
ভাৰতৰ যুদ্ধংদেহী ৰূপ দেখি পিছুৱালে চীনে

ভাৰতৰ যুদ্ধংদেহী ৰূপ দেখি পিছুৱালে চীনে
সীমান্তত সেনাৰ সঞ্চালন বৃদ্ধি
ভাৰতক চুবুৰীয়া ৰাষ্ট্ৰ চীনে বহু সময়ত ৰঙা চকু দেখুৱাই আহিছে যদিও শেহতীয়াকৈ ভাৰত চৰকাৰৰ কঠোৰ স্থিতি আৰু সেনাৰ প্রত্যাহ্বানৰ বাবে চীনে দম্ভালি এৰিবলৈ বাধ্য হৈছে । অৰুণাচল, লাডাখ সীমান্তৱৰ্তী এলেকাত ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ পূৰ্বৰে পৰাই চলি আহিছে । ১৯৬২ চনত হোৱা যুদ্ধৰ পাছৰে পৰা চীনে ভাৰতৰ সীমামূৰীয়া ভূমি বেদখল কৰিবলৈ চেষ্টা চলাই আহিছে । সীমান্তৰ এই বিবাদমান এলেকাত শেহতীয়াকৈ ভাৰতেও সৰ্বশক্তিৰে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । এনেবোৰ কাৰণতে লাডাখৰ
পেংয়ং হ্ৰদৰ পাৰৰ ঠাই টুকুৰাক লৈ অলপতে ভাৰত আৰু চীন সেনাৰ মাজত অৰিয়াঅৰি লাগিছিল । চীনে ভাৰতীয় সেনাক ভাবুকি দিয়াৰ পাছতেই ভাৰত চৰকাৰে উক্ত অঞ্চলত সেনাৰ সঞ্চালন বৃদ্ধি কৰে । ইয়াৰ পাছতেই পিছ হুহকীবলৈ বাধ্য হয় চীনা সেনা । সাম্ভাব্য যুদ্ধত নিশ্চিত পৰাজয় গোন্ধ পাই চীনা সেনাই পিছ হুহকিবলৈ বাধ্য হয় ।