ৰিজৰ্টত কৰ্মৰত একমাত্র হিন্দু যুৱকক প্ৰাণে মৰাৰ ভাবুকি
ভৱানীপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ৱেলকাম ৰিজৰ্ট এণ্ড ফেমিলি ৰেষ্টুৰেন্টত মাংসৰ কাৰণে সংঘটিত হল মাৰপিটৰ ঘটনা । বুধবাৰে নিশা ৰিজৰ্টখনত কৰ্মচাৰী হিচাপে থকা ভৱানীপুৰ অঞ্চলৰেই তিনি যুৱক ক্ৰমে আকিব মোল্লা, নজৰুল ইছলাম আৰু চহিদুল ইছলামে মাংসৰ বাবে দুই সতীৰ্থ পবিত্ৰ নাথ আৰু বদৰুল আলীক উপৰ্যুপৰি দলবদ্ধভাৱে প্ৰহাৰ কৰে । যুৱক তিনিজনে সৰ্থেবাৰীৰ পৰা আহি ৰিজৰ্টখনত কৰ্মচাৰী হিচাপে থকা পবিত্ৰ নাথক হিন্দু হোৱা বাবেই পাশবিক আক্ৰমণ কৰে লগতে জবাই কৰি দিম বুলি প্ৰাণে মৰাৰ ভাবুকি দিয়ে । আনহাতে অভিযোগ যে পবিত্ৰক প্ৰহাৰ কৰি থকা সময়ত বদৰুল আলীয়ে বাধা দিব যোৱাত বদৰুলকো মাৰধৰ কৰে আৰু মুছলমান সম্প্ৰদায়ৰ ব্যক্তি হৈ এগৰাকী হিন্দু যুৱকক বচাব বিচৰা বুলি অশ্লীল গালি গালাজ কৰে । ৰিজৰ্টৰ মালিক জয়নাল আবেদিনে নিশাই ঘটনাৰ খবৰ পাই ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত পবিত্ৰ নাথ আৰু বদৰুল আলীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে । আজি ঘটনা সন্দৰ্ভত পবিত্ৰ নাথে আক্ৰমনকাৰী সতীৰ্থ যুৱক তিনিজনৰ বিৰুদ্ধে ভৱানীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । এগৰাকী হিন্দু যুৱকক এনেদৰে মাৰধৰ কৰা আৰু প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ সৰুক্ষেত্ৰী খণ্ডৰ কাৰ্যকৰী সভাপতিয়ে গৰিহণা দিয়াৰ লগতে ইতিমধ্যে পলাতক হৈ থকা যুৱক তিনিজনক আটক কৰি শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰক্ষী প্ৰশাসনক ।