
মেঘালয়ৰ চৰকাৰী চাকৰিয়াল সকলৰ বাবে সুখবৰ-ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিয়াল সকলৰ মে মাহৰ বেতন কৰ্তন নকৰাৰ বুধবাৰে সিদ্ধান্ত গ্ৰহন কৰে।
এই মে মাহৰ বেতন জুন মাহত দিব বুলি জানিব দিয়ে।দেশ জুৰি চলি থকা COVID-19ৰ বাবে বাহাল থকা লক ডাউন আৰু অপ্ৰত্যাশিত অৰ্থনৈতিক দুৰ্য্যোগৰ বাবে,ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ দৰমহা কৰ্তন কৰা হৈছিল বুলি মেঘালয়ৰ মূখ্যমন্ত্রী কনৰাড চাংমাই এখন প্ৰেছ মেলৰ দ্বাৰা জানিব দিছে।মূখ্যমন্ত্রী জানিব দিয়ে যে কেন্দ্ৰ চৰকাৰ ৰাজহ ৰাজ্য চৰকাৰৰ হাতত নহা বাবে এপ্ৰিল মাহৰ দৰমহা কৰ্তন কৰিব লগা হৈছিল।
কেন্দ্ৰ চৰকাৰে Tax বিতৰণৰ প্ৰক্ৰিয়াটো আৰু দৃতাৰ উপৰত লক্ষ্য ৰাখি মে মাহৰ বেতন কৰ্তন নকৰাৰ সিদ্ধন্ত লোৱা হৈছে।
এনেকোৱা এটা পৰিৱেশৰ সম্ভাৱনা থকা বুলি ৰাজ্য চৰকাৰে জানিব দিয়ে যে কেন্দ্ৰ চৰকাৰ ৰাজ্যবোৰক বিতৰন কৰাৰ পৰিমানৰ তাৰতম্য ঘটিব পাৰে।এই কথা লক্ষ্য,কেন্দ্ৰ পৰা গ্ৰহণ কৰা আৰ্থিক সাহায্যৰ পৰিমাণ আমি যিটো হিচাপত কমিব বুলি আশা কৰিছিলো তেনেকোৱা ধৰণৰ পৰিবৰ্তন পৰিলক্ষিত নহল।যোৱা মাহৰ দ্বৰে,এই মাহত সাহায্যৰ পৰিমাণ তলৰ ফালে নগল বুলি কনৰাড চাংমাই জানিব দিছে।
তেওঁ আৰু জানিব দিয়ে যে,ৰাজ্য চৰকাৰে যি এনে পৰিবৰ্তিত পৰিৱেশতও নিজৰ ষ্টক ৰ তাৰতম্য সঠিক ৰখাৰ প্ৰয়াসত আছে।চাংমাই জানিব দিয়া মতে ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ এই মাহত ভবাতকে বেছি কম সংগ্ৰহ হোৱা বুলি জানিব দিছে।তেওঁ জানিব দিয়া মতে,অৰ্থনৈতিক ব্যৱধান অাতৰাৰ লগতে আহি থকা সময়ত ৰাজহ সংগ্ৰহ সঠিক হব।
COVID-19ৰ বাবে যুজিবলৈ,স্বাস্হ্য গত যথেষ্ঠ্য ৰাজহ পৰিমাণ প্ৰয়গ কৰা হৈছে।এই সকলো অসুবিধাৰ বাবে ৰজ্য চৰকাৰে চাকৰিয়াল বোৰক দৰমহা দিব পৰা হোৱা নাছিল বুলি অবগত কৰে আৰু অহা মে মাহৰ বেতন জুন মাহত দিয়া হ’ব বুলি জানিব দিয়ে।