প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত ৪৬ বছৰৰ অন্তত দেওবাৰে ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ‘‘ৰত্ন ভাণ্ডাৰ’’ মুকলি কৰা হয় ৷ ৰত্নভাণ্ডাৰ তত্বাৱধান সমিতিৰ অধ্যক্ষ ন্যায়াধীশ বিশ্বনাথ ৰথে এই কথা সদৰী কৰিছে ৷ বহু প্ৰস্তুতিৰ অন্তত বিশ্বনাথ ৰথৰ নেতৃত্বত ১১ জনীয়া উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ এটা দলে প্ৰথমে মন্দিৰত প্ৰৱেশ কৰি ‘‘ৰত্ন ভাণ্ডাৰ’’ মুকলি কৰে।
চাৰি ধামসমূহৰ ভিতৰত অন্যতম জগন্নাথ মন্দিৰ দ্বাদশ শতিকাত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰত থকা ৰত্ন ভাণ্ডাৰত জগন্নাথ মন্দিৰৰ তিনি দেৱতা জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ গহণা পাতি ৰখা হয়।
উল্লেখযোগ্য যে ১৯৮৫ চনৰ শেষবাৰৰ বাবে মুকলি কৰা হৈছিল ৰত্ন ভাণ্ডাৰ। তেতিয়াৰ পৰাই বন্ধ হৈ আছিল ৰত্ন ভাণ্ডাৰৰ দুৱাৰ ৷ ১৯৮৫চনৰ পৰা এতিয়ালৈকে এই ৰত্ন ভাণ্ডাৰত কিমান কি মূল্য়বান সামগ্ৰী আছে সেই বিষয়ে সঠিককৈ কোনোৱে কব নোৱাৰে ৷
এই ভাণ্ডাৰত থকা মূল্যবান সামগ্ৰীৰ শেষ তালিকাখন ১৯৭৮ চনত তৈয়াৰ কৰা হৈছিল। এই তালিকাখন প্ৰস্তুত কৰোতে লাগিছিল সম্পূৰ্ণ ৭০ দিন। ।
উল্লেখযোগ্য যে ২০২১ চনত তেতিয়াৰ আইন মন্ত্ৰী প্ৰতাপ জেনাই বিধানসভাত এই ৰত্ন ভাণ্ডাৰত ১২,৮৩১ টুকুৰা সোণ আৰু অন্যান্য বহুমূলীয়া ধাতু আৰু ২২,১৫৩ টুকুৰা ৰূপ পোৱা গৈছিল বুলি উল্লেখ কৰিছিল।