ পৰীক্ষা কৰা হৈছে। প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ১৯৯৭জন লোকৰ কোভিড পৰীক্ষা কৰিছে। ইয়াৰে ১০৫৭জন পজিটিভ ওলাইছে।
৩১ মাৰ্চত প্ৰথমটো কোভিড-১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পাছত ১৭ মে’ত সেই সংখ্যা হৈছিল ১০০। ২৫ মে’ত সেই সংখ্যা ৫০০ আৰু ২৯ মে’, ২০২০ত এই সংখ্যাই ১০০০ৰ ঘৰ অতিক্ৰম কৰিছিল।