মণিপুৰ হিংসাঃ ক্ষোভ নে ষড়যন্ত্ৰ !
মণিপুৰৰ দহখন জিলাত হিংসাত্মক পৰিস্থিতিত পাঁচ দৰ্জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোকে পলায়ন কৰি শৰনাৰ্থী শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হল । নগা-কুকী প্ৰধান অঞ্চল সমূহত মেইটেই সম্প্ৰদায়ৰ সকলোবোৰ ঘৰ জ্বলাই দিয়া হল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ এমাহতকৈও অধিক সময়ৰ পাছত আৰম্ভ হোৱা হিংসাক ঘটনা কেতিয়াও স্বতঃস্ফূৰ্ত ঘটনা বুলি ক’ব নোৱাৰি। ই এক দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ বিশেষ বুলি ভবাৰ যথেষ্ঠ যুক্তি আছে৷
মণিপুৰৰ এই হিংসাত্মক পৰিস্থিতি সাধাৰণতে জনজাতীয় অধিকাৰক লৈ নগা-কুকী আৰু মেইটেই জনজাতিৰ মাজত সংঘাত বুলি ধাৰণা কৰা হয়। কিন্তু এইটোৱেই একমাত্ৰ কাৰণ নহয় ৷ কিয়নো উত্তৰ-পূর্বাঞ্চলৰ আন আন ৰাজ্যৰ বহু জনগোষ্ঠীয়েও জনজাতীয় মৰ্যাদাৰ বাবে আন্দোলন কৰিছে যদিও পৰিস্থিতি কেতিয়াও ইমান ভয়াৱহ হৈ উঠা নাই ৷ মনকৰিবলগীয়া কথা যে, মণিপুৰত পূৰ্বৰ পৰাই কেইবাটাও বিষয়ত জনজাতীয় সংগঠনৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল। এই হিংসাত্মক পৰিস্থিতিৰ অন্যতম কাৰণ হল পাহাৰীয়া আৰু বনাঞ্চলত আফিং খেতিৰ ওপৰত চৰকাৰে কৰা দমন নীতিৰ অংশ বিশেষ। মণিপুৰত ড্ৰাগছৰ ব্যৱসায় ব্যাপক ভাবে বৃৃৃৃদ্ধি পাবলৈ ধৰাৰ ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি ৰাখিছে এটা উগ্ৰপন্থী সংগঠনে। জানিব পৰা মতে, জনজাতীয় সমাজে পাহাৰীয়া ভূমিত বিভিন্ন খেতি আৰম্ভ কৰিবলৈ লোৱাৰ সুযোগ লৈ উগ্ৰপন্থী সংগঠনে বন্দুকৰ ভয় দেখুৱাই জনজাতীয় সমাজৰ লোকক গোপনে আফিং খেতি কৰিবলৈ বাধ্য কৰায়। ইয়াৰ পৰা পোৱা উপাৰ্জন তেওঁলোকে নিজৰ সংগঠন চলাবলৈ আৰু ধৰ্মান্তৰকৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰাজ্য চৰকাৰে বনাঞ্চলত অবৈধ আফিং খেতি বন্ধ কৰাৰ বাবে ব্যৱস্থা তীব্ৰতৰ কৰি তোলে, যাৰ বাবে ম্যানমাৰৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীসকলৰ ওপৰত প্ৰভাৱ পৰা দেখা যায় । আৰু এওলোক মণিপুৰৰ কুকি আৰু গেমী জনগোষ্ঠীৰ অন্তৰ্গত লোক। চৰকাৰৰ এই কাৰ্যত উগ্ৰপন্থী গোট আৰু ধৰ্মান্তৰকৰণৰ খেল খেলাসকল আতংকিত আৰু,ক্ষোভিত হৈ পৰে। তেওলোকে নিজৰ স্বাৰ্থ পূৰণৰ বাবে জনজাতীয় লোক সকলক ঢাল হিচাপে ব্যৱহাৰ কৰি হিংসাৰ উচটনি দিয়া আৰম্ভ কৰে । চুৰাচান্দপুৰত দুজন লোকৰ পৰা ১৬ কেজি আফিং উদ্ধাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী এন. বীৰেণ সিঙে ২ মেত এটা টুইট কৰি জনাই যে এই লোকসকলে আমাৰ বনাঞ্চল ধ্বংস কৰি তেওঁলোকৰ ড্ৰাগছ ব্যৱসায়ৰ বাবে সাম্প্ৰদায়িক সমস্যাৰ কথা কৈ উচটনি দিবলৈ আৰম্ভ কৰিিছে ।
মণিপুৰৰ এই হিংসা সাধাৰণতে জনজাতীয় অধিকাৰক লৈ নগা-কুকী আৰু মেইটেই জনজাতিৰ মাজত সংঘাত বুলি ধাৰণা কৰা হয়। কিন্তু এইটোৱেই একমাত্ৰ কাৰণ নহয় । এই হিংসাৰ আঁৰত আৰু বহু কাৰণ থাকিব পাৰে বুলি স্পষ্টকৈ ধৰিব পাৰি, যত পাহাৰত আফিং খেতি, সাংস্কৃতিক আধিপত্য আৰু বিশ্বাসৰ আধিপত্যৰ আকাংক্ষাই মুখ্য কাৰণ হৈ পৰে।
আনহাতে, ২৭ মাৰ্চত মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেই ট্ৰাইব ইউনিঅনৰ আবেদনৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্য চৰকাৰক মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ কথা বিবেচনা কৰিবলৈ কয়। এই দাবী যোৱা ১০ বছৰ ধৰি বিবেচনাধীন হৈ আছে। আদালতে কেন্দ্ৰীয় চৰকাৰৰ মতামতও বিচাৰিছিল। মেইটাই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ নিৰ্দেশ এতিয়াও দিয়া নাই যদিও কেৱল পৰ্যবেক্ষণহে দিছে আদালতে। সাংস্কৃতিক আধিপত্যৰ বাবে যুদ্ধ মণিপুৰৰ অধিকাৰৰ যুঁজৰ আঁৰতো লুকাই আছে সাংস্কৃতিক আধিপত্য।
উল্লেখ্য, ভাৰতবৰ্ষত ইংৰাজৰ শাসনৰ পাছতে পাহাৰীয়া অঞ্চলত বৃহৎ পৰিসৰত ধৰ্মান্তৰকৰণৰ খেল আৰম্ভ হয়। কেতিয়াবা সেৱাৰ নামত, কেতিয়াবা ক্ষমতাৰ বলত আৰু কেতিয়াবা অন্ধবিশ্বাসৰ নামত। জনজাতীয় সমাজৰ সৰলতাৰ সুযোগ লৈ মিছনেৰী সকলে ধৰ্মান্তৰিত কৰাত উঠি পৰি লাগিছিল। দেশৰ স্বাধীনতাৰ পিছত উত্তৰ-পূবৰ নাগালেণ্ডত প্ৰথমে উগ্ৰপন্থীৰ শিপা বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ আঁৰত পশ্চিমীয়া দেশসমূহৰ ধৰ্মীয় এজেণ্ডা প্ৰত্যক্ষভাৱে জড়িত আছিল। সময়ৰ লগে লগে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থীয়ে শিপাইছিল। সকলো গোটৰ আঁৰত আছিল নাগালেণ্ডৰ পৰা উৎপত্তি হোৱা বিদ্ৰোহী গোটটো। উগ্ৰবাদৰ আৱৰণত ধৰ্মান্তৰকৰণৰ খেলখন অতি শান্তিপূৰ্ণভাৱে চলিছিল।
দেশৰ আন প্ৰান্তত ইয়াৰ খবৰ বিয়পি যোৱাৰ সময়লৈকে বহু দেৰি হৈ গৈছিল। আনকি, কেন্দ্ৰত বহি থকা পূৰ্বৰ চৰকাৰেও এই বিষয়ত কোনো ধৰণৰ গুৰুত্ব নিদিলে। উত্তৰ-পূবত সেৱা আৰু শিক্ষাৰ নামত বৃহৎ পৰিসৰত ভুৱা এন, জি, অৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদান কৰি থাকিল, যিবোৰ ধৰ্মান্তৰকৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু উগ্ৰপন্থীক লালন-পালন কৰা কাৰ্যত ব্যৱহৃত হৈছিল। তদুপৰি, ম্যানমাৰ হৈছে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ সীমা লাগি থকা এখন ৰাজ্য । আৰু সেইবাবেই ম্যানমাৰৰ পৰা ভাৰতলৈ কেৱল অস্ত্ৰ-শস্ত্ৰ পৰিবহণ কৰাই নহয়, উগ্ৰপন্থী সংগঠনসমূহেও ম্যানমাৰত নিজৰ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰি উত্তৰ-পূৰ্বাঞ্চলত আতংকিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। বিদ্ৰোহী সংগঠনৰ প্ৰভাৱ থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত সুকীয়া ৰাষ্ট্ৰৰ পৃৃথক দাবীৰ নামত ঘৃণনীয় কাম-কাজ চলি থাকিল। এই সকলোবোৰৰ আঁৰত এটাই উদ্দেশ্য আছিল, এই অঞ্চল সমূহক ভাৰতৰ পৰা পৃথক কৰা। অবশেষত পলমকৈ কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে গম পালে। উগ্ৰবাদক দমন কৰাৰ পৰিকল্পনা যেতিয়া গঢ় লৈ উঠিল, তেতিয়া পৰিস্থিতি দ্ৰুতগতিত সলনি হবলৈ ধৰিলে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে উগ্ৰপন্থীৰ কাৰ্য সম্পূৰ্ণৰূপে দমন কৰা আৰম্ভ হল । কিন্তু সাংস্কৃতিক যুদ্ধৰ নেতৃৃৃত্ব লোৱা সকল আৰু ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াত জৰিত সকল এই পৰিস্থিতিত ক্ষোভিত হৈ পৰিল আৰু সেয়েহে তেওঁলোকে পুনৰ ব্ৰিটিছ ৰাজনীতিৰ বিভাজন নীতিৰে শাসন কৰাৰ কাম কাৰ্যকৰী কৰিবলৈ আৰম্ভ কৰিলে । অধিকাৰৰ যুঁজখন আচলতে সংস্কৃতিৰ যুঁজ। ইয়াৰ বাবে হিংসাৰ পথ গ্ৰহণ কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৩ মেত All Tribes Student Union Manipur ৰ উদ্যোগত এক সমাৱেশৰ আয়োজন কৰা হয়। ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৬৫ কিলোমিটাৰ নিলগৰ চুৰাচান্দপুৰ জিলাৰ টৰবাং অঞ্চলত সমাৱেশৰ আয়োজন কৰা হৈছিল। ইয়াত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছিল। স্থানীয় ৰাইজে মতে, এই সমাৱেশত জড়িত একাংশ লোকে উত্তেজক শ্লোগান দিবলৈ আৰম্ভ কৰিছিল, তাৰ পিছতে গণ সমাৱেশে হিংসাত্মক ৰূপ ধাৰণ কৰে। অতি সোনকালেই এই হিংসা ৰাজ্যৰ আন আন স্থানতো বিয়পি পৰিল। এই আন্দোলনৰ বেশত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ-শস্ত্ৰ লৈ এই সমাৱেশত অংশগ্ৰহণ কৰা বুলি দাবী কৰা হৈছে। উগ্ৰপন্থীৰ প্ৰৰোচনাতহে এই সমাৱেশত অংশগ্ৰহণকাৰীসকলে হিংসাত্মক ৰূপ ধাৰণ কৰে।
মেইটেই সম্প্ৰদায়ৰ বাবে কাম কৰা সংগঠন পিপলছ এলায়েন্স ফৰ পিছ এণ্ড প্ৰগ্ৰেছ, মণিপুৰ (পিএপিপি)ৰ দাবী অনুসৰি ৰাজ্যখনত হিংসাত্মক ঘটনা প্ৰভাৱ পৰা চুৰাচুন্দ জিলাখনৰ মেইটেই সম্ৰদায়ৰ পাচ সহস্ত্ৰাধিক লোকে নিজা ঘৰ বাৰী এৰিবলৈ বাধ্য হয় । তেওলোক নিজা স্থানতে গৃৃৃৃহহীন হবলৈ বাধ্য হয় । পিপিএপিয়ৰ অভিযোগ অনুসৰি, উগ্ৰপন্থীৰ সহযোগত অস্ত্ৰধাৰী সাধাৰণ নাগৰিকে চুৰাচান্দপুৰৰ সামূহিক বসতি এলেকাৰ মেইটেইৰ সকলোবোৰ ঘৰ জ্বলাই দিয়ে ।
সংগঠনটোৱে দাবী কৰে যে মৰেহ চহৰৰ প্ৰায় প্ৰতিটো মেইটেইৰ ঘৰতে অগ্নি সংযোগ কৰা হৈছিল ৷ আনকি একাংশ মেইটেই ম্যানমাৰত আশ্ৰয় লোৱাৰ কথা পোহৰলৈ আহিছে ৷ আনহাতে আন কিছুমানে খুডেংথাবিৰ আছাম ৰাইফলছ শিবিৰত আশ্ৰয় লোৱা দেখা গৈছে। একে সময়তে অসম আৰু মিজোৰামতো বৃহৎ সংখ্যক হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত লোকে আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। যোৱা ২৭ এপ্ৰিলৰ পৰা আৰম্ভ হৈছিল মণিপুৰত হিংসাত্মক ঘটনা। চুৰাচান্দপুৰ ভ্ৰমণৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী এন. বীৰেণ সিঙে উদ্বোধন কৰিবলৈ ওলোৱা মুকলি জিমটোত ২৭ এপ্ৰিলত অগ্নি সংযোগ কৰা হয়। মণিপুৰৰ জনজাতীয় মৰ্যাদাৰ গোটসমূহে ২৮ এপ্ৰিলত মুখ্যমন্ত্ৰীৰ চুৰাচান্দপুৰ ভ্ৰমণক লৈ ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায় । আৰু সেই সময়ছোৱাত ইম্ফল, চুৰাচান্দপুৰ আদি অঞ্চলত জনজাতীয় গোট আৰু মেইটেইসকলৰ মাজত হিংসাত্মক সংঘৰ্ষৰ বাতৰি বিয়পি পৰিছিল৷ যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা আৰোপ কৰাৰ লগতে ইণ্টাৰনেট সেৱাও ৫ দিনৰ বাবে বন্ধ কৰি দিবলৈ বাধ্য হয়৷ উল্লেখ্য,•অনুসূচিত জনজাতি (এছটি) শাখাত মেইটেই জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত ৩ মেত ছাত্ৰ সংগঠন অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন অৱ মণিপুৰ (এটিএছইউম)য়ে এক সমদল উলিয়াবলৈ আহ্বান জনাইছিল। এই বিক্ষোভৰ সময়তে প্ৰথমে চুৰাচান্দপুৰৰ টৰবাং অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। কাংপকপি জিলাৰ ছাইকুলত সংঘটিত হোৱা গুলীচালনাত কমেও ১১ জন সাধাৰণ নাগৰিক আহত হোৱাৰ বিপৰীতে আন দুজন লোকৰ মৃত্যু হয়। আনহাতে মেইটেই আৰু জনজাতীয় গোট ৰাজপথলৈ ওলাই অহাৰ পিছত আঠখন জিলাত নিষেধাজ্ঞা আদেশ জাৰি কৰা হয়। লগে লগে সেনাবাহিনী আৰু অসম ৰাইফলছে ক্ষতিগ্ৰস্ত সকলো অঞ্চলতে পৰ্যাপ্ত সংখ্যক সৈন্য মোতায়েন কৰে।
৪ মেত ইম্ফলত হিংসাত্মক কাণ্ড সংঘটিত হয়, ঘৰ দুৱাৰ ভাঙি-ছিঙি, সম্পত্তি ধ্বংস আৰু মেইটেই আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষ অব্যাহত থাকে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয়। আনহাতে, হিংসা বন্ধ কৰিবলৈ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল ৰেপিড একচন ফৰ্চৰ কোম্পানী।
সেইদিনা চৰকাৰে কিছুমান বিশেষ পৰিস্থিতিত দৃষ্টিগোচৰ হৈ গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰে। এই সময়ছোৱাত প্ৰায় ৯ হাজাৰ লোকক নিৰাপত্তা বাহিনীয়ে হিংসাৰ ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা উলিয়াই আনি নিৰাপদ আশ্ৰয় প্ৰদান কৰে। কেইবাটাও স্থানত চলি থকা হিংসা আৰু উত্তেজনাৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয়, “আমাৰ সমাজৰ দুটা শ্ৰেণীৰ মাজত ভুল বুজাবুজিৰ বাবেই এই হিংসাৰ ঘটনা সংঘটিত হৈছে।” পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
৫ মেৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে বহু ৰাজ্যই নিজৰ লোকসকলক সুৰক্ষিত ভাবে উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত উত্তৰ-পূবৰ ৰাজ্য ত্ৰিপুৰা, অসম, মিজোৰাম অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয় চৰকাৰেও হেল্পলাইন নম্বৰ মুকলি কৰে। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ হাজাৰ হাজাৰ লোকে অসমত শৰনাপন্ন হোৱাৰ লগতে কাছাৰ জিলাত আশ্ৰয় লোৱা পৰিলক্ষিত হয় ।
১/ ইফালে বিজেপি বিধায়ক বুংজাগিন ৱাল্টক প্ৰতিবাদকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। পৰিস্থিতিৰ ভয়াৱহতা দেখি তেওঁক বিমানযোগে দিল্লীলৈ নি চিকিৎসা কৰিবলগীয়া হয়। সেইদিনা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ লগতে কেন্দ্ৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ কনফাৰেন্সৰ বৈঠকত মণিপুৰৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ আৰু ১০টা কোম্পানী মণিপুৰলৈ প্ৰেৰণ কৰা হয় ।
৬ মেৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰা অতিৰিক্ত বিমান চলাচল কৰা হৈছিল, যাতে সৰ্বাধিক সংখ্যক যাত্ৰীক নিৰাপদে ৰাজ্যৰ পৰা উলিয়াই আনিব পৰা যায়। ইফালে ৰাজধানী ইম্ফলত নিৰাপত্তাৰক্ষীৰ টহল অব্যাহত থাকে। একে সময়তে আই এ এছ বিনীত যোশীক মণিপুৰৰ মুখ্য সচিব নিযুক্তি দিয়া হয়। ৭ মেত সমগ্ৰ মণিপুৰৰ কেন্দ্ৰসমূহত অনুষ্ঠিত হবলগীয়া NEET UG 2023 পৰীক্ষা স্থগিত ৰখা হৈছে। প্ৰশাসনে দাঙ্গাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰে। ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে মণিপুৰৰ সংহতি সমন্বয় সমিতিৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰী বীৰেন সিঙে এক বৈঠকত মিলিত হয়। ইয়াৰ বাহিৰেও এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। হিংসাত্মক অঞ্চলত জাৰি কৰা সান্ধ্য আইন কেইঘণ্টামানৰ বাবে শিথিল কৰি দিয়া হয় ।
যোৱা ৮ মেত মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে ৩ মেৰ দুৰ্ভাগ্যজনক ঘটনাত প্ৰায় ৬০ জন নিৰীহ লোকৰ প্ৰাণ হেৰুৱাইছে। ২৩১ জন লোক আহত হোৱাৰ লগতে প্ৰায় ১৭০০ টা ঘৰ জ্বলি যায়। ৰাজ্যত শান্তি ঘূৰাই আনিবলৈ তেওঁ ৰাইজক আহ্বান জনোৱাৰ সমান্তৰালভাৱে আৱদ্ধ হৈ থকা লোকসকলক নিজ নিজ স্থানলৈ নিয়াৰ কাম আৰম্ভ কৰা হৈছে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে হিংসাৰ বাবে উচটনি দিয়া ব্যক্তি বা গোট আৰু দায়িত্ব পালন নকৰা চৰকাৰী বিষয়া- কৰ্মচাৰী ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰা হব। ভিত্তিহীন উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ বা বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। এই পৰ্যন্ত ১৫৯৩ জন ছাত্ৰ-ছাত্ৰীকে ধৰি ৩৫,৬৫৫ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।
মণিপুৰত হিংসাৰ তথ্য লাভ কৰাৰ লগে লগে কেন্দ্ৰ চৰকাৰে ততালিকে পদক্ষেপ লৈ ৰাজ্য চৰকাৰলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয় । হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে চি আৰ পি এফৰ ৩৫টা কোম্পানী নিযুক্তি দিয়া হয়। অসমৰ তেজপুৰ আৰু গুৱাহাটীৰ পৰা বায়ু সেনাৰ প্লেনেৰ অপৰিসীমভাৱে কম সময়ৰ ভিতৰতে নিৰাপত্তা বাহিনীক মণিপুৰলৈ প্ৰেৰণ কৰা হয়। আনহাতে সেনা আৰু অসম ৰাইফলছ গোট সমূহে ইতিমধ্যে পুৰ্বৰ পৰাই কেৱল শান্তি ঘূৰাই আনিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি দাঙ্গাকাৰীক দেখা মাত্ৰেই গুলিৱাৰ নিৰ্দেশ দিয়া হয়। ইণ্টাৰনেট সেৱা বন্ধ কৰি দি ভুল তথ্যৰ প্ৰচাৰৰ ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
ৰাজ্যখনৰ অৱনতি ঘটা পৰিস্থিতিয়ে মণিপুৰত অধ্যয়ন কৰা আন ৰাজ্যৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ মাজতো শংকাৰ পৰিৱেশৰ সৃষ্টি হয়। ৰাজ্য চৰকাৰৰ অধিকাংশই মণিপুৰ চৰকাৰৰ সমন্বয়ত ছাত্ৰ-ছাত্ৰীক বিমানেৰে লৈ যোৱা হয় । এই কামত সেনা, অসম ৰাইফলছ, কেন্দ্ৰীয় পাৰা সামৰিক বাহিনী আৰু ৰাজ্যিক আৰক্ষীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
প্ৰায় ৩৫ লাখ জনসংখ্যাৰ মণিপুৰ মূলতঃ দুটা ভাগত বিভক্ত। ৯০ শতাংশ পাহাৰ আৰু ১০ শতাংশ সমভূমি বা উপত্যকা। পাহাৰত নগা-কুকিসকলৰ প্ৰাধান্য, আনহাতে উপত্যকাত মেইটেইসকলৰ প্ৰাধান্য। নগা-কুকী মূলতঃ খ্ৰীষ্টান সমাজ আৰু মেইটেই হিন্দু। ৰাজ্যখনৰ মেইটেই সম্প্ৰদায়ৰ সংখ্যাগৰিষ্ঠতাৰ বাবে ৰাজ্যখনৰ ৰাজনীতিতো মেইটেই সম্প্ৰদায়ে অধিক প্ৰতিনিধিত্ব লাভ কৰে। নগা-কুকীয়ে উপত্যকাত মাটি কিনিব পাৰে কিন্তু মেইটেইয়ে পাহাৰীয়া অঞ্চলত মাটি কিনিব নোৱাৰে এনে বহু কাহিনী সংঘৰ্ষৰ আৰত বিদ্যমান হৈ আছে।
মণিপুৰৰ হিংসাৰ জ্বলন্ত জুইকুৰা এতিয়া যেন কমিছে । অৱশ্যে এই অগ্নিকাণ্ডই বহু প্ৰশ্ন অবতাৰনা কৰিছে । আতংক, ভয়, ভয়ত লাখ লাখ মানুহৰ চকুত পানীৰে ভৰি পৰিছে৷, যিটো হয়তো কেতিয়াও শেষ নহবলগীয়া ঘাঁ হৈ পৰিছে। ৩ মেৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিত ৬০ জনে প্ৰাণ হেৰুৱাব লগা হয়৷ ১৭০০ৰো অধিক ঘৰ জ্বলাই দিয়া হৈছিল। বৃহৎ সংখ্যক বাহন জ্বলাই দিয়া হল, প্ৰকৃত অৰ্থত মানৱ সভ্যতাৰ ওপৰত জংঘলৰ নিয়মেই প্ৰাধান্য পালে। বৰ্তমান সময়ত মণিপুৰৰ হাজাৰ হাজাৰ লোকে ঘৰ এৰি শৰণাৰ্থীৰ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে।