মাজুলীত পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন সন্মিলনত ডা: মোহন ভাগৱত ৷
সংঘৰ কাৰ্যকৰ্তাই দেশৰ বাবে জীৱন উৎসৰ্গা কৰে ৷
আমি সকলোৱে সমস্যা সম্পৰ্কে চৰ্চা কৰি থাকিব নালাগে ৷ সমস্যা চৰ্চাৰ সলনি ইয়াক কিদৰে সমাধান কৰিব পাৰি তাৰ প্ৰতি যত্নপৰ হোৱা উচিত ৷ মানুহৰ অনেক প্ৰকাৰৰ সমস্যা থাকে ৷ এই সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াই সত্যৰ সন্ধান কৰিব লাগে ৷ এই অভিমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা: মোহন ভাগৱতৰ ৷ সৰসংঘচালক মোহন ভাগৱতে দুদিয়া ভ্ৰমণ সূচী লৈ পৃথিৱীৰ বৃহৎ নদীদ্বীপ তথা সত্ৰ সংস্কৃতিৰ পীঠস্হান মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পন্হৰ ১১৪ গৰাকী সন্তৰ উপস্হিতিত ২৮ ডিচেম্বৰত অনুষ্ঠিত পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন -২০২৩ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি সন্ত সকলক উদ্দেশ্যি পুনৰ কয় যে, আমাৰ পন্হ বা উপাসনা পদ্ধতি পৃথক হলেও আমি সকলোৱে সনাতনী ৷ দৰ্শনৰ পথ কিছু পৃথক অথবা পথ বেলেগ বেলেগ হলেও লক্ষ্য কিন্তু একেটাই ৷ আমাৰ দেশ ভাৰতবৰ্ষৰ বিশেষত্বা এয়ে যে, পন্হ পৃথক হলেও আমি সকলোৱে মিলিজুলি থাকো ৷ যি দৰে পাহাৰ-পৰ্বত বগাবলৈ আমি বিভিন্ন পথেৰে গমন কৰিলেও লক্ষ্য এটাই যে পাহাৰ-পৰ্বতৰ শিখৰত আৰোহন কৰাটো বুলি মন্তব্য প্ৰকাশ কৰি তেখেতে কয় যে,ধৰ্ম প্ৰচাৰক সকলৰ ক্ষমতা বহুত,তেওলোকে সমাজ সলনি কৰি দিব পাৰে ৷ আনহাতে, প্ৰত্যেক মানুহৰ দৰে ৰাষ্ট্ৰৰো নিজস্ব স্বভাৱ থাকে ৷ ভাষা-সংস্কৃতি,পূজা পদ্ধতি, ভৌগলিক অৱস্হান, বাসস্হান,প্ৰকৃতি বেলেগ বেলেগ হলেও ভাৰতবৰ্ষ মানুহৰ স্বভাৱ একে আৰু এয়াই আমাৰ সংস্কৃতি বুলি মোহন ভাগৱতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ নিজ ধৰ্মৰ প্ৰতি নিষ্ঠা কম হলেহে মানুহ ধৰ্মান্তৰিত হয় বুলিও প্ৰকাশ কৰি আমাৰ সভ্যতা,সংস্কৃতি নৱ প্ৰজন্মৰ বাবে বিভিন্ন সামাজিক মাধ্যম,কাকত,আলোচনী আদিৰ জৰিয়তে প্ৰকাশ কৰিব লাগে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তাহানিতে অসমীয়া সমাজখনক একত্ৰিত কৰি থৈ গৈছে বুলিও মোহন ভাগৱতে প্ৰকাশ কৰে ৷ উল্লেখ্য,১৯৬৬ চনৰ পিছত অসমত এইবেলি পুৰ্বোত্তৰ সন্ত মণিকাঞ্চন সন্মিলন অনুষ্ঠিত হৈছে ৷ সন্মিলনত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী , আউনীআতি সত্ৰৰ সত্ৰাধিকাৰ ড: পীতাম্বৰ দেৱগোস্মামী , ত্ৰিপুৰাৰ মহন্ত গায়মুনি চিত্ত ৰঞ্জন মহাৰাজ, নাগাভূমিৰ জেলিয়াংৰং হৰক্কাৰ সম্পাদক মৌংটুইং জেম, কোকৰাঝাৰৰ বাথৌ সমাজৰ মুখপাত্ৰ চিবিৰাম বসুমতাৰীয়ৰ লগতে ডোনিপোলো য়েলাম,ইনি মেচেলু জিনু বিকাশ সমাজ, গাৰোবাদা,কাৰ্বি সমাজৰ লখিমন সংঘকে ধৰি বহু ধৰ্মীয় সমাজৰ ধৰ্মগুৰুৱে বক্তব্য প্ৰকাশ কৰে ৷ সন্মিলনত ৰাজ্যখনৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ, কাৰ্বি সমাজৰ লখিমন সংঘৰ ধৰ্মগুৰু, এক শৰণ ভাগৱতী সমাজ,নেপালী সমাজ, হৰেকৃষ্ণ, কৃষ্ণগুৰু সেৱাশ্ৰম, শিৱ সনাতন ধৰ্মগুৰু, ৰাম সনাতন ধৰ্মগুৰু, চেইম হিমা খাইৰিম, পূজাৰী, বৌদ্ধ গুৰু আদিকে ধৰি পন্হ,সম্প্ৰদায়ৰ সন্ত, ধৰ্মীয় গুৰু উপস্হিত থাকে ৷ আনহাতে, নেলী ৰাজ্যৰ ৰজা ৰামসিং দেওৰজা, চহৰী ৰাজ্যৰ ৰজা সুৰেন কোঁৱৰো উপস্হিত থাকে ৷ মাজুলী জিলাৰ সৰ্বাধিক ২৪ গৰাকী, তিনিচুকীয়া , শিৱসাগৰ, বিশ্বনাথ, তেজপুৰ, নগাঁও, গোৱালপাৰাৰ আৰু গাৰো পাহাৰৰ দুগৰাকীকৈ , যোৰহাট জিলা ,গোলাঘাট, মৰিগাঁও আৰু মনিপুৰৰ চাৰি গৰাকীকৈ , কার্বি আংলং, নাগাভুমি , ধেমাজী ,ডিব্ৰুগড় আৰু জয়ন্তীয়া জিলাৰ তিনি গৰাকীকৈ, লখিমপুৰ, কোকৰাঝাৰ আৰু অৰুণাচলৰ আঠ গৰাকীকৈ , দক্ষিণ কামৰূপ, চৰাইদেউ , কামৰূপ, বাক্সা, ধুবুৰী,চিলং আৰু ত্ৰিপুৰাৰ এগৰাকীকৈ , গুৱাহাটী আৰু বৰপেটা জিলাৰ পাঁচ গৰাকী ধৰ্মগুৰু সহ ১১৪ গৰাকী ধৰ্মগুৰুৱে অংশগ্ৰহণ কৰে ৷ আনহাতে, বিয়লি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা:মোহন ভাগৱতে মাজুলীৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ দৰ্শন কৰি সত্ৰাধিকাৰৰ সৈতে মত বিনিময় কৰে ৷ সন্ধিয়া সৰসংঘচালক গৰাকীয়ে শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত অনুষ্ঠিত এক সাংস্কৃতি অনুষ্ঠান উপভোগ কৰে ৷
আনহাতে, মাজুলী ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ২৯ ডিচেম্বৰৰ পুৱাৰ ভাগত ডাঃ মোহন ভাগৱত ঐতিহাসিক আউনীআটী সত্ৰত উপস্থিত হৈ সেৱা লয়। ইয়াৰ পিছতে আউনীআটী সত্ৰৰ অধিকাৰ চৰাত সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে ডাঃ ভাগৱতক আদৰণি জনোৱাৰ লগতে ঐতিহাসিক আউনীআটী সত্ৰ ঐতিহ্য সন্দৰ্ভত অৱগত কৰে। ইয়াৰ পিছতে সত্ৰৰ বৈষ্ণৱ সকলে মাটিৰ আখৰাকে আদি কৰি সত্ৰীয়া সাংস্কৃতিক কাৰ্যসূচী মোহন ভাগৱতৰ সন্মুখত প্ৰদৰ্শন কৰে। বিয়লি মাজুলীৰ গড়মূৰস্থিত মিনি ষ্টেডিয়ামত অনুষ্ঠিত লুইত-শোৱণশিৰী সমাৱেশত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱতে কয় যে “আমি কঠোৰ পৰিশ্ৰমেৰে স্বাধীনতা অৰ্জন কৰা স্বত্বেও, ভাৰতে ইয়াত “স্ব” বা আত্মত্ব বজাই ৰাখিবলৈ সক্ষম হৈছেনে? এটা প্ৰাসংগিক প্ৰশ্ন চিৰকালৰ বাবে প্ৰাসংগিক যে, আমাৰ মাজত দেশপ্ৰেম আৰু একতা অবিহনে, এক দীৰ্ঘম্যাদী স্বাধীনতা বিপদত পৰিব। আমাৰ ভাৰতৰ উন্নতি মানে আমেৰিকাৰ দৰে হোৱাটো নহয় আমাৰ ভাৰতক ভাৰত হিচাপে নিৰ্মাণ কৰা। আমি ভাৰতৰ সময়-পৰীক্ষিত আত্মত্বৰ ভিত্তিত আমাৰ দেশৰ বিকাশ কৰিব লাগিব,”- সৰসংঘচালক গৰাকীয়ে ভাষণ প্ৰসংগত পুনৰ কয় যে-আৰ এছ এছ গঠনৰ মুখ্য কাৰণ হৈছে আমাৰ সমাজক সংগঠিত কৰা, দেশপ্ৰেমত উদ্বুদ্ধ কৰা, আৰু আত্মজীৱী কৰি তোলাৰ দিশত জাগ্ৰত কৰা। -প্ৰজন্মগত প্ৰয়োজনীয়তাৰ ভিত্তিত পৰম্পৰাগত জ্ঞানৰ লগতে সময়সাপেক্ষ সমগ্ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জ্ঞান প্ৰাপ্তৰ ওপৰত আমি গুৰুত্ব দিব লাগিব বুলি তেখেতে উল্লেখ কৰে। তেখেতে একে সময়তে সতৰ্ক কৰি কয় যে, যোৱা কেইটামান শতিকাত বস্তুবাদী আকাংক্ষাৰ ওপৰত আধাৰিত বহু কাম-কাজৰ ফলত সমগ্র বিশ্ব বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈছে। অৱশ্যে, আমাৰ ভাৰতৰ আৰ্হিয়ে সমাজক সকলো দিশতে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ক্ষমতা প্ৰদান কৰে বুলিও উল্লেখ কৰে। এই সন্দৰ্ভত তেখেতে ইতিহাস সোঁৱৰাই দি কয় যে, প্ৰাচীন ভাৰতৰ হিন্দুকুশ পৰ্বতৰ পৰা আৰাকানলৈকে ভৌগোলিক ভূখণ্ডৰ বাবে আমি বাহ্যিক আক্ৰমণৰ পৰা সুৰক্ষিত। ভাৰতৰ আধ্যাত্মিক, শৈল্পিক আৰু ভৌতিক ভাৱে বিকাশৰ ক্ষেত্ৰত আমাৰ পূৰ্বপুৰুষসকলৰ যথেষ্ঠ অৱদান আছিল বুলি তেওঁ মন্তব্য কৰে। তদুপৰি, ভাৰতবৰ্ষৰ কৃষি পদ্ধতিৰ সন্দৰ্ভত ডা:মোহন ভাগৱতে কয় যে-ৰাসায়নিক সাৰৰ ওপৰত আধাৰিত কৃষি বিকাশৰ ফলত মানুহ ইয়াৰ পাৰ্শ্বক্ৰিয়াত আক্ৰান্ত হৈছে। গতিকে আমাৰ পৰম্পৰাগত কৃষি পদ্ধতি এতিয়া বিদেশেও অনুসৰণ কৰে বুলি উল্লেখ কৰে। তেখেতে মহাপুৰুষ শংকৰদেৱ আৰু লাচিত বৰফুকন আদিৰ দৰে আমাৰ মহান ব্যক্তি সকলে দেখুওৱা মহান পথঅনুসৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি পুনৰ কয়, এইটো এটা সাৰ্বজনীন সত্য যে আৰ এছ এছৰ নিয়মীয়া অনুশীলনৰ দ্বাৰা, মহান গুণবোৰ অভ্যাসত পৰিণত হয়। বিশ্বকল্যাণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ এক শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ বাবে উক্ত ভাল অভ্যাসবোৰ এদিন সংগঠিত প্ৰচেষ্টালৈ ৰূপান্তৰিত হব। এদিন এই সংগঠিত প্ৰচেষ্টাটো এটা ডাঙৰ পৰিয়ালৰ ভ্ৰাতৃত্বপূৰ্ণ মনোভাৱৰ সৈতে সংযুক্ত হ’ব। মহান ভাৰতীয় সংস্কৃতিয়ে আমাক “দুয়োখন হাতেৰে উপাৰ্জন কৰিবলৈ কৈছে যদিও কিন্তু হাজাৰ হাতেৰে অৱদান দিবলৈ” শিকায়। উপনিষদেও আমাক এই কথাকেই শিকায়। ভাৰতৰ বাহিৰৰ মানুহে এই মহান মূল্যবোধবোৰক হিন্দুত্ব হিচাপে স্বীকৃতি দিছে। সৰসংঘচলক ডা০ মোহন ভাগৱতে আৰু কয় যে আমি সকলো হিন্দু। এইখন হিন্দু ৰাষ্ট্ৰ। সকলো ধৰ্মকে সন্মান জনোৱাটোৱেই হিন্দুত্ব। পৃথিৱীৰ মানুহে ধৰ্মনিৰপেক্ষতাৰ ওপৰত জোৰেৰে কথা কয় কিন্তু ধৰ্ম নিৰপেক্ষ বাহিৰৰ শব্দ। আমাৰ ইয়াৰ প্ৰয়োজন নাই। আমি আগৰে পৰাই চেকুলাৰ। আমাৰ ৰাষ্ট্ৰক উৎকৃষ্ট ৰাষ্ট্ৰ তৈয়াৰ কৰিবলৈ আমি কাম কৰি আছোঁ। সমাজৰ সমৰ্থন লৈ আমি শক্তি নেদেখাও। আমি সকলোৰে বাবে কাম কৰোঁ বুলি উল্লেখ কৰে। তেখেতে আৰু কয় যে সংঘই কেৱল বিশ্বকল্যাণৰ এক সঁজুলি হ’ব বিচাৰে, সমাজত এটা পৃথক গোট সৃষ্টি কৰি নহয়, কিন্তু আমাৰ ব্যক্তিগত স্বাৰ্থপৰ মনোভাৱক এৰি আমাৰ সমগ্ৰ সমাজক একত্ৰিত কৰি সংগঠিত কৰোঁ বুলি উল্লেখ কৰে। তেখেতে মাজুলীৰ বাতাবৰণ, সাংস্কৃতিক পৰম্পৰা, সংস্কাৰ আদিত অভিভূত হোৱা বুলি উল্লেখ কৰাৰ লগতে মাজুলীলৈ আহিবলৈ পোৱাটো মন্যুষ্যৰ বাবে পূণ্যৰ কাম বুলি উল্লেখ কৰে। সমাৱেশৰ প্ৰথমে ধ্বজ উত্তোলনৰ পিছতেই প্ৰাৰ্থনা আৰু স্বয়ং সেৱন সকলে প্ৰদৰ্শন কৰা শাৰীৰিক কাৰ্যসূচী সংঘ পৰিচালক গৰাকীয়ে উপভোগ কৰাৰ পিছতেই তেওঁ সমাৱেশ সম্বোধন কৰে। সমাৱেশত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘচালক ডাঃ উমেশ চক্ৰৱৰ্তী, উত্তৰ অসম প্ৰান্তৰ সংঘচালক ডাঃ ভূপেশ শৰ্মাৰ লগতে মাজুলী জিলাৰ সংঘচালক দ্বীপন হাজৰিকাও উপস্থিত থাকে। দুদিনীয়া মাজুলী ভ্ৰমণ সামৰি সৰসংঘচালক গৰাকীয়ে সিদিনা নিশা ডিব্ৰুগড়ত উপস্হিত হয় ৷