পেৰিছ অলিম্পিকৰ পৰা ভাৰতলৈ আহিল ষষ্ঠটো পদক। মল্লযুঁজত অমন শ্বেহৰাৱাটে দেশলৈ আনিলে ব্ৰঞ্জৰ পদক। ৫৭কেজি শাখাত ভাৰতীয় মল্লযুজাঁৰুগৰাকীয়ে এই সফলতা লাভ কৰিছে। বৰ্তমানলৈ পেৰিছ অলিম্পিকত ভাৰতে এটা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।অমন শ্বেহৰাৱাটে এই পদক দখল কৰি আন এক ইতিহাস ৰচনা কৰিলে। ২০২৪ৰ অলিম্পিকত প্ৰথমবাৰ অলিম্পিকত প্ৰৱেশ কৰিয়েই পদক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈৰ খিতাপ দখল কৰিলে অমনে।
উল্লেখযোগ্য যে ২০০৮ চনৰ বেইজিং অলিম্পিকৰ পৰাই ধাৰাবাহিকভাৱে মল্লযুঁজত পদক অৰ্জন কৰি আহিছে ভাৰতে।
ঠিক তেনেদৰে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ২০১৬ৰ ৰিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক, ইয়াৰ পাছচতে ২০২৪ত পদক অৰ্জন কৰি অলিম্পিকৰ মল্লযুঁজত পদকৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিলে অমনে।