মহানগৰীত কৰণাৰ ভয়ংকৰ ৰূপ ২৪ ঘণ্টাত ১৯৫ জন আক্রান্ত ।
দেওবাৰৰ দিনটোত কৰণাৰ আক্ৰান্তৰ সংখ্যা মুঠ ৩২৭ জন ।
দৈনিক ক্ৰমাৎ বৃদ্ধি পাইছে কৰণাত আক্ৰান্তৰ সংখ্যা ।
বিশেষকৈ গুৱাহাটী মহানগৰীত অতি ভয়ংকৰ ৰূপ লৈছে কৰণা মহামাৰীয়ে । দেওবাৰৰ দিনটোত আক্রান্তৰ সংখ্যা আছিল মুঠ ৩২৭ ইয়াৰে ভিতৰত ১৯৫ জনেই গুৱাহাটী মহানগৰীৰ ।
আৰু এই কথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰিছে ।
উল্লেখযোগ্য যে গুৱাহাটীৰ আক্ৰান্ত সকলৰ ১২০ জনৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী ।
সৰ্বমুঠ এতিয়ালৈকে ৰাজ্যত কৰণাত আক্রান্ত হৈছে ৭৪৯২ জন লোক । ইয়াৰ ভিতৰত ২৩৯০জন বৰ্তমান চিকিৎসাধীন হৈ আছে, ৫০৮৮জন সুস্থ হৈ ঘৰলৈ উভতিছে আৰু ১১জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে কোৰোণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ঘোষণা কৰা লকডাউন
কঠোৰ ভাৱে পালন কৰাৰ বাবে নিৰ্দেশ দিছে ।