সত্ৰনগৰী মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসানে শোকৰ ছাঁ পেলাইছে ৰাজ্যত। কেইবা দশক ধৰি মাজুলীৰ আধ্যাত্মিক জীৱন, সমাজ জীৱন, জাতীয় জীৱন সমৃদ্ধ কৰা ‘ভৱ গোঁসাই’ৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷
আজি পুৱা জি এম চি এইচত বৈকুণ্ঠ প্ৰয়াণ ঘটে সত্ৰাধিকাৰগৰাকীৰ। মৃত্যুৰ সময়ত সত্রাধিকাৰজনৰ বয়স আছিল ৮৫ বছৰ। ১৯৮৬ চনৰে পৰা সত্রাধিকাৰ আসন অলংকৃত কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে। আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত শোকৰ ছা পৰিছে মাজুলীৰ লগতে ৰাজ্যত।