গুৱাহাটী : অসম চৰকাৰী ভাষা আইন, ১৯৬০ সংশোধন কৰি মণিপুৰী ভাষাক চাৰিখন জিলাত সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ শুকুৰবাৰে অসম কেবিনেটে সন্মতি প্ৰদান কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই জনোৱা মতে, কেবিনেটে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত মণিপুৰী ভাষাক স্বীকৃতি দিবলৈ অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক ২০২৪ অনুমোদন জনাইছে৷ কেবিনেট বৈঠকত লোৱা এই সিদ্ধান্ত অসমত বসবাস কৰা মণিপুৰী জনগোষ্ঠীৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ স্বাৰ্থত লোৱা বুলি শর্মাই মন্তব্য কৰিছে।মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে এই সিদ্ধান্তৰ বাবে শৰ্মাক প্ৰশংসা কৰিছে। মণিপুৰী চৰকাৰী সহযোগী ভাষা হ’বলগীয়া চাৰিখন জিলাৰ ভিতৰত তিনিখন অসমৰ বৰাক উপত্যকাত, য’ত জনসংখ্যাৰ অধিকাংশই বাংলাভাষী৷ বৰাক উপত্যকাৰ অধিকাংশ আৰ্থ-ৰাজনৈতিক সংগঠনে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে। বৰাক উপত্যকাৰ সৰ্ববৃহৎ ভাষিক সংগঠন বৰাক উপত্যকা বংগ সাহিত্য অ’ সাংস্কৃতিক সন্মিলনে ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ শলাগ লৈছে।মণিপুৰী ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া বুলি মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে বিধানসভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিচত উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন মণিপুৰী সংগঠন। মণিপুৰী ভাষাটোৱে চৰকাৰী স্বীকৃতি লাভ কৰাৰ পিচত চাকৰিৰ ক্ষেত্ৰত এতিয়াৰে পৰা বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাত পৰীক্ষাৰ্থীসকলে মণিপুৰী ভাষাত পৰীক্ষা দিব পাৰিব। চৰকাৰৰ এই পদক্ষেপৰ বাবে মণিপুৰী ভাষা সুৰক্ষা সমন্বয় সমিতি, মণিপুৰী যুৱ মঞ্চই অসম চৰকাৰ,মুখ্যমন্ত্ৰী শৰ্মা আৰু লক্ষীপুৰৰ বিধায়ক কৌশিক ৰাইক ধন্যবাদ জনায়।
সদৌ অসম মণিপুৰী ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা কমলাকান্ত সিংহই কয় যে তেওঁলোকে ১৯৯১ চনৰ পৰা এই দাবী উত্থাপন কৰি আহিছে আৰু তিনি দশকৰ পাছত অসম চৰকাৰে এই স্বীকৃতি দিছে। ২০১১ চনৰ লোকপিয়লৰ উদ্ধৃতি দি সিঙে কয় যে ৰাজ্যখনত মণিপুৰী ভাষী জনসংখ্যা ২ লাখতকৈ অধিক যি এতিয়া ৩ লাখ অতিক্ৰম কৰিছে। অসমৰ ১৩খন জিলাত মণিপুৰীসকলে বসবাস কৰি আছে যদিও কাছাৰ, হাইলাকান্দি আৰু হোজাইৰ জনসংখ্যা সৰ্বাধিক।