গুৱাহাটী, ২১ ছেপ্টেম্বৰ । সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব ভাৰতৰ পাহাৰ আৰু ভৈয়ামৰ সাংস্কৃতিক চেতনা চিত্ৰিত কৰা লোক সাংস্কৃতিমূলক অনুষ্ঠান ‘লোকমন্থন’ আজি ২২ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰলৈ বিস্তৃত কাৰ্য্যসূচীৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ (আই এফ এন ই)ৰ উদ্যোগত আৰু অসম পর্যটন উন্নয়ন নিগমৰ সহযোগিতাত অনুষ্ঠিত এই অনুষ্ঠানৰ আজি বুধবাৰে সন্ধিয়া শুভাৰম্ভ কৰে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ, ৰাজহুৱা উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই। আজিৰ আৰম্ভণি অনুষ্ঠানত মন্ত্ৰী বৰাৰ লগতে উপস্থিত থাকে মণিপুৰ ৰাজ্যসভাৰ সদস্য মহাৰাজা লেইচেম্বা চানাজাওবা আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্রমুখ তীৰ্থাংক দাস কলিতা। ৰাষ্ট্ৰৰ সমৃদ্ধ বৈচিত্ৰ্য প্ৰদৰ্শন কৰিবলগা তথা আলোচনাচক্ৰ, সাংস্কৃতিক অনুষ্ঠান আৰু প্ৰদৰ্শনী অনুষ্ঠিত হ’বলগা তিনিদিনীয়া অনুষ্ঠানটোৰ দ্বিতীয় দিনা ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
গুৱাহাটীত অনুষ্ঠিত লোকমন্থনঃ ২০২২ৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে ‘লোক পৰম্পৰা’ । আজি সাংস্কৃতিক অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ৰঙীন লোক-নৃত্যৰে আলোকিত হৈ উঠে। আজিৰ অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ ৰিখম পদ নৃত্য, অসমৰ বৰগীত, সত্ৰীয়া তথা বিহু নৃত্য, মণিপুৰৰ পুং ঢোল চলম আৰু থাংটা নৃত্য, মেঘালয়ৰ ৱাংগালা নৃত্য, মিজোৰামৰ চেৰাও নৃত্য, নাগালেণ্ডৰ আও যোদ্ধাৰ নৃত্য, চিকিমৰ চিংঘি চাম নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি নৃত্যকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উত্তৰ-পূবৰ প্ৰতিভাশালী শিল্পীসকলে উপস্থাপন কৰে। আনহাতে নিশাৰ ভাগলৈ অসমৰ জনপ্ৰিয় সংগীত আইকন শিল্পী নীল আকাশ, মণিপুৰৰ জনপ্ৰিয় লোক বেণ্ড মাংকা লাইহুই সাংস্কৃতিক সন্ধিয়া জীপাল কৰি তোলে।
একেদৰে এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ অইন প্ৰান্তৰ পৰাও বহু শিল্পী তথা অতিথি আহি গুৱাহাটীত ইতিমধ্যে উপস্থিত হৈছে। কাইলৈ অৰ্থাৎ ২২ ছেপ্তেম্বৰ তাৰিখে পুৱা ১০ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠানটোৰ এক উদ্বোধনী অধিৱেশনৰ আয়োজন কৰা হৈছে। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। লগতে ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব অসম আৰু নাগালেণ্ডৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত লগতে উপস্থিত থাকিব প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ্বায়ক জে নন্দকুমাৰ। কাইলৈ ২২ ছেপ্টেম্বৰত সাংস্কৃতিক অনুষ্ঠানত সমগ্ৰ ভাৰতৰ বিভিন্ন নৃত্য প্ৰকাৰ উপস্থাপন কৰা হ’ব। ইয়াৰ ভিতৰত কৰ্ণাটকৰ শিল্পীৰ যক্ষগান, জিঝোতি নৃত্যৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বৰ্ণাঢ্য সাংস্কৃতিক চিত্ৰ দাঙি ধৰিব শিল্পীসকলে। ইয়াৰ উপৰি নিশাৰ সাংস্কৃতিক অনুষ্ঠানত নাগালেণ্ডৰ প্ৰখ্যাত সংগীত ভগ্নী টেটচিও চিষ্টাৰ্ছ তথা জনপ্ৰিয় কন্ঠশিল্পী দিক্ষুৱে গীতৰ শৰাই আগবঢ়াব।