ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশত কংগ্ৰেছৰ নেতাৰ দুৰ্ব্যৱহাৰত এগৰাকী কৰ্তব্যৰত চিকিৎসকে নিজ কৰ্তব্যৰ পৰা কৰিলে পদত্যাগ । মধ্যপ্ৰদেশৰ ভূপালত সংঘটিত হৈছে এই ঘটনা । আনহাতে এই কংগ্ৰেছ নেতা গৰাকী হৈছে ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী পি চি শৰ্মা ।
ঘটনাৰ বিৱৰণী মতে, চিকিৎসালয় খনত এগৰাকী ৰোগীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কৰ্তব্যৰত চিকিৎসক গৰাকীক ধমকি দি মানসিকভাৱে অপদস্থ কৰিছিল । যাৰ বাবে ডাঃ যোগেন্দ্ৰ যাদৱ নামৰ চিকিৎসক গৰাকীয়ে মানসিকভাৱে অপদস্থ হৈ চাকৰি এৰি দিবলৈ বাধ্য হৈ পৰে ।
ইফালে চিকিৎসালয়ত মৃত্যু হোৱা ৰোগীৰ পৰিয়ালে চিকিৎসক-নাৰ্ছৰ ভূলৰ প্ৰতি অভিযোগ কৰি এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছিল ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা গৰাকীক । ইয়াৰোপৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য গুড্ডু চৌহানেও চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসক-নাৰ্ছক গালি গালাজ কৰাৰ লগতে ভাবুকিও প্ৰদান কৰিছিল ।
উল্লেখযোগ্য যে মৃত্যু হোৱা ৰোগী গৰাকীক শেষ মুহূৰ্তত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ৰোগী গৰাকীৰ এছ পি অ’ৰ পৰিমাণ কমি গৈ ৩৩ শতাংশ হোৱাত এই বিষয়ে ৰোগী গৰাকীৰ পৰিয়ালৰ লোকক জনাইছিল চিকিৎসালয় কৰ্তৃপক্ষই । আনহাতে চিকিৎসালয় খনত কভিডৰ ৰোগীৰে আই চি ইউ কোঠা ভৰি আছিল যাৰ বাবে ৰোগী গৰাকীক আই চি ইউ বিচনাত ৰাখিব পৰা নাছিল চিকিৎসালয় কৰ্তৃপক্ষই । কিন্তু তাৰ মাজতো চিকিৎসকে চিকিৎসা চলাই যদিও প্ৰায় দুঘন্টাৰ পিছত ৰোগী গৰাকীৰ মৃত্যুমুখত পৰে ।